প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে মিলি ২০২৩ৰ ১ ডিচেম্বৰত ডুবাইত চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিটছ প্ৰগ্ৰেম’ সন্দৰ্ভত উচ্চ-পৰ্য্যায়ৰ অনুষ্ঠানৰ সহ-আয়োজন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম উলফ ক্ৰীষ্টাৰছন, মোজাম্বিকৰ ৰাষ্ট্ৰপতি মহামহিম ফিলিপে নিউছি আৰু ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ মহামহিম চাৰ্লছ মিচেলে।

প্ৰধানমন্ত্ৰীয়ে সকলো ৰাষ্ট্ৰকে এই পদক্ষেপত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।


জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি হিচাপে, স্বেচ্ছামূলক গ্ৰহ সমৰ্থক কাৰ্য্যক প্ৰোৎসাহিতকৰণৰ ব্যৱস্থা হিচাপে গ্ৰীন ক্ৰেডিট পদক্ষেপৰ চিন্তা কৰা হৈছে। ইয়াত আৱৰ্জনা/অৱক্ষয়িত ভূমি আৰু নদী, জলাশয় অঞ্চলত বাগিচাৰ বাবে গ্ৰীন ক্ৰেডিটৰ পৰিকল্পনা কৰা হৈছে, যাতে প্ৰাকৃতিক পৰিবেশ ব্যৱস্থা সজীৱ আৰু পুনৰুজ্জীৱিত হৈ উঠে।


ইয়াতে এটা ৱেব প্লেটফৰ্মো মুকলি কৰা হয়। ই পৰিবেশ-অনুকূল কাৰ্য্যক প্ৰোৎসাহিত কৰা নীতি আৰু উত্তম পদ্ধতিৰ ভঁৰাল হিচাপে কাম কৰিব (https://ggci-world.in/)।

এই বৈশ্বিক পদক্ষেপৰ লক্ষ্য হৈছে পৰিবেশৰ ইতিবাচক কাৰ্য্যসমূহৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণৰ ক্ষেত্ৰত জ্ঞান, অভিজ্ঞতা আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদানৰ জৰিয়তে বৈশ্বিক সহযোগিতা, সমন্বয় আৰু অংশীদাৰিত্ব প্ৰশস্ত কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride