প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউ এ ইৰ প্ৰধানমন্ত্ৰী আৰু আবু ধাবিৰ ৰাজকুমাৰ তথা ইউ এ ইৰ সেনাবাহিনীৰ মাননীয় সহ-মুৰব্বী শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ উপস্থিতিত প্ৰেছিডেন্সিয়েল পেলেচত ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰত আৰু ইউ এ ইৰ চৰকাৰৰ মাজত পাঁচখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চূক্তি স্বাক্ষৰিত হয়। বুজাবুজিৰ চূক্তিসমূহ শক্তি, ৰে’ল, মানৱ শক্তি তথা বিত্তীয় সেৱাখণ্ডৰ লগত জড়িত।
ইণ্ডিয়ান কনচৰ্টিয়াম (অ’ ভি এল, বি পি আৰ এল আৰু আই অ’ চি এল) আৰু আবু ধাবি ৰাষ্ট্ৰীয় তেল সংস্থা (এ ডি এন অ’ চি)ৰ মাজত নামনি জাকুম কনচেশ্যনত ১০% তেল সংগ্ৰহৰ বাবে এখন বুজাবুজিৰ চূক্তি স্বাক্ষৰিত হয়। এই কনচেশ্যন ২০১৮ চনৰ পৰা ২০৫৭ চনলৈকে ৪০ বছৰৰ বাবে কাৰ্যকৰী হ’ব আৰু আবু ধাবি ৰাষ্ট্ৰীয় তেল সংস্থাই ৬০% তেল সংগ্ৰহ কৰাৰ বিপৰীতে বাকী ৩০% তেল সংগ্ৰহ কৰাৰ অধিকাৰ অন্য আন্তঃৰাষ্ট্ৰীয় তেল কোম্পানীক প্ৰদান কৰিব। পৰম্পৰাগত ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্কৰ উৰ্দ্ধত দীৰ্ঘদিনীয়া বিনিয়োগকাৰীৰ সম্পৰ্ক গঢ়ি তোলা ইউ এ ইৰ উচ্চস্তৰৰ তেল খণ্ডত এয়া ভাৰতৰ প্ৰথম বিনিয়োগ।

মানৱ শক্তিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ বাবে ভাৰত আৰু ইউ এ ইৰ চৰকাৰৰ মাজত ইউ এ ইত ভাৰতীয় লোকৰ বাবে আনুষ্ঠানিক আৰু যুটীয়া প্ৰশাসনৰ যোগেদি অস্থায়ী নিয়োগ সৃষ্টি কৰিবৰ বাবে এখন বুজাবুজিৰ চূক্তি স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চূক্তিৰ অধীনত দুয়োপক্ষই নিজৰ নিজৰ শ্ৰমিকৰ সুবিধাৰ বাবে ই-মঞ্চৰ যোগেদি সংহতভাৱে শিক্ষা আৰু সজাগতাৰ দিহা কৰাৰ লগতে ইতিমধ্য চলি থকা সৰবৰাহ ৰোধ কৰিব।

ভাৰতীয় ৰে’ল মন্ত্ৰালয় আৰু আবু ধাবিৰ ফেডাৰেল ট্ৰান্সপোৰ্ট অথৰিটি – লেণ্ড এণ্ড মেৰিটাইমৰ মাজত প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চূক্তি স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চূক্তিৰ অধীনত ৰে’ল আন্তঃগাঁথনিৰ ক্ষেত্ৰত সহযোগিতাৰ আশা কৰা হৈছে। এই বুজাবুজিৰ চূক্তিয়ে যুটীয়া প্ৰকল্প, জ্ঞানৰ আদান-প্ৰদান, যুটীয়া গৱেষণা আৰু প্ৰযুক্তিৰ সাল-সলনিৰ ক্ষেত্ৰত সহায় কৰিব। এই বুজাবুজিৰ চূক্তিয়ে সহযোগিতা প্ৰক্ৰিয়াক আনুষ্ঠানিকতা প্ৰদান কৰি যুটীয়া কৰ্মীগোট গঠনত সহায় কৰিব।
বিত্তীয় ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰি তুলিবৰ বাবে বম্বে’ ষ্টক এক্সেঞ্জ আৰু আবু ধাবি ছিকিউৰিটিজ এক্সেঞ্জৰ মাজত এখন বুজাবুজিৰ চূক্তি স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চূক্তিৰ অধীনত দুয়োখন দেশৰ বিত্তীয় সেৱা উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই বুজাবুজিৰ চূক্তিয়ে তথ্যৰ আদান-প্ৰদান তথা দুয়োখন দেশৰ লাভ হোৱাকৈ বিশেষজ্ঞ আৰু প্ৰশিক্ষণৰ আদান-প্ৰদানত সহায় কৰিব। এই বুজাবুজিৰ চূক্তিৰ অধীনত দুয়োখন দেশৰ বিনিয়োগকাৰীয়ে বিত্তীয় বজাৰত বিনিয়োগৰ সুবিধা পাব। জম্মুত বিশেষ গোদামৰ সুবিধা থকা এক বহু-আৰ্হিক পাৰ্ক আৰু কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰ আৰু ডি পি ৱৰ্ল্ডৰ মাজতো এখন বুজাবুজিৰ চূক্তি স্বাক্ষৰিত হয়।


