ভাৰতে অভিলেখ সংখ্যক পদক লাভ কৰা কথাই আমাৰ হৃদয় আনন্দৰে ভৰাই তুলিছে : প্ৰধানমন্ত্ৰী
জাপনৰ চৰকাৰ আৰু নাগৰিকসকলক তেওঁলোকে আগবঢ়োৱা আতিথ্যৰ বাবে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতীয় ত্ৰীড়া ইতিহাসত টকিঅ’ পেৰালিম্পিকে সদায়ে এই বিশেষ স্থান লাভ কৰি থাকিব বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দেশৰ পৰা যোৱা খেলুৱৈ দলটোৰ প্ৰতিগৰাকী সদস্যকে চেম্পিয়ণ বুলি অভহিত কৰাৰ লগতে তেওঁলোক আটায়ে অনুপ্ৰেৰণাৰ উত্স বুলিও উল্লেখ কৰে।

তেওঁ খেলুৱৈসকলক নিৰন্তৰ সহযোগিতা আগবঢ়াই থকাৰ বাবে প্ৰশিক্ষক, সহযোগী কৰ্মী তথা পৰিয়ালবৰ্গৰ শলাগ লয়। ইফালে, জাপনৰ চৰকাৰ আৰু নাগৰিকসকল, বিশেষকৈ টকিঅ’বাসীয়ে  আগবঢ়োৱা ব্যতিক্ৰমী আতিথ্যৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ইয়াৰ জৰিয়তে জাপানীসকলে অলিম্পিক ভাৱনকে বিস্তিৰিত কৰিলে বুলিও অনুভৱ প্ৰকাশ কৰে।

এই সন্দৰ্ভত প্ৰকাশিত এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতীয় ক্ৰীড়া ইতিহাসত টকিঅ’ #পেৰালিম্পিকে সদায়ে বিশেষ স্থান দখল কৰি থাকিব। প্ৰতিগৰাকী ভাৰতীয়ৰ স্মৃতিত এই ক্ৰীড়া ভাস্বত হৈ ৰোৱাৰ লগতে বহু প্ৰজন্মক খেলত আত্মনিয়োগ কৰাৰ বাবে উচাহিত কৰি ৰাখিব।

ভাৰতে অভিলেখ সংখ্যক পদক লাভ কৰা কথাই আমাৰ হৃদয় আনন্দৰে ভৰাই তুলিছে। মই খেলুৱৈসকলক নিৰন্তৰ সহযোগিতা আগবঢ়াই থকাৰ বাবে প্ৰশিক্ষক, সহযোগী কৰ্মী তথা পৰিয়ালবৰ্গৰ শলাগ ল’ব বিচাৰিছো। আমাৰ সাফল্যই খেলত অধিক সংখ্যকৰ অংশগ্ৰহণ নিশ্চিত কৰিব বুলিও আমি আশা কৰিব পাৰো।

মই আগতে কোৱাৰ দৰে, জাপানৰ নাগৰিক, বিশেষকৈ টকিঅ’বাসী তথা জাপান চৰকাৰক তেওঁলোকে আগবঢ়োৱা ব্যতিক্ৰমী আতিথ্য, অলিম্পিকৰ জৰিয়তে বিস্তাৰিত ৰূপত সহণশীলতা আৰু অতিকে প্ৰয়োজনীয় একাত্মবোধৰ বাৰ্তা বিস্তাৰিত কৰাৰ বাবে গ্ৰহণ কৰা দৃষ্টভংগীৰ বাবে আমি শলাগ ল’বই লাগিব”।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister thanks President Emmanuel Macron for Holi greetings
March 04, 2026

The Prime Minister, Shri Narendra Modi, today thanked the President of the French Republic, H.E. Emmanuel Macron, for his Holi greetings.

Responding to the X post of French President about Holi Greetings, Shri Modi posted on X;

“बहुत-बहुत धन्यवाद, मेरे मित्र!

होली के पावन अवसर पर आपको और फ्रांस के लोगों को ढेर सारी खुशियां और समृद्धि की हार्दिक शुभकामनाएं।”