ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) ২০২৩ বেটচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৩ বেটচত ১৫ খন ভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থী আছে।

বিষয়া প্ৰশিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত বৈদেশিক নীতিৰ সফলতাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ আগন্তুক নতুন নিযুক্তি সন্দৰ্ভত তেখেতৰপৰা পৰামৰ্শ তথা পথ-প্ৰদৰ্শন কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় কয় যে তেওঁলোকে সদায় গৌৰৱ আৰু মৰ্য্যাদা সহকাৰে দেশৰ সংস্কৃতি মনৰ মাজত লৈ ফুৰিব লাগে আৰু তেওঁলোকে নিযুক্তি লাভ কৰা স্থানত ইয়াক প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিব লাগে। তেখেতে ব্যক্তিগত আচৰণকে প্ৰমুখ্য কৰি জীৱনৰ সকলো ক্ষেত্ৰতে ঔপনিৱেশিক মানসিকতা পৰিহাৰেৰে দেশৰ গৌৰৱান্বিত প্ৰতিনিধি হিচাপে নিজকে প্ৰকাশৰ কথা কয়।

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ মঞ্চত দেশৰ প্ৰতি থকা ধাৰণা কেনেদৰে সলনি হৈছে, সেই সম্পৰ্কেও আলোচনা কৰে। তেখেতে কয় যে এতিয়া আমি বিশ্বৰ সৈতে সমানে, পাৰস্পৰিক সন্মান আৰু মৰ্য্যাদা সহকাৰে জড়িত হৈছোঁ। তেখেতে আন-আন ৰাষ্ট্ৰৰ তুলনাত ভাৰতে ক’ভিড মহামাৰীৰ সৈতে কেনেদৰে মোকাবিলা কৰিছিল, সেই সম্পৰ্কে কয়। তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্যৰে দেশখন অগ্ৰসৰ হোৱাৰ কথাও তেখেতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিষয়া প্ৰশিক্ষাৰ্থীসকলক বহিঃৰাষ্ট্ৰত দায়িত্ব পালনৰ সময়ত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বৃদ্ধি কৰিবলৈয়ো পৰামৰ্শ আগবঢ়ায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch