প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষণাধীন বিষয়াসকলৰ সৈতে মুকলিভাৱে আৰু অনানুষ্ঠানিক বাৰ্তালাপত মিলিত হয়

ভাৰতীয় বৈদেশিক সেৱাৰ (আইএফএছ) ২০২১ বেটছৰ প্ৰশিক্ষণাধীন বিষয়াসকলে আজি ৭, লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

কোনোধৰণৰ আনুষ্ঠানিকতা অবিহনে মুকলি বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থীসকলক এই সেৱাত যোগদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকে এতিয়া বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সেৱাত যোগদান কৰাৰ কাৰণ সন্দৰ্ভতো আলোচনা কৰে।

২০২৩ বৰ্ষটো আন্তৰ্জাতিক বাজৰা বৰ্ষ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কিদৰে বাজৰাক আৰু অধিক জনপ্ৰিয় কৰি তুলিব পাৰি যাতে আমাৰ কৃষকসকল উপকৃত হ'ব পাৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰে । বাজৰা কিমান পৰিৱেশ অনুকূল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ উপকাৰিতা সম্পৰ্কেও তেওঁ আলোচনা কৰে। তেওঁ এলআইএফই (পৰিৱেশৰ বাবে জীৱন যাপন) প্ৰসংগত আলোচনা কৰে আৰু পৰিৱেশক লাভান্বিত কৰিবলৈ এজন মানুহে কেনেদৰে নিজৰ জীৱনশৈলীত সৰু সৰু পৰিৱৰ্তন আনিব পাৰে তাৰ বিষয়েও আলোচনা কৰে। প্ৰশিক্ষণাধীন বিষয়াসকলে এই বছৰৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা পঞ্চ প্ৰাণৰ বিষয়ে আলোচনা কৰে আৰু এই লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকে কিদৰে অৰিহণা যোগাব পাৰে সেই দিশসমূহ দাঙি ধৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থীসকলক পৰৱৰ্তী ২৫ বছৰৰ বাবে দীৰ্ঘম্যাদী চিন্তা আৰু পৰিকল্পনা কৰিবলৈ আহ্বান জনায় আৰু এই সময়ছোৱাত তেওঁলোকে কেনেদৰে নিজকে গঢ়ি তুলিব পাৰে আৰু দেশৰ বিকাশৰ বাবে ব্যৱহাৰযোগ্য হ'ব পাৰে সেই বিষয়ে আলোকপাত কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India