মহাত্মা গান্ধী তেওঁৰ জীৱনকালৰ দৰেই এতিয়াৰ সময়তো প্ৰাসংগিক হৈ আছে বুলি মই বিশ্বাস কৰোঃ শ্ৰী নৰেন্দ্ৰ মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছত শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ আদৰ্শ, চিন্তাধাৰা আৰু শিক্ষণসমূহ তেওঁৰ ভাষণৰ জৰিয়তে দেশ আৰু বিদেশত প্ৰচাৰ কৰাটো নিশ্চিত কৰিছিল৷

২০১৯ চনৰ ৩০ জানুৱাৰী তাৰিখে দেশলৈ ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক উচৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰকৰ স্বাধীনতা যুদ্ধৰ শক্তি আৰু সাহস পুনৰ জগাই তুলিলে৷ এই স্মাৰকত মহাত্মা গান্ধী আৰু তেওঁৰ ৮০জন সহযোগীয়ে দাণ্ডীলৈ কৰা যাত্ৰাক প্ৰতিফলিত কৰা হৈছে৷

মহাত্মা গান্ধীৰ ঐতিহ্যক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই লোণ সত্যাগ্ৰহ স্মাৰক আন এক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

শ্ৰী নৰেন্দ্ৰ মোদীৰ পোষিত প্ৰকল্প স্বচ্ছ ভাৰত অভিযান মহাত্মা গান্ধীৰ শিক্ষণৰ দ্বাৰা প্ৰণোদিত আৰু এয়া নতুন দিল্লীত ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে মুকলি কৰা হৈছিল৷ এই আঁচনি মুকলি কৰি তেওঁ কৈছিল, ‘‘২০১৯ বৰ্ষত মহাত্মা গান্ধীৰ ১৫০তম জন্ম বাৰ্ষিকীত স্বচ্ছ ভাৰতেই হ’ব উপযুক্ত শ্ৰদ্ধাঞ্জলি৷’’

শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ যে তেওঁৰ নেতৃত্বতেই স্বচ্ছতাই এক জন আন্দোলনৰ ৰূপ পাইছে ৷ যিদৰে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনে জন আন্দোলনৰ ৰূপ লাভ কৰিছিল৷ যোৱা চাৰে চাৰি বছৰত এই আঁচনি ভাৰতৰ চুকে-কোণে প্ৰসাৰিত হৈছে৷ ইয়াৰ দ্বাৰা সাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধি পাইছে৷ ৰাজ্যসমূহ মুকলি স্থানত কৰা মলত্যাগ মুক্ত হৈছে আৰু ভাৰত ১০০ শতাংশ গ্ৰামীণ অনাময় ব্যাপ্তিৰ দিশত অগ্ৰসৰ হৈছে৷

https://twitter.com/narendramodi/status/973583560308293632

 

স্বাধীনতা যুদ্ধৰ সময়ত মহাত্মা গান্ধীয়ে খাদীক জনপ্ৰিয় কৰি তুলিছিল৷ প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ ইয়াক তেওঁৰ ভাষণৰ জৰিয়তে উজ্জীৱিত কৰি তুলিছে৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ কাৰ্যসূচীৰ জৰিয়তে খাদীৰ বিষয়ে উল্লেখ কৰি খাদী তথা কুটীৰ উদ্যোগৰ পুনৰীজ্জিৱীতৰ বিষয়ে গুৰুত্ব প্ৰদান কৰিছে৷ শ্ৰী নৰেন্দ্ৰ মোদীৰ এই পদক্ষেপৰ দ্বাৰা খাদী সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে৷

 

 

মহাত্মা গান্ধীৰ ১৫০তম জন্ম বাৰ্ষিকী দুই বছৰলৈ পালন কৰা হ’ব য’ত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব৷ মহাত্মা গান্ধীৰ বীক্ষণ স্মৰণ কৰিবলৈ ২০১৮ চনত ২৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ নতুন দিল্লীত মহাত্মা গান্ধী আন্তৰ্জাতিক অনাময় সন্মিলন (এমজিআইএছচি) অনুষ্ঠিত কৰা হৈছিল৷ এই চাৰিদিনীয়া কাৰ্যসূচীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মন্ত্ৰী, অনাময় ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল আৰু নিজৰ অভিজ্ঞতা বিনিময় কৰিছিল৷

 

মহাত্মা গান্ধীৰ প্ৰিয় ভজন ‘‘বৈষ্ণৱ জন তো’’ ১২৪খন দেশৰ শিল্পীয়ে পৰিৱেশন কৰিছিল৷ এই প্ৰকল্পৰ দ্বাৰা ভাৰতীয় ভজনক বিশ্বজনীন কৰা হৈছিল৷

মহাত্মা গান্ধীয়ে আহমেদাবাদত স্থাপন কৰা সবৰমতী আশ্ৰমক শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ৰাজনীতিৰ সন্মুখলৈ লৈ আনিছিল৷ তেওঁৰ উপস্থিতিত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আদিৰ দৰে প্ৰসিদ্ধ নেতাসকলে সবৰমতী আশ্ৰম পৰিদৰ্শন কৰিছিল আৰু মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছিল৷ তাৰোপৰি সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাটো চীনৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ জীৱনৰ এক ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিছিল৷ তাৰোপৰি প্ৰধানমন্ত্ৰী আৰু বিভিন্ন বিশ্ব নেতাই যঁতৰৰ সৈতে তোলা আলোকচিত্ৰই যঁতৰক মহাত্মা গান্ধীয়ে আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা পৰিঘটনাক পুনৰ সোঁৱৰণ কৰাত সহায় কৰিছিল৷

 

 

 

ব্ৰিছবেনৰ পৰা হেন’ভাৰ তথা আশগাবাটলৈ প্ৰধানমন্ত্ৰীয়ে বাপুৰ বিভিন্ন মুৰ্তি মুকলি কৰি সমগ্ৰ বিশ্বতে মহাত্মাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিছে৷ https://twitter.com/narendramodi/status/533948745717526528

২০১৮ চনত ৰাজকোটক আলফ্ৰেড হাইস্কুলত মহাত্মা গান্ধীৰ এক সংগ্ৰহালয় স্থাপন কৰা হৈছিল৷ এই বিদ্যালয়খনৰ পৰাই মহাত্মা গান্ধীয়ে ১৮৮৭ চনত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ চিন্তাধাৰা প্ৰণয়ন কৰি একবিংশ শতিকাতো তেওঁৰ আদৰ্শ কিদৰে প্ৰাসংগিক হৈ আছে সেয়া প্ৰদৰ্শিত কৰিছে৷ নতুন ভাৰত সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ শিক্ষণ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছে৷ তেওঁৰ কাৰ্যত মহাত্মা গান্ধীৰ আদৰ্শ আৰু মূল্যবোধ ফুটি উঠিছে৷

২ অক্টোবৰ ২০১৮ তাৰিখে শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ব্ল’গত লিখা ভাষ্যত বাপুজীৰ ঐতিহ্য প্ৰতিফলিত হৈছে৷ তেওঁ লিখিছে, ‘‘ভাৰত বৈচিত্ৰতাৰ দেশ৷ যদি এজন ব্যক্তিয়ে সকলোকে একত্ৰিত কৰিব পাৰে, জনতাক বৈষম্যৰ ঊৰ্ধলৈ নিব পাৰে, ঔপনিৱেশকতাবাদৰ বিৰুদ্ধে যুঁজিব পাৰে আৰু ভাৰতক বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰে, তেন্তে সেই ব্যক্তিজন হ’ল মহাত্মা গান্ধী৷ আজি ১.৩ বিলিয়ন ভাৰতীয়ই মহাত্মা গান্ধীয়ে দেশৰ হকে দেখা সপোন বাস্তৱায়িত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
E-Samudra: India’s digital push to reshape maritime governance

Media Coverage

E-Samudra: India’s digital push to reshape maritime governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 আগষ্ট 2026
August 11, 2026

Champions on the Podium, Capital Unlocked, Digital Seas Opened: New India’s Winning Streak Under PM Modi