মাৰ্কিন ৰাষ্ট্ৰপতিৰ জলবায়ু সম্পৰ্কীয় প্ৰসংগৰ বিশেষ প্ৰতিনিধি মহামহিম জন কেৰীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত্ কৰে।

শ্ৰী কেৰীয়ে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি বাইডেনে প্ৰেৰণ কৰা শুভেচ্ছা বাণী জ্ঞাপন কৰে। সাক্ষাতকালত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেনেৰে অলপতে হোৱা বাৰ্তালাপ আৰু ‘কোৱাড-নেতৃবৃন্দ’ৰ শীৰ্ষ-সন্মিলনৰ কথা আহ্লাদৰে স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়েও ৰাষ্ট্ৰপতি বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছলৈ তেওঁ জনোৱা শুভেচ্ছা দিয়াৰ বাবে শ্ৰী কেৰীক আহ্বান জনায়।

যোৱা দুদিনে তেওঁ কৰা ভাৰত ভ্ৰমণ ফলপ্ৰসূ হোৱা বুলি শ্ৰী কেৰীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ ভাৰতে গ্ৰহণ কৰা জলবায়ু সম্পৰ্কীয় উদ্যোগৰ শলাগ লোৱাৰ লগতে নবীকৰণযোগ্য শক্তি কাৰ্যক্ৰম সন্দৰ্ভতো ইতিবাচকভাবে উল্লেখ কৰে। অহা ২২-২৩এপ্ৰিল ২০২১ত অনুষ্ঠিতব্য শীৰ্ষ সন্মিলনখনৰ সম্পৰ্কে শ্ৰী কেৰীয়ে প্ৰধানমন্ত্ৰীক চমু বাখ্যা দাঙি ধৰে।

প্ৰসংগক্ৰমে, প্ৰধানমন্ত্ৰীয়ে পেৰিছ চুক্তিৰ আধাৰত দেশে নিৰ্দ্ধাৰণ কৰা অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে। এই প্ৰসংগত ‘গ্ৰীণ টেকনলজী’ৰ লগতে প্ৰয়োজনীয় বিত্তীয় সহযোগিতাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ভাৰতৰ জলবায়ু কাৰ্যক্ৰমৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হব বুলি শ্ৰী কেৰীয়ে উল্লেখ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India