প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰ ২০১৪ৰ মে’ত শাসনলৈ অহাৰ সময়ত দেশত এনেকুৱা কোটি কোটি লোক আছিল, যাৰ কোনো বেংক একাউণ্ট নাছিল৷ বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ দশক অতিক্ৰমৰ পাছতো কিন্তু বিত্তীয় অন্তৰ্ভুক্তি আমাৰ দেশত অসম্পূ্ৰ্ণ হৈ আছিল৷

সকলোৰে বাবে বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ দৃঢ় লক্ষ্যৰে মুকলি কৰা হয় জন ধন যোজনা৷ দুবছৰৰ ভিতৰতে ২৩.৯৩ কোটি বেংক একাউণ্ট মুকলি কৰা হয়৷ ইয়াতকৈ আদৰণীয় বিষয়টো হ’ল এই বেংক একাউণ্টসমূহত ৪১,৭৮৯ কোটি টকা জমা হৈছিল৷ বেংক একাউণ্টৰ সহায়ত জমা কৰিবলৈ সক্ষম হোৱা ধনেৰে লাখ লাখ লোকৰ জীৱন এতিয়া সুস্থিৰ হৈছে৷ প্ৰতিষ্ঠানগত ঋণৰ দুৱাৰ এতিয়া কোটি কোটি লোকৰ বাবে মুকলি হৈছে, যি এতিয়াও হয়তো উচ্চ সূতৰ হাৰ আৰু ঋণদাতাৰ ওচৰত বন্দী হৈ থাকিলহেতেন৷ জন ধন যোজনাৰ এক প্ৰাৰম্ভিক দূৰ্বলতা আছিল জিৰো বেলেন্স একাউণ্ট৷ কিন্তু মুঠ বেংক একাউণ্ট আৰু জিৰো বেলেন্স একাউণ্টৰ মাজত ব্যৱধান দ্ৰুতগতিৰে হ্ৰাস পাই আহিছে আৰু প্ৰমাণ হৈছে যে বৃহৎ পৰিমাণৰ লোকে বেংক একাউণ্ট ব্যৱহাৰ কৰি আছে৷

জন ধন একাউণ্ট মুকলি প্ৰক্ৰিয়া দ্ৰুতগতিৰে চলি থকাৰ মাজতে এনডিএ চৰকাৰে আধাৰ কাৰ্ডৰ কামো তীব্ৰতাৰে আগুৱাই নিয়ে৷ ২০১৪ৰ ৩০ মে’লৈ ৬৫ কোটি আধাৰ অন্তৰ্ভুক্তি সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰে আন ৩৫ কোটিৰ বাবে এই প্ৰক্ৰিয়া মুকলি কৰে৷ সম্প্ৰতি ১০৫ কোটি ভাৰতীয়ৰ হাতত আধাৰ কাৰ্ড আছে৷ প্ৰায় প্ৰতিগৰাকী ভাৰতীয়ৰ হাতত যিহেতু মোবাইল ফোন আছে, গতিকে চৰকাৰে আধাৰৰ সৈতে মোবাইল ফোন সংযোগ কৰি যিকোনো চৰকাৰী সা-সুবিধা অথবা ৰাজসাহায্য নাগৰিকলৈ হস্তান্তৰ কৰাৰ লক্ষ্য লৈছে৷ কোনো মধ্যভোগী অবিহণে প্ৰকৃত হিতাধিকাৰী চিনাক্ত কৰি তেওঁলোকলৈ ধন হস্তান্তৰ কৰাটো এতিয়া সম্ভৱ হৈ উঠিছে৷ ইয়াৰ ফলত ছদ্মৱেশী হিতাধিকাৰীৰ হাতলৈ যোৱা ধন ৰাহি হৈছে৷ যোৱা দুই বছৰত চৰকাৰে ৬১,৮২২ কোটি ধন ৩১ কোটি হিতাধিকাৰীলৈ প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰিছে৷ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনিৰ অধীনত ছদ্মৱশী হিতাধিকাৰী চিনাক্ত কৰি চৰকাৰে মুঠ ৩৬,৫০০ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে৷
সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে আমাৰ দেশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই উদ্যোগে কেৱল লাখ লাখ চাকৰি সৃষ্টিৰ লগতে আমাৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়৷ কিন্তু লক্ষ্যণীয় বিষয় যে কেৱল কিছুসংখ্যক উদ্যোগেহে প্ৰতিষ্ঠানগত বিত্তীয় সাহায্য লাভ কৰে আৰু অধিকাংশ উদ্যোগে ঋণদাতাৰ পৰা ধন ল’বলৈ বাধ্য হয়৷
এনডিএ চৰকাৰে মুকলি কৰা মুদ্ৰা যোজনাই তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায় আগবঢ়াইছে৷ ২০১৫-১৬ বৰ্ষত ১,২২,১৮৮ কোটি লক্ষ্যৰ বিপৰীতে ১,৩২,৯৫৪.৭৩ কোটি বিতৰণ কৰা হৈছ৷ মুঠ ৩.৪৮ কোটি উদ্যোগীয়ে বিত্তীয় সাহায্য লাভ কৰিছে৷ ইয়াৰে ১.২৫ কোটি নতুন উদ্যোগীয়ে ৫৮,৯০৮ কোটি লাভ কৰিছে৷ লক্ষ্যণীয়ভাৱে ইয়াৰ ৭৯% উপভোক্তা হ’ল মহিলা আৰু তেওঁলোকে ৬৩,১৯০ কোটি টকা লাভ কৰিছে৷ ২০১৬-১৭ত মুদ্ৰা যোজনাৰ বাবে ঋণ বিতৰণৰ লক্ষ্য পূৰ্বৰ বৰ্ষৰ ১,৮০,০০০ কোটিৰ পৰা ৫০% বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়৷

উপৰোক্ত পদক্ষেপসমূহে ভাৰতীয় লোকৰ জীৱন ধাৰণৰ মান উল্লেখনীয়ভাৱে উন্নত কৰিছে৷ বেংক একাউণ্টৰ দৰে বুনিয়াদী সুবিধা নথকা লোকে এতিয়া দেশৰ বিত্তীয় সমাৱেশৰ সৈতে সংযুক্ত হৈছে আৰু তেওঁলোকৰ জীৱন সলনি হৈছে৷ ৰাজসাহায্য আৰু চৰকাৰী সুবিধা এতিয়া মধ্যভোগী অবিহণে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছে৷ প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু জনধন-আধাৰ-মোবাইলৰ সংযুক্তকৰণৰ ফলত লাভ হস্তান্তৰ প্ৰক্ৰিয়া সৰল, স্বচ্ছ আৰু ফলপ্ৰসু হৈ উঠিছে৷




