প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১২ মার্চত ভার্চুৱেলী অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিচন, জাপানৰ প্রধানমন্ত্রী য়’শীহিদ ছুগা আৰু মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জোছেফ আৰ বাইডেনৰ লগতে চাৰি দেশীয় জোট কোৱাড্রিলেটাৰেল ফ্রেমৱর্কৰ বৈঠকত মিলিত হ’ব৷ এয়া কোৱাড্রিলেটাৰেল ফ্রেমৱর্ক নেতৃবৃন্দৰ প্রথম সন্মিলন।

বৈঠকত সকলোৰে স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈ নেতৃবৃন্দই আলোচনা হ’ব৷ তেওঁলোকে ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত এক মুক্ত আৰু সমন্বিত বাস্তৱসন্মত সহযোগিতাৰ বাবে মত বিনিময় কৰিব৷ সন্মিলনত সুস্থিৰ যোগান শৃংখল, অত্যাধুনিক প্রযুক্তি, সমুদ্র বাণিজ্যৰ নিৰাপত্তা আৰু জলবায়ু পৰিৱর্তন সংক্রান্তীয় সমসাময়িক বিভিন্ন সংকটৰ সমাধান কৰাৰ পন্থালৈ নেতৃবৃন্দৰ মাজত মত বিনিময় কৰাৰ সুযোগ সৃষ্টি হ’ব৷

বর্তমান ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰাৰ বাবে কৌশল স্থিৰ কৰিবলৈ নেতৃবৃন্দই আলোচনা কৰিব৷ তদুপৰি, ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত সুৰক্ষিত, সুলভ টিকা নিশ্চিত কৰাৰ বিষয়ত সম্ভাৱ্য সকলো ধৰণৰ সুবিধা একেলগ কৰি কিদৰে ব্যৱহাৰ কৰিব পৰা যায়, সেই বিষয়েও বৈঠকে আলোচনা কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India