PM Modi conferred the Philip Kotler Presidential award
Philip Kotler Award Citation: PM Modi’s selfless service towards India, combined with his tireless energy has resulted in extraordinary economic, social and technological advances in the country
Philip Kotler Award Citation: Under PM Modi’s leadership, India is now identified as the Centre for Innovation and Value Added Manufacturing
PM Modi’s visionary leadership has also resulted in the Digital Revolution, cites Philip Kotler Award

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৭, লোককল্যাণ মার্গত প্ৰথম ফিলিপ কোটলাৰপ্রেছিডেন্সিয়েল বঁটা গ্ৰহণ কৰে৷

 

এই বঁটা প্ৰদানৰ ক্ষেত্রত ‘জনতা, মুনাফা আৰু গ্ৰহ’ এই তিনিটা বিষয়ত গুৰুত্ব দিয়া হৈছে৷ এইবাৰৰ পৰা প্ৰতিবছৰে কোনো এখন ৰাষ্ট্রৰ এগৰাকী নেতাক এই বঁটা প্ৰদান কৰা হ’ব৷

বঁটাটিৰ প্ৰশস্তিপত্রত কোৱা হৈছে,

 

“দেশক অসাধাৰণ নেতৃত্ব প্ৰদানৰ বাবে শ্রী নৰেন্দ্ৰ মোদীক এই বঁটাৰ বাবে নির্বাচিত কৰা হয়৷ দেশত অর্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিগত ক্ষেত্রত অনন্য সফলতা, ভাৰতৰ প্ৰতি তেওঁৰ নিঃস্বার্থ সেৱা আৰু অক্লান্ত পৰিশ্ৰমৰফল৷”

 

প্ৰশস্তিপত্ৰ খনত উল্লেখ কৰা মতেঃ “তেওঁৰ নেতৃত্বত ভাৰতত এতিয়া উদ্ভাৱনী কেন্দ্ৰ আৰু মূল্য সংযোজিতসামগ্ৰীৰ উৎপাদনৰ (মেক ইন ইণ্ডিয়া) লগতে তথ্যপ্ৰযুক্তি, একাউণ্টিং আৰু আর্থিক ক্ষেত্রৰ দৰে বৃত্তিমূলকসেৱা প্ৰদানত গ্ল’বেল হাব হিচাপে পৰিগণিত হৈছে৷”

প্ৰশস্তিপত্ৰখনি লগতে উল্লেখ কৰা হৈছেঃ “তেওঁৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ ফলস্বৰুপে সামাজিক সা–সুবিধা আৰুআর্থিক অন্তর্ভুক্তিৰ বাবে অভিনৱ পৰিচিতি সংখ্যা বা আধাৰসহ ডিজিটেল বিপ্লৱ (ডিজিটেল ভাৰত)ৰ সৃষ্টি হৈছে৷এই সকলো প্ৰচেষ্টাই নতুন উদ্যোগ স্থাপন, সহজে ব্যৱসায় কৰাৰ সুবিধাকে ধৰি দেশৰ বাবে একবিংশ শতিকাৰউপযুক্ত আন্তঃগাঁথনি গঢ়ি তুলিছে৷”

 

প্ৰশস্তিপত্ৰ খনত ‘মেক ইন ইণ্ডিয়া’, ‘ষ্টার্ট–আপ ইণ্ডিয়া’, ‘ডিজিটেল ভাৰত’ আৰু ‘স্বচ্ছ ভাৰত’ৰ দৰে প্ৰচেষ্টাৱলীৰসন্দৰ্ভতো উল্লেখ কৰি কয়, “এই প্ৰচেষ্টাৱলীয়ে ভাৰতক বিশ্বৰ অন্যতম লাভজনক উৎপাদন কেন্দ্ৰ আৰুবাণিজ্যিক গন্তব্য স্থানত পৰিণত কৰিছে৷”

 

অধ্যাপক ফিলিপ কোটলাৰ কেলগ স্কুল অৱ মেনেজমেণ্টৰ নর্থৱেষ্টার্ন বিশ্ববিদ্যালয়ৰ মার্কেটিঙৰ বিশ্ববিখ্যাতঅধ্যাপক৷ অসুস্থতাৰ বাবে অধ্যাপক কোটলাৰে মার্কিন যুক্তৰাষ্ট্রৰ জর্জিয়াৰ ইমোৰি বিশ্ববিদ্যালয়ৰ অধ্যাপকড০ জগদীশ শেঠক আজি প্ৰধানমন্ত্ৰী মোদীক এই বঁটা প্ৰদানৰ দায়িত্ব দিয়ে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy