প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ইউৰোপিয়ান উচ্চ প্ৰতিনিধি/উপাধ্যক্ষ (এইচআৰভিপি) যোছেপ ব’ৰেল ফণ্টেলেছে সাক্ষাৎ কৰে৷ তেওঁ ৰায়ছিনা ডায়ল’গ ২০২০ত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে৷ ১ ডিচেম্বৰ এইচআৰভিপি হিচাপে দায়িত্ব গ্ৰহণৰ পিছত এয়া ইউৰোপিয়ান সংঘৰ বাহিৰত তেওঁৰ প্ৰথমটো ভ্ৰমণ৷

প্ৰধানমন্ত্ৰীয়ে তেওঁক এই নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু ৰায়ছিনা ডায়ল’গত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইউৰোপিয়ান সংঘ হ’ল স্বভাৱগত বন্ধুৰ দৰে আৰু তেওঁ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইউৰোপিয়ান সংঘ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বাট চাই আছে বুলি জানিবলৈ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে ইউৰোপিয়ান সংঘৰ সৈতে জলবায়ু পৰিৱৰ্তন, বাণিজ্য তথা অৰ্থনৈতিক সম্পক সুদৃঢ় কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে৷
এইচআৰভিপি ব’ৰেলে আসন্ন ভৱিষ্যতত ব্ৰুছেলছত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইউৰোপিয়ান সংঘ সন্মিলনত ইউৰোপিয়ান সংঘই উদ্যোক্তাৰ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷ তাৰোপৰি তেওঁ ইউৰোপিয়ান সংঘৰ অগ্ৰাধিকাৰ আৰু প্ৰতিশ্ৰুতিসমূহো দোহাৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India