Your Excellency, ৰাষ্ট্ৰপতি ছিছি,

দুয়োখন দেশৰ মন্ত্ৰীগণ আৰু delegates,

মিডিয়াৰ বন্ধুসকল,

সৰ্বপ্ৰথমে মই ৰাষ্ট্ৰপতি ছিছি, আৰু তেওঁৰ ডেলিগেচনক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছো। ৰাষ্ট্ৰপতি ছিছি কাইলৈ আমাৰ গণতন্ত্ৰ দিৱস সমাৰোহত মুখ্য অতিথি হিচাপে থাকিব। এয়া সমগ্ৰ ভাৰতৰ বাবে সন্মান আৰু আনন্দৰ বিষয়। মই এই কথাক লৈও আনন্দিত যে ইজিপ্তৰ এটা সৈন্য দলেও আমাৰ গণতন্ত্ৰ দিৱসত ভাগ লৈ পেৰেডৰ শোভা বৰ্ধন কৰিব।

বন্ধুসকল,

ভাৰত আৰু ইজিপ্ত বিশ্বৰ সবাতোকৈ পুৰণা সভ্যতাৰ অন্যতম। আমাৰ মাজত বহু হাজাৰ বছৰৰ নিৰৱচ্ছিন্ন সম্পৰ্ক আছে। চাৰি হাজাৰ বছৰৰো আগতে, গুজৰাটৰ লোথল প'ৰ্টৰ মাধ্যমত ইজিপ্তৰ সৈতে বেপাৰ হৈছিল। আৰু বিশ্বত বিভিন্ন পৰিৱৰ্তন সত্ত্বেও আমাৰ সম্পৰ্কত এটা স্থিৰতা আছে, আৰু আমাৰ সহযোগ নিৰন্তৰ সুদৃঢ় হৈ আছে।

যোৱা কেইটামান বছৰত আমাৰ পাৰস্পৰিক সহযোগলৈ আৰু গভীৰতা আহিছে। আৰু মই ইয়াৰ বহুত ডাঙৰ শ্ৰেয় মোৰ মিত্ৰ ৰাষ্ট্ৰপতি ছিছিৰ দক্ষ নেতৃত্বক দিব বিচাৰোঁ।

এই বছৰ ভাৰতে নিজৰ জি-20 অধ্যক্ষতাৰ সময়ছোৱাত ইজিপ্তক অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰিছে, যি আমাৰ বিশেষ মিত্ৰতাক দৰ্শাইছে।

বন্ধুসকল,

আৰব সাগৰৰ এফালে ভাৰত আছে আৰু আনফালে ইজিপ্ত আছে। দুয়োখন দেশৰ মাজত সামৰিক সমন্বয় সমগ্ৰ ক্ষেত্ৰত শান্তি আৰু সমৃদ্ধিৰ বাবে সহায়ক হ'ব। সেয়ে আজিৰ বৈঠকত ৰাষ্ট্ৰপতি ছিছি আৰু মই আমাৰ দ্বিপাক্ষিক বন্ধুত্বক "Strategic Partnership”ৰ স্তৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছো। আমি নিৰ্ণয় কৰিছো যে ভাৰত-ইজিপ্ত Strategic Partnershipৰ জৰিয়তে আমি ৰাজনৈতিক, সুৰক্ষা, অৰ্থনৈতিক আৰু বৈজ্ঞানিক ক্ষেত্ৰসমূহত আৰু অধিক ব্যাপক সহযোগৰ দীৰ্ঘকালীন ভেটী বিকশিত কৰিম।

ভাৰত আৰু ইজিপ্ত পৃথিৱীজুৰি হৈ থকা সন্ত্ৰাসবাদৰ প্ৰসাৰত চিন্তিত। আমি একমত যে সন্ত্ৰাসবাদ মানৱতাৰ বাবে সবাতোকৈ গম্ভীৰ নিৰাপত্তাৰ বিপদ। দুয়োখন দেশ এই কথাতো সহমত যে cross-border terrorism সমাপ্ত কৰিবলৈ বিশেষ পদক্ষেপৰ প্ৰয়োজন। আৰু ইয়াৰ বাবে, আমি একেলগ হৈ আন্তঃৰাষ্ট্ৰীয় সমুদায়ক সচেতন কৰাৰ প্ৰচেষ্টা চলাই যাম।

আমাৰ মাজত সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগ বঢ়োৱাৰো অপাৰ সম্ভাৱনা আছে। যোৱা কেইটামান বছৰত আমাৰ সেনাৰ মাজত যৌথ অনুশীলন প্ৰশিক্ষণ আৰু সক্ষমতা নিৰ্মাণৰ কামত উল্লেখযোগ্য বৃদ্ধি হৈছে। আমি আজিৰ বৈঠকত নিজৰ প্ৰতিৰক্ষা উদ্যোগৰ মাজত সহযোগ আৰু শক্তিশালী কৰা, আৰু সন্ত্ৰাসবাদ-বিৰোধী তথ্য আৰু ইণ্টেলিজেঞ্চৰ আদান-প্ৰদান বঢ়োৱাৰো সিদ্ধান্ত লৈছো।

Extremist বিচাৰধাৰা তথা radicalisation বিয়পাবলৈ চাইবাৰ স্পেচৰ অপব্যৱহাৰ এটা ক্ৰমবৰ্ধমান সংকট। ইয়াৰ বিৰুদ্ধেও আমি সহযোগ বঢ়াম।

বন্ধুসকল,

কোভিড মহামাৰীৰ সময়ত আমি healthcare infrastructure তথা global supply chainsৰ ওপৰত যি কু-প্ৰভাৱ পৰিল সেয়া ওচৰৰ পৰা দেখিলো। ৰাষ্ট্ৰপতি ছিছি আৰু মই এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত নিকট সম্পৰ্কত থাকিলো, আৰু দুয়োখন দেশে প্ৰয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰলৈ তৎকালেই সাহায্য পঠিয়ালো।

আজি আমি কোভিড আৰু তাৰ পাছত ইউক্ৰেইন সংঘৰ্ষৰ কাৰণে প্ৰভাৱিত হোৱা ফুড আৰু ফাৰ্মা ছাপ্লাই চেইনক, তাৰ ওপৰতো শক্তিশালী কৰাৰ দিশত ব্যাপক আলোচনা কৰিছো। আমি এই ক্ষেত্ৰসমূহত পাৰস্পৰিক বিনিয়োগ আৰু বাণিজ্য বঢ়োৱাৰ আৱশ্যকতাৰ ওপৰতো সহমত হৈছো। আমি লগ হৈ এই সিদ্ধান্ত কৰিছো যে অহা পাঁচ বছৰত আমি নিজৰ দ্বিপাক্ষিক বাণিজ্য ১২ বিলিয়ন ডলাৰলৈকে লৈ যাম।

বন্ধুসকল,

COP-27ক সফলতাৰে আয়োজন কৰা, আৰু জলবায়ুৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহৰ হিত সুনিশ্চিত কৰাৰ প্ৰয়াসৰ বাবে, আমি ইজিপ্তৰ প্ৰশংসা কৰিছো।

সংযুক্ত ৰাষ্ট্ৰ তথা অন্য আন্তঃৰাষ্ট্ৰীয় ফ'ৰামত ভাৰত আৰু ইজিপ্তৰ দীঘলীয়া আৰু সুন্দৰ সহযোগ আছে। আমি উভয়েই আন্তঃৰাষ্ট্ৰীয় বিবাদৰ সমাধানৰ বাবে কূটনীতি আৰু আলোচনাৰ আৱশ্যকতাৰ ওপৰতো একমত।

Excellency,

মই আকৌ এবাৰ আপোনাক আৰু আপোনাৰ ডেলিগেচনক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছো। মই আপোনাক আৰু ইজিপ্তৰ জনসাধাৰণক নতুন বছৰৰ শুভকামনাও জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth