Mr. President, আপোনাৰ সৈতে লগ হৈ সদায়ে বহুত আনন্দ হয়। আজি আমি আৰু এক সকাৰাত্মক আৰু উপযোগী Quad Summit তো একেলগে ভাগ লওঁ।

ভাৰত আৰু আমেৰিকাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ সঁচা অৰ্থত এক পাৰ্টনাৰশ্বিপ অফ ট্ৰাষ্ট।

আমাৰ উমৈহতীয়া মূল্যবোধ, আৰু সুৰক্ষা সহ কেইবাটাও ক্ষেত্ৰত আমাৰ সমান হিতে এই ট্ৰাষ্টৰ bondক শক্তিশালী কৰিছে।

আমাৰ people to people সম্পৰ্ক আৰু ঘনিষ্ঠ অৰ্থনৈতিক সম্বন্ধয়ো আমাৰ পাৰ্টনাৰশ্বিপক ইউনিক কৰিছে।

আমাৰ মাজত ট্ৰেড আৰু বিনিয়োগতো নিৰন্তৰ বিস্তাৰ হৈ গৈ আছে, তথাপি এয়া আমাৰ পটেন্সিয়েলতকৈ এতিয়া বহুত কম।

মোৰ বিশ্বাস আছে যে আমাৰ মাজত ইণ্ডিয়া-ইউএছএ ইনভেষ্টমেণ্ট ইনছেণ্টিভ এগ্ৰিমেণ্টৰ জৰিয়তে বিনিয়োগৰ দিশত বাস্তৱ প্ৰগতি দেখিবলৈ পোৱা যাব।

আমি টেকনলজিৰ ক্ষেত্ৰত নিজৰ দ্বিপাক্ষিক সহযোগিতা বঢ়াই আছো, আৰু বৈশ্বিক বিষয়বোৰতো পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰি আছো।

আমি দুয়োখন দেশে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিষয়েও সমান দৃষ্টি ৰাখো আৰু কেৱল দ্বিপাক্ষিক স্তৰতে নহয় বৰং অন্য মনে মিলা দেশৰ সৈতে নিজৰ উমৈহতীয়া মূল্যবোধ আৰু উমৈহতীয়া হিত সুৰক্ষিত ৰাখিবলৈ কাম কৰি আছো।

Quad আৰু কালি ঘোষিত IPEF ইয়াৰ সক্ৰিয় উদাহৰণ। আজি আমাৰ আলোচনাৰ জৰিয়তে এই ইতিবাচক গতিয়ে আৰু দ্ৰুততা লাভ কৰিব।

মোৰ বিশ্বাস আছে যে ভাৰত আৰু আমেৰিকাৰ মিত্ৰতাই বৈশ্বিক শান্তি আৰু স্থিৰতা, পৃথিৱীৰ স্থায়িত্ব, আৰু মানৱ জাতিৰ কল্যাণৰ বাবে এটা force for good হৈ থাকিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India