আপোনালোক সকলোকে মূল্যৱান চিন্তা আৰু পৰামৰ্শৰ বাবে বহুত বহুত ধন্যবাদ। ভাৰত আৰু আছিয়ানৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ যে আমি সকলোৱে মিলি মানৱ কল্যাণ, আঞ্চলিক শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে চেষ্টা কৰি যাম।

আমি কেৱল শাৰীৰিকেই নহয়, অৰ্থনৈতিক, ডিজিটেল, সাংস্কৃতিক আৰু আধ্যাত্মিক সংযোগক শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি যাম।

বন্ধুসকল,

এইবাৰৰ আছিয়ান শীৰ্ষ সন্মিলনৰ বিষয়বস্তু “Enhancing Connectivity and Resilience” সন্দৰ্ভত, মই কিছু চিন্তা আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ।

আজি দহ তাৰিখ, আৰু দশম মাহ। সেয়ে মই দহটা পৰামৰ্শ আপোনালোকৰ আগত ৰাখিব খোজোঁ।

প্ৰথমতে, আমাৰ মাজত পৰ্যটনক উদ্গনি যোগাবলৈ, ২০২৫ বৰ্ষটোক “আছিয়ান-ভাৰত পৰ্যটন বছৰ” হিচাপে পালন কৰিব পাৰি। ইয়াৰ বাবে, ভাৰতে পাঁচ নিযুত ডলাৰৰ অৰিহণা যোগাব।

দ্বিতীয়তে, ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এটা দশক পালন কৰিবলৈ, ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত কেইবাটাও অনুষ্ঠান আয়োজন কৰিব পাৰি। আমাৰ সংগীত শিল্পী, আমাৰ যুৱক-যুৱতী, আমাৰ উদ্যোগী, আমাৰ থিংক টেংক আদি সকলোকে পৰস্পৰৰ সৈতে পৰস্পৰক সংযোগ কৰি, সংগীত উৎসৱ, যুৱ সন্মিলন, হেকাথন, ষ্টাৰ্ট-আপ উৎসৱৰ দৰে আয়োজন এই উদযাপনৰ অংশ হ’ব পাৰে।

তৃতীয়তে, “ভাৰত-আছিয়ান বিজ্ঞান আৰু প্ৰযুক্তি পুঁজি”ৰ অধীনত, প্ৰতি বছৰে মহিলা বিজ্ঞানীৰ সন্মিলনৰ আয়োজন কৰিব পাৰি।

চতুৰ্থতে, নৱনিৰ্মিত নালন্দা বিশ্ববিদ্যালয়ত আছিয়ান দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্নাতকোত্তৰ বৃত্তিৰ সংখ্যা দুগুণ কৰা হ’ব। আৰু, ভাৰতৰ কৃষি বিশ্ববিদ্যালয়সমূহত আছিয়ান ছাত্ৰ-ছাত্ৰীৰ বাবে এই বছৰৰ পৰা নতুন বৃত্তি আঁচনিও আৰম্ভ কৰা হ’ব।

পঞ্চমতে, “আছিয়ান-ভাৰত সামগ্ৰীৰ বাণিজ্য চুক্তি”ৰ পৰ্যালোচনা ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে। ইয়াৰ দ্বাৰা আমাৰ অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হ’ব আৰু সুৰক্ষিত, স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখল সৃষ্টিত সহায়ক হ’ব।

ষষ্ঠতে, দুৰ্যোগ প্ৰতিৰোধৰ বাবে “আছিয়ান-ভাৰত পুঁজি”ৰ পৰা ৫০ লাখ ডলাৰ উপলব্ধ কৰোৱা হ’ব। ভাৰতৰ “ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰবন্ধন প্ৰাধিকাৰী” আৰু “আছিয়ান হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ চেণ্টাৰ” একেলগ হৈ এই ক্ষেত্ৰত কাম কৰিব পাৰে।

সপ্তমতে, Health Resilience সুনিশ্চিত কৰিবলৈ, আছিয়ান-ভাৰত স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকক প্ৰতিষ্ঠানিকৰণ কৰিব পাৰি। আৰু, আমি প্ৰতিখন আছিয়ান দেশৰ পৰা দুজন বিশেষজ্ঞক ভাৰতলৈ Annual National Cancer Grid ‘Vishwam Conferenceৰ বাবে আমন্ত্ৰণ জনাইছোঁ।

অষ্টমতে, ডিজিটেল আৰু চাইবাৰ প্ৰতিৰোধৰ বাবে, ভাৰত আৰু আছিয়ানৰ মাজত চাইবাৰ নীতিৰ আলোচনাক প্ৰতিষ্ঠানিকৰণ কৰিব পাৰি।

নৱমতে, গ্ৰীণ ফিউচাৰৰ বাবে, ভাৰত আৰু আছিয়ান দেশৰ বিশেষজ্ঞসকলৰ মাজত গ্ৰীণ হাইড্ৰজেনৰ ওপৰত কৰ্মশালা আয়োজন কৰাৰ প্ৰস্তাৱো আগবঢ়াইছোঁ।

আৰু, দশমতে, জলবায়ু প্ৰতিৰোধৰ বাবে মই আপোনালোক সকলোকে আমাৰ অভিযান, “এজোপা গছ মাৰ নামত”ৰ সৈতে সংযুক্ত হ’বলৈ আহ্বান জনাইছোঁ। মোৰ বিশ্বাস যে মোৰ দহোটা চিন্তাই আপোনালোক সকলোৰে সমৰ্থন পাব। আৰু আমাৰ টিমবোৰে একেলগে এইবোৰৰ ওপৰত কাম কৰিব।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."