ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক পৰামৰ্শদাতা এমানুৱেল ব’নে ৫ জানুৱৰী, ২০২৩ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।

সাক্ষাত্ কালত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অব্যাহত থকা প্ৰতিৰক্ষা, নিৰাপত্তা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসংগকে ধৰি ৰণকৌশলগত ঘনিষ্ঠ সহযোগিতাৰ বিভিন্ন কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘জি-২০ প্ৰেচিডেন্সী’লৈ ফ্ৰান্সে জনোৱা সমৰ্থনক আদৰণি জনায়।

ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ'নে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা বন্ধুত্বৰ বাৰ্তা দিয়াৰ লগতে শ্ৰীযুত ব'নে দিনটোৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভালৰ সৈতে অনুষ্ঠিত ৰণকৌশলগত আলোচনাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

শক্তি আৰু সংস্কৃতিকে ধৰি পাৰস্পৰিক স্বাৰ্থ আৰু সহযোগিতা জড়িত অন্যান্য ক্ষেত্ৰসমূহৰ প্ৰসংগতো আলোচনা অনুষ্ঠিত হয়।

প্ৰধানমন্ত্ৰীয়ে বালিত ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে হোৱা তেওঁৰ শেহতীয়া বৈঠকৰ কথা আনন্দৰে স্মৰণ কৰে আৰু ৰাষ্ট্ৰপতি মেক্ৰনক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। ৰাষ্ট্ৰপতি মেক্ৰনে অচিৰেই ভাৰত ভ্ৰমণৰ বাবে আগ্ৰহৰে অপেক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে শ্ৰীযুত ব'নে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore

Media Coverage

APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight