২২ সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই ৰাছিয়ান ফেডাৰেশ্যনলৈ বুলি চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো আৰু পৰৱৰ্তী তিনিটা দিনত অষ্ট্ৰিয়া গণৰাজ্যলৈ হ’ব মোৰ প্ৰথমটো ভ্ৰমণ।

ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তি, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, স্বাস্থ্য, শিক্ষা, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ মাজৰ বিনিময় আদি ক্ষেত্ৰত ‘বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ই যোৱা দহ বছৰ ধৰি অগ্ৰগতি লাভ কৰিছে।

মই মোৰ বন্ধু ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ আৰু বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ সন্দৰ্ভত আমাৰ দৃষ্টিভংগী সহভাগ কৰিব পাৰিম বুলি আশা কৰিছো। আমি এটা শান্তিপূৰ্ণ আৰু সুস্থিৰ অঞ্চলৰ বাবে সহযোগিতাৰ ভূমিকা পালন কৰিব বিচাৰো। এই ভ্ৰমণে মোক ৰাছিয়াৰ উদ্দীপনাময় ভাৰতীয় সমাজখনক লগ পোৱাৰ সুযোগ প্ৰদান কৰিব।

অষ্ট্ৰিয়াত, মই ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডাৰ বেলেন আৰু চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰক লগ কৰাৰ সুযোগ পাম। অষ্ট্ৰিয়া হৈছে আমাৰ ঘনিস্থ আৰু নিৰ্ভৰযোগ্য অংশীদাৰ আৰু আমি গণতন্ত্ৰ আৰু বহুত্ববাদী আদৰ্শৰ সহভাগী।

৪০ বছৰতকৈয়ো অধিক সময়ৰ ভিতৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হ’ব প্ৰথমটো ভ্ৰমণ। উদ্ভাৱন, প্ৰযুক্তি আৰু বহনক্ষম বিকাশৰ নতুন আৰু উদীয়মান ক্ষেত্ৰসমূহত আমাৰ অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে মই মোৰ আলোচনাক লৈ আশাবাদী। অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে একেলগে মই পাৰস্পৰিক ভাৱে লাভজনক বাণিজ্য আৰু বিনিয়োগৰ সুযোগ অন্বেষণৰ বাবে দুয়োপক্ষৰ বাণিজ্যিক নেতাসকলৰ সৈতে মত বিনিময়ক লৈয়ো আশাবাদী। পেছাদাৰিতাত্ব আৰু আচৰণৰ বাবে বাৰুকৈয়ে সমাদৃত অষ্ট্ৰিয়াৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মই বাৰ্তালাপ কৰিম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism

Media Coverage

India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 জুলাই 2026
July 01, 2026

PM Modi's Vision: Driving Digital Empowerment, Inclusive Development and India's Global Rise