মই ২৩ পৰা ২৬জুলাইলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ আৰম্ভ কৰিছো।

 

ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।

ইয়াৰ পাছত মই ৰাষ্ট্ৰপতি মহামান্য ড০ মহম্মদ মুইজ্জুৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপৰ স্বাধীনতাৰ ৬০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মালদ্বীপ ভ্ৰমণ কৰিম। এই বছৰতে আমাৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০সংখ্যক বাৰ্ষিকীও পালন কৰা হৈছে। এক ব্যাপক অৰ্থনৈতিক তথা সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ আমাৰ যৌথ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে আৰু ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি তথা সুস্থিৰতাৰ লগতে আমাৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে মই ৰাষ্ট্ৰপতি মুইজ্জু আৰু অন্যান্য ৰাজনৈতিক নেতৃত্বৰ সৈতে বৈঠকৰ বাবে আগ্ৰহী।

এই ভ্ৰমণে আমাৰ জনসাধাৰণক উপকৃত কৰি আমাৰ চুবুৰীয়া প্ৰথম নীতিৰ অগ্ৰগতি সাধন কৰি স্পষ্ট ফলাফল প্ৰদান কৰিব বুলি মই আত্মবিশ্বাসী।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi