মই ২৩ পৰা ২৬জুলাইলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ আৰম্ভ কৰিছো।
ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।
ইয়াৰ পাছত মই ৰাষ্ট্ৰপতি মহামান্য ড০ মহম্মদ মুইজ্জুৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপৰ স্বাধীনতাৰ ৬০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মালদ্বীপ ভ্ৰমণ কৰিম। এই বছৰতে আমাৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০সংখ্যক বাৰ্ষিকীও পালন কৰা হৈছে। এক ব্যাপক অৰ্থনৈতিক তথা সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ আমাৰ যৌথ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে আৰু ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি তথা সুস্থিৰতাৰ লগতে আমাৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে মই ৰাষ্ট্ৰপতি মুইজ্জু আৰু অন্যান্য ৰাজনৈতিক নেতৃত্বৰ সৈতে বৈঠকৰ বাবে আগ্ৰহী।
এই ভ্ৰমণে আমাৰ জনসাধাৰণক উপকৃত কৰি আমাৰ চুবুৰীয়া প্ৰথম নীতিৰ অগ্ৰগতি সাধন কৰি স্পষ্ট ফলাফল প্ৰদান কৰিব বুলি মই আত্মবিশ্বাসী।
Leaving for UK, a country with which our Comprehensive Strategic Partnership has achieved significant momentum in the last few years. I look forward to my talks with PM Keir Starmer and my meeting with His Majesty King Charles III. @Keir_Starmer @RoyalFamily…
— Narendra Modi (@narendramodi) July 23, 2025
Day after tomorrow, 25th July, I will be in the Maldives at the invitation of the President Dr. Mohamed Muizzu. I am honoured to be taking part in the 60th Independence Day celebrations of the Maldives. This year we also mark 60 years of India-Maldives diplomatic relations. The…
— Narendra Modi (@narendramodi) July 23, 2025


