ভূটানলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতি তলত উল্লেখ কৰা হ’ল৷

“অহা ১৭-১৯ আগষ্ট, ২০১৯ত মই ভূটান ভ্ৰমণলৈ যাম৷

চলিত কাৰ্যকালৰ আৰম্ভণিতে মোৰ ভূটান ভ্ৰমণে এইটো সূচাইছে যে চৰকাৰে আমাৰ বিশ্বাসী বন্ধু তথা প্ৰতিৱেশী ভূটানৰ সৈতে ভাৰতৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে৷

ভাৰত আৰু ভূটানে ব্যাপক উন্নয়ন অংশীদাৰিত্ব, পাৰস্পৰিক জলবিদ্যুৎ সহযোগিতা আৰু সুদৃঢ় বাণিজ্য আৰু অৰ্থনৈতিক যোগসূত্ৰৰ মাধ্যমেৰে উৎকৃষ্ট ৰূপত দ্বিপাক্ষিক সম্পৰ্ক বৰ্তাই ৰাখিছে৷

মিলিত আধ্যাত্মিক ঐতিহ্য আৰু দুয়োখন দেশৰ লোকসকলৰ মাজত অটুত থকা সম্পৰ্কই ইয়াক আৰু অধিক সুদৃঢ় কৰিছে৷

যোৱা বছৰ দুয়োখন দেশে আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী যুটীয়াভাৱে উদযাপন কৰে৷

ভাৰত ভূটান অংশীদাৰিত্বই বৰ্তমান এক বিশেষ চৰিত্ৰ আৰু বিষয় হোৱাৰ লগতে ভাৰত চৰকাৰৰ ‘প্ৰতিৱেশী প্ৰথম’ নীতিৰো এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে৷

ভ্ৰমণকালত মই মহামহিম ৰজা চতুৰ্থ দ্ৰুক গিয়ালপ’ আৰু ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত বিস্তাৰিত তথা ফলপ্ৰসূ আলোচনাত মিলিত হ’ম৷ মই ভূটানৰ সন্মানীয় ৰয়েল বিশ্ববিদ্যালয়ত একাংশ তৰুণ ভূটানী শিক্ষাৰ্থীক উদ্দেশ্যি ভাষণো আগবঢ়াম৷

মোৰ বিশ্বাস মোৰ এই ভ্ৰমণে  ভূটানৰ সৈতে আমাৰ সময়-পৰীক্ষণ আৰু মূল্যবান বন্ধুত্বৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধিশালী ভৱিষ্যৎ তথা প্ৰগতিক আৰু অধিক আগুৱাই নিব৷”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How Madhepura loco factory has catalysed Alstom’s global engineering from India

Media Coverage

How Madhepura loco factory has catalysed Alstom’s global engineering from India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Mahanayak Uttam Kumar on his birth centenary
September 03, 2026

Prime Minister Shri Narendra Modi today paid tributes to legendary actor Mahanayak Uttam Kumar on his birth centenary. The Prime Minister described him as a legend whose timeless performances continue to connect with people across generations. He also shared his remarks about the iconic actor from a recent
Mann Ki Baat broadcast.

In a post on X, the Prime Minister shared:

"Mahanayak Uttam Kumar...a legend whose timeless performances connect with people across generations.

Tributes on his birth centenary.

Also sharing what I spoke about him during #MannKiBaat last Sunday.

মহানায়ক উত্তম কুমার... এক কিংবদন্তি যাঁর কালজয়ী পরিবেশনা প্রজন্মান্তরের মানুষের সঙ্গে সংযোগ স্থাপন করে চলেছে।

তাঁর জন্মশতবার্ষিকীতে শ্রদ্ধাঞ্জলি।

গত রবিবার #MannKiBaat অনুষ্ঠানে আমি তাঁর সম্পর্কে যা বলেছিলাম, তাও শেয়ার করছি।"