চৰকাৰে আয়কৰ আইন ১৯৬১ আৰু বিত্ত (নং ২) আইন, ২০১৯ৰ কিছুমান গুৰুত্বপূৰ্ণ সংশোধন কৰি কৰ আইন (সংশোধনী)বিধেয়ক ২০১৯ প্ৰণয়ন কৰিছে৷ বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি গোৱাত অনুষ্ঠিত এক সংবাদ মেলত এই সংশোধনীসমূহৰ বিষয়ে ঘোষণা কৰি এই সন্দৰ্ভত আলোকপাত কৰে৷ সংশোধনীসমূহৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ হ’লঃ

ক. উত্তৰণ আৰু বিনিয়োগৰ প্ৰসাৰণৰ দিশত ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ আয়কৰ আইনত নতুন ব্যৱস্থাপনা কিছুমান অন্তৰ্ভুক্ত কৰা হৈছে য’ত যিকোনো ঘৰুৱা উদ্যোগক অন্য কোনো সহায় প্ৰদান নকৰাৰ চৰ্তত ২২% হাৰত আয়কৰ প্ৰদান কৰিবলৈ দিবলৈ সুবিধা দিয়া হৈছে৷ এই উদ্যোগসমূহৰ বাবে কাৰ্যকৰী কৰৰ হাৰ অন্যান্য মাচুল সহিতে ২৫.১৭% হ’ব৷ তাৰোপৰি সেই উদ্যোগসমূহে কোনো ধৰণৰ ন্যূনতম বৈকল্পিক কৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই৷

খ. নিৰ্মাণখণ্ডত নতুন বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ চৰকাৰৰ ‘মেক-ইন-ইণ্ডিয়া’ পদক্ষেপক উদগনি জনোৱা হৈছে৷ ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ আয়কৰ আইনত নতুন ব্যৱস্থাপনা অন্তৰ্ভুক্ত কৰা হৈছে য’ত ১ অক্টোবৰ ২০১৯ তাৰিখ অথবা তাৰ পিছৰ পৰা আৰম্ভ হোৱা যিকোনো নতুন ঘৰুৱা উদ্যোগসমূহক নিৰ্মাণ খণ্ডত কৰা বিনিয়োগৰ ফলস্বৰূপে তেওঁলোকক ১৫% হাৰত আয়কৰ প্ৰদানৰ সুবিধা দিয়া হৈছে৷ এই সুবিধা সমূহ সেই উদ্যোগক দিয়া হৈছে যিয়ে ৩১ মাৰ্চ ২০২৩ তাৰিখ অথবা তাৰ পূৰ্বে তেওঁলোকৰ উৎপাদনত কোনো ধৰণৰ সাহায্য লাভ নকৰিব৷  এই উদ্যোগসমূহৰ বাবে কাৰ্যকৰী কৰৰ হাৰ অন্যান্য মাচুল সহিতে ১৭.০১% হ’ব৷ তাৰোপৰি সেই উদ্যোগসমূহে কোনো ধৰণৰ ন্যূনতম বৈকল্পিক কৰ প্ৰদান কৰাৰ প্ৰয়োজন নাই৷

গ. যিবোৰ উদ্যোগে সুবিধাযুক্ত কৰ ব্যৱস্থা তথা কৰ ৰেহাই/সাহায্যৰ বিকল্প বাচনি নকৰে তেওঁলোকে পূৰ্বৰ নিৰ্ধাৰিত হাৰতে কৰ প্ৰদান কৰিব পাৰিব৷ কিন্তু এই উদ্যোগসমূহে তেওঁলোকৰ কৰ ছুটি/ৰেহাইৰ পৰ্যায়ৰ ম্যাদ উকলাৰ পিছত সুবিধাযুক্ত কৰ ব্যৱস্থাৰ বিকল্প বাচনি কৰিব পাৰিব৷  এই বিকল্প বাচনি কৰাৰ পিছত তেওঁলোকে ২২% হাৰত কৰ প্ৰদান কৰিব পাৰিব আৰু এবাৰ তেওঁলোকে এই বিকল্প বাচনি কৰাৰ পিছত ইয়াক বাতিল কৰিব নোৱাৰিব৷ তাৰোপৰি, এই উদ্যোগসমূহলৈ সকাহ দি তেওঁলোকৰ ন্যূনতম বৈকল্পিক কৰ বৰ্তমানৰ ১৮.৫%ৰ পৰা ১৫% লৈ হ্ৰাস কৰা হৈছে যিয়ে এই সুবিধাযুক্ত কৰ ৰেহাইৰ সুবিধা অব্যাহত ৰাখিব বিচাৰে৷

ঘ. মূলধনী বজাৰত পুঁজিৰ স্ৰোত স্থিতিশীল কৰাৰ বাবে বিত্ত (নং ২) আইন, ২০১৯ত সূচনা কৰা বৰ্ধিত মাচুল এতিয়াৰে পৰা উদ্যোগৰ ক্ৰয় অথবা ইকুইটি শ্বেয়াৰৰ পৰা লাভ হোৱা মূলধন বৃদ্ধি অথবা ইকুইটিযুক্ত অংশ অথবা প্ৰতিভূতি লেনদেন কৰৰ বাবে দায়ৱদ্ধ ব্যৱসায়িক ন্যাসৰ  এটা অংশত, স্বতন্ত্ৰ, এইচ ইউ এফ, এ অ’ পি, বি অ’ আই আৰু এ জে পিৰ বাবে প্ৰযোজ্য নহ’ব৷

ঙ. বৰ্ধিত মাচুল ডিৰাইভেটিভৰ যিকোনো ছিকিউৰিটীৰ বিক্ৰীৰ পৰা লাভ হোৱা মূলধন বৃদ্ধি, বৈদেশিক প’ৰ্টফলিঅ’ বিনিয়োগকাৰী (এফ পি আইসমূহ)ত প্ৰযোজ্য নহ’ব৷ তালিকাভুক্ত যিবোৰ  উদ্যোগে ইতিমধ্যে ৫ জুলাই ২০১৯ তাৰিখৰ পূৰ্বে বাই-বেকৰ ঘোষণা কৰিছে তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে উদ্যোগসমূহৰ শ্বেয়াৰৰ বাই-বেকৰ ক্ষেত্ৰত কৰ প্ৰযোজ্য নহ’ব৷

চ. চৰকাৰে চি এছ আৰ ২ শতাংশলৈ সম্প্ৰসাৰিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এতিয়াৰে পৰা চি এছ আৰৰ  ২% কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰ অথবা যিকোনো এজেন্সী অথবা ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ দ্বাৰা বিত্তপোষিত ইনকিউবেটৰত ব্যয় কৰিব পৰা হ’ব আৰু ৰাজহুৱা বিত্তপোষিত বিশ্ববিদ্যালয়সমূহ, আই আই টিসমূহ, ৰাষ্ট্ৰীয় গৱেষণাগাৰ আৰু স্বায়ত্ব শাসিত সংস্থা (  আই চি এ আৰ, আই চি এম আৰ, চি এছ আই আৰ, ডি এ ই, ডি আৰ ডি অ’, ডি এছ টি, বিদ্যুৎ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত স্থাপিত হোৱা) যিয়ে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু ঔষধৰ গৱেষণা তথা এছ ডি জিসমূহৰ প্ৰচাৰত সংবদ্ধ, তেওঁলোকৰ ওপৰতো ব্যয় কৰিব পৰা হ’ব৷

ঔদ্যোগিক কৰৰ হাৰ হ্ৰাস আৰু অন্যান্য সাহায্যৰ বাবে  মুঠ ৰাজহৰ পৰিমাণ ১,৪৫,০০০ কোটি টকা ধাৰ্য কৰা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi