ভাৰতৰ সাধাৰণ নিৰ্বাচনত ব্যাপক আসন লাভেৰে অনবদ্য জয়লাভ কৰাৰ বাবে বিভিন্ন দেশৰ পৰা আজি ৰাষ্ট্ৰপ্ৰধান নেতাসকলে কৰা শুভেচ্ছামূলক ফোনকল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইন, জিম্বাব’ৱেৰ ৰাষ্ট্ৰপতি ই ডি মনঙ্গাগৱা আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জাকিণ্টো ঞুছিয়ে কৰা শুভেচ্ছামূলক ফোনকলসমূহ গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক ফোন কৰি শুভেচ্ছা জনোৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে এই টেলিফোনিক বাৰ্তালাপতেই বিগত ফেব্ৰুৱাৰী ২০১৯ ত উত্তৰ কোৰিয়া ভ্ৰমণ কৰাৰ কথা সোঁৱৰে। ইফালে দেশখনৰ ফাৰ্ষ্ট লেডী কিমে ২০১৮ নত ভাৰত ভ্ৰমণ কৰি ‘দীপোৎসৱ’ মহোৎসৱত অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে এই ভ্ৰমণবোৰে ভাৰত আৰু কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে লগতে দুয়োখন দেশৰ মাজত বিশেষ কৌশলগত সম্পৰ্কক অধিক টনকিয়াল কৰাৰ বাবে কৰা প্ৰতিজ্ঞাৰো ৰোমন্থন কৰে।

ইফালে জিম্বাব’ৱেৰ ৰাষ্ট্ৰপতিয়ে আজি ফোনযোগে প্ৰধানমন্ত্ৰী মোদীক সাধাৰণ নিৰ্বাচনত লাভ কৰা অনবদ্য জয়লাভৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়েও ৰাষ্ট্ৰপতি মনঙ্গাগৱাক তেওঁৰ শুভেচ্ছাবাৰ্তা তথা অভিনন্দনৰ বাবে ধন্যবাদ জনায়, আনকি জিম্বাব’ৱেৰ দুগৰাকীকৈ সংবাদকৰ্মীয়ে ভাৰতলৈ আহি সাধাৰণ নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰি তেওঁলোকৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে বিগত বৰ্ষত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ সফল জিম্বাব’ৱে ভ্ৰমণৰ কথা উল্লেখ কৰে আৰু লগতে ভাৰত-জিম্বাব’ৱেক মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলি এক নতুন উচ্চতালৈ লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে মোজাম্বিকৰ ৰাষ্ট্ৰপতি ঞুছিৰ অভিনন্দন গ্ৰহণ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চলিত বৰ্ষতে দেশখনত বিধ্বংসী ধুমুহাই কৰা বিস্তৰ ক্ষতিসাধনৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা জনায়। ৰাষ্ট্ৰপতি ঞুছিয়ে ভাৰতীয় নৌসেনাই সঠিক সময়ত উপস্থিত হৈ পৰ্যাপ্ত পৰিমাণৰ সাহায্য আগবঢ়োৱাৰ কথা কৃতজ্ঞতাৰে স্বীকাৰ কৰে আৰু এনে তাৎক্ষণিক পদক্ষেপৰ শলাগ লয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত মোজাম্বিকৰ কাষত সদায়েই বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে বাধিত হৈ থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s EV Market Races Ahead, Sales Up Nearly 70% in Jan-Apr

Media Coverage

India’s EV Market Races Ahead, Sales Up Nearly 70% in Jan-Apr
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."