দবা চেম্পিয়ন গুকেশ ডিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁৰ দৃঢ়তা আৰু নিষ্ঠাৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁ মন্তব্য কৰি কয় যে তেওঁলোকৰ কথোপকথন আজি যোগ আৰু ধ্যানৰ ৰূপান্তৰণশীল সম্ভাৱনাক লৈ চলিছিল।

 

‘এক্স’ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:

 

"দবা চেম্পিয়ন আৰু ভাৰতৰ গৌৰৱৰ সৈতে এক উৎকৃষ্ট বাৰ্তালাপ কৰিলোঁ, @DGukesh!

 

মই কেইবছৰমানৰ পৰা তেওঁৰ সৈতে ঘনিষ্ঠভাৱে বাৰ্তালাপ কৰি আছোঁ, আৰু তেওঁৰ সংকল্প আৰু নিষ্ঠাই মোক আটাইতকৈ অধিকভাৱে মোহিত কৰে। তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। দৰাচলতে, মোৰ মনত আছে, কেইবছৰমান আগৰ তেওঁৰ এটা ভিডিঅ' দেখিছিলো, য'ত তেওঁ কৈছিল যে তেওঁ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হ'ব- তেওঁৰ প্ৰচেষ্টাৰ বাবেই এই ভৱিষ্যতবাণীয়েই এতিয়া লক্ষণীয়ভাৱে সঁচা হৈছে।"

 

"আত্মবিশ্বাসৰ লগতে গুকেশে শান্ত স্বভাৱ আৰু বিনম্ৰতাক মূৰ্ত কৰি তুলিছে। জয়লাভ কৰাৰ পিছত তেওঁ তেওঁৰ সাফল্যৰ আনন্দ উপভোগ কৰিও শান্ত চিত্তে আছিল আৰু এই কঠোৰ পৰিশ্ৰমৰ বিজয় কেনেদৰে উদযাপন কৰিব লাগে সেয়া সম্পূৰ্ণকৈ বুজি পাইছিল। আজি আমাৰ কথোপকথন যোগ আৰু ধ্যানৰ ৰূপান্তৰণশীল সম্ভাৱনাক চলিছিল।"

 

"প্ৰতিগৰাকী খেলুৱৈৰ সফলতাত তেওঁলোকৰ পিতৃ-মাতৃয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই গুকেশৰ মাক দেউতাকক তেওঁক দুখে-সুখে সহায় কৰাৰ বাবে প্ৰশংসা কৰিছোঁ। তেওঁলোকৰ নিষ্ঠাই যুৱ প্ৰত্যাশীসকলৰ অগণন অভিভাৱকক অনুপ্ৰাণিত কৰিব যি সকলে কেৰিয়াৰ হিচাপে ক্ৰীড়াক অনুসৰণ কৰাৰ সপোন দেখি আহিছে।"

 

"তেওঁ জিকা খেলখনত ব্যৱহৃত মূল দবাবৰ্ডখন গুকেশৰ পৰা লাভ কৰি মই নথৈ আনন্দিত হৈছোঁ। তেওঁ আৰু ডিং লিৰেন দুয়োয়ে অটোগ্ৰাফ দিয়া দাবাবৰ্ডখন এক প্ৰিয় স্মাৰক হৈ থাকিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future