কিণ্ড্ৰিলৰ অধ্যক্ষ আৰু চিইঅ’ মাৰ্টিন শ্ৰ’টাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব অংশীদাৰসকলক উষ্ম আদৰণি জনাই ভাৰতৰ বিশাল সুযোগসমূহ অন্বেষণ আৰু দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সৈতে উদ্ভাৱন তথা উৎকৃষ্টতাৰ বাবে সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনায়।
শ্ৰী মোদীয়ে কয় যে এনে অংশীদাৰিত্বৰ জৰিয়তে কেৱল ভাৰতক উপকৃত কৰাই নহয়, বৰঞ্চ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগোৱা সমাধান সূত্ৰ নিৰূপণ কৰিব পাৰি।
মাৰ্টিন শ্ৰ’টাৰৰ এক্স প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“মাৰ্টিন শ্ৰ'টাৰৰ সৈতে সঁচাকৈয়ে এক ফলপ্ৰসূ বৈঠকত মিলিত হওঁ। ভাৰতে বিশ্ব অংশীদাৰসকলক আমাৰ ৰাষ্ট্ৰৰ বিশাল সুযোগসমূহ অন্বেষণ আৰু আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সৈতে উদ্ভাৱন তথা উৎকৃষ্টতাৰ বাবে সহযোগিতা কৰিবলৈ উষ্ম আদৰণি জনাইছে।
আমি সকলোৱে একেলগে কেৱল ভাৰতক উপকৃত কৰাই নহয়, বৰঞ্চ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগোৱা সমাধান সূত্ৰ নিৰূপণ কৰিব পাৰিম।”
It was a truly enriching meeting with Mr. Martin Schroeter. India warmly welcomes global partners to explore the vast opportunities in our nation and collaborate with our talented youth to innovate and excel.
— Narendra Modi (@narendramodi) August 21, 2025
Together, we all can build solutions that not only benefit India but… https://t.co/DByB86edwD


