কিণ্ড্ৰিলৰ অধ্যক্ষ আৰু চিইঅ’ মাৰ্টিন শ্ৰ’টাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব অংশীদাৰসকলক উষ্ম আদৰণি জনাই ভাৰতৰ বিশাল সুযোগসমূহ অন্বেষণ আৰু দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সৈতে উদ্ভাৱন তথা উৎকৃষ্টতাৰ বাবে সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনায়।

শ্ৰী মোদীয়ে কয় যে এনে অংশীদাৰিত্বৰ জৰিয়তে কেৱল ভাৰতক উপকৃত কৰাই নহয়, বৰঞ্চ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগোৱা সমাধান সূত্ৰ নিৰূপণ কৰিব পাৰি।

মাৰ্টিন শ্ৰ’টাৰৰ এক্স প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“মাৰ্টিন শ্ৰ'টাৰৰ সৈতে সঁচাকৈয়ে এক ফলপ্ৰসূ বৈঠকত মিলিত হওঁ। ভাৰতে বিশ্ব অংশীদাৰসকলক আমাৰ ৰাষ্ট্ৰৰ বিশাল সুযোগসমূহ অন্বেষণ আৰু আমাৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সৈতে উদ্ভাৱন তথা উৎকৃষ্টতাৰ বাবে সহযোগিতা কৰিবলৈ উষ্ম আদৰণি জনাইছে।

আমি সকলোৱে একেলগে কেৱল ভাৰতক উপকৃত কৰাই নহয়, বৰঞ্চ বিশ্বৰ প্ৰগতিৰ ক্ষেত্ৰতো অৰিহণা যোগোৱা সমাধান সূত্ৰ নিৰূপণ কৰিব পাৰিম।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India