ফৰাচী ৰাষ্ট্ৰপতি এইচ ই এম্মানুৱেল মেক্ৰনৰ কূটনৈতিক পৰামৰ্শদাতা মিঃ এম্মানুৱেল ব'নে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপ কৰে। 

সন্ত্ৰাসবাদ-বিৰোধী, চাইবাৰ-ছিকিউৰিটী, প্ৰতিৰক্ষা আৰু ৰণনীতিগত সহযোগিতা ইত্যাদিকে ধৰি প্ৰধান দিশসমূহৰ ওপৰত দুয়োখন দেশে গঢ়ি তোলা ভাৰত-ফ্ৰাঞ্চৰ ৰণনীতিগত বন্ধুত্বত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্তুষ্টি প্ৰকাশ কৰে। 

সাগৰীয় আৰু বহুমাত্ৰিক সহযোগিতাকে ধৰি বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক বিষয়ৰ ওপৰত ভাৰত-ফ্ৰাঞ্চৰ সহযোগিতা সন্দৰ্ভতো মিঃ ব'নে প্ৰধানমন্ত্ৰীৰে ভাব বিণিময় কৰে। 

শেহতীয়াকৈ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে হোৱা ভাব বিণিময়ৰ কথাও প্ৰধানমন্ত্ৰীয়ে আনন্দেৰে স্মৰণ কৰে, আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে শুভ কামনা জ্ঞাপন কৰে। তেওঁ লগতে পৰিস্থিতি অনুকূল হ'লেই যিমান সম্ভৱ সোনকালে ৰাষ্ট্ৰপতি মেক্ৰনলৈ ভাৰত ভ্ৰমণৰ বাবে নিমন্ত্ৰণ আগবঢ়ায়। 

৭ জানুৱাৰী, ২০২১ত অনুষ্ঠিত ভাৰত-ফ্ৰাঞ্চ ৰণনীতিগত আলোচনাৰ বাবে মিঃ এম্মানুৱেল ব'ন ভাৰত ভ্ৰমণত আছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi