ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী সামাজিক নীতি বিভাগৰ সমন্বয়ক মন্ত্ৰী থাৰমন শ্বানমুগাৰত্নমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমান শ্বানমুগাৰত্নমক ভাৰতলৈ আদৰণি জনায় আৰু নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে শ্বানমুগাৰত্নমৰ মাধ্যমেৰে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমান লী ছিয়েন লঙলৈও নতুন বছৰৰ শুভকামনা জনায়৷

প্ৰধানমন্ত্ৰী আৰু শ্বানমুগাৰত্নমে দ্বিপাক্ষিক সম্পৰ্কৰ দ্ৰুত গতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁলোকে অৰ্থনৈতিক সহযোগিতা সন্দৰ্ভত পাৰস্পৰিক লাভালাভৰ কেইবাটাও বিষয় আলোচনা কৰে৷ ইয়াৰ ভিতৰত অন্যতম আছিল—আন্তঃগাথনি, দক্ষতা, ভাৰত-ছিংগাপুৰ ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি(চিইচিএ)আৰু ডিজিটেল অৰ্থনীতি৷ শ্ৰীমান শ্বানমুগাৰত্নমে ভাৰতত সামাজিক পৰিৱৰ্তন আৰু ডিজিটেল অৰ্থনীতিৰ উদগণিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত আন্তঃগাথনি, পৰ্যটন, ডিজিটেল লেনদেন ব্যৱস্থা, নতুন উদ্ভাৱন আৰু প্ৰশাসন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2026
July 28, 2026

From Factories to Space & High-Speed Rail: How PM Modi’s Vision is Rewiring India’s Future