Cabinet approves setting up of 'National Recruitment Agency' to conduct Common Eligibility Test
Cabinet's approval to set up National Recruitment Agency to benefit job- seeking youth of the country
Cabinet's approval of National Recruitment Agency comes as a major relief for candidates from rural areas, women; CET score to be valid for 3 years, no bar on attempts

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহৰ নিয়োগ প্ৰক্ৰিয়াটোত ৰূপান্তৰমূলক সংস্কাৰৰ পথ প্ৰশস্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে নেশ্যনেল ৰিক্ৰুইটমেন্ট এজেঞ্চী (এনআৰএ) স্থাপনত অনুমোদন জনায়।

নিয়োগৰ সংস্কাৰ – যুৱক-যুৱতীৰ বাবে আশীৰ্বাদ

বৰ্তমান সময়ত, প্ৰাৰ্থীসকলে চৰকাৰী চাকৰি বিচাৰি ভিন্ন পদৰ বাবে বহু নিয়োগ সংস্থাই অনুষ্ঠিত কৰা পৃথক পৰীক্ষাসমূহত অৱতীৰ্ণ হৈ আহিছে, যাৰ বাবে সমজাতীয় যোগ্যতাই বিচাৰি অহা যায়। প্ৰাৰ্থীয়ে বহু নিয়োগ সংস্থাক মাচুল পৰিশোধ কৰিব লাগে আৰু ভিন্ন পৰীক্ষাসমূহত অৱতীৰ্ণ হ’বলৈ বহু দূৰ যাব লাগে। এই বহু নিয়োগ পৰীক্ষাসমূহে প্ৰাৰ্থীৰ বাবে বোজা সৃষ্টি কৰে, সমান্তৰালভাৱে সংশ্লিষ্ট নিয়োগ সংস্থাসমূহৰো সমস্যাৰ সৃষ্টি হয়। সেইসমূহৰ ভিতৰত আছে পৰিহাৰ্য/পুনৰাবৃত্তিমূলক ব্যয়, আইন আৰু শৃংখলা/সুৰক্ষা সম্পৰ্কীয় সমস্যাসমূহ আৰু স্থান সম্পৰ্কীয় সমস্যা। গড়ে, এই পৰীক্ষাসমূহৰ প্ৰতিটোতে ২.৫ ৰপৰা ৩ কোটি প্ৰাৰ্থী অৱতীৰ্ণ হয়। কিন্তু এটা কমন এলিজিবিলিটি টেষ্টে পৰীক্ষাৰ উচ্চ পৰ্যায়ৰ বাবে এই নিয়োগ সংস্থাসমূহৰ সকলো বা কোনো এটাত এই প্ৰাৰ্থীসকলে এবাৰেই অৱতীৰ্ণ হোৱা আৰু আবেদন কৰাৰ পথ প্ৰশস্ত কৰি তুলিব। ই স্বৰূপাৰ্থত সকলো প্ৰাৰ্থীৰ বাবে আশীৰ্বাদ হৈ উঠিব।

নেশ্যনেল ৰিক্ৰুইটমেন্ট এজেঞ্চী (NRA)

গ্ৰুপ B আৰু C (নন-টেকনিকেল) পদসমূহৰ বাবে প্ৰাৰ্থী স্ক্ৰীণ/ছৰ্টলিষ্ট কৰিবলৈ নেশ্যনেল ৰিক্ৰুইটমেন্ট এজেঞ্চী (এনআৰএ) শীৰ্ষক মাল্টি-এজেঞ্চী ব’ডিটোৱে কমন এলিজিবিলিটি টেষ্ট (চিইটি) অনুষ্ঠিত কৰিব। এনআৰএত ৰেল মন্ত্ৰণালয়, বিত্ত মন্ত্ৰণালয়/বিত্তীয় সেৱা বিভাগ, এছএছচি, আৰআৰবি আৰু আইবিপিএছ ৰ প্ৰতিনিধি থাকিব। কেন্দ্ৰীয় চৰকাৰৰ নিয়োগ ক্ষেত্ৰখনলৈ অত্যাধুনিক প্ৰযুক্তি আৰু উৎকৃষ্ট অনুশীলনৰ পৰম্পৰা আনিবলৈ এনআৰএত এখন বিশেষজ্ঞ সমিতি নিয়োজিতৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

পৰীক্ষা কেন্দ্ৰসমূহৰ উপলব্ধতা

দেশখনৰ প্ৰতিখন জিলাতে পৰীক্ষা কেন্দ্ৰসমূহৰ ব্যৱস্থাই প্ৰত্যন্ত এলেকাসমূহৰ প্ৰাৰ্থীসকলে সহজতে ইয়াৰ সুবিধা লাভৰ পথ প্ৰশস্ত কৰিব। ১১৭ খন আকাংক্ষিত জিলাত পৰীক্ষা আন্তঃগাঁথনি সৃষ্টিৰ বিশেষ লক্ষ্যই প্ৰাৰ্থীসকলৰ বাসস্থানৰ সমীপতে অৱতীৰ্ণ হোৱাৰ সুবিধা সৃষ্টি কৰিব। খৰচ, প্ৰচেষ্টা, সুৰক্ষা আৰু বহু ক্ষেত্ৰতেই প্ৰাৰ্থীসকল লাভান্বিত হ’ব পাৰিব। এই প্ৰস্তাৱে কেৱল গ্ৰামাঞ্চলৰ প্ৰাৰ্থীসকলৰ বাবেই সুগম কৰি তোলা নহয়, বৰঞ্চ প্ৰত্যন্ত এলেকাৰ প্ৰাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুপ্ৰাণিত কৰি তুলিব আৰু ইয়াৰ ফলত, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহত তেওঁলোকৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি পাব। জনসাধাৰণৰ কাষতেই নিয়োগৰ সুযোগ সৃষ্টি এটা মৌলিক পদক্ষেপ যিয়ে যুৱক-যুৱতীসকলৰ সহজ জীৱন-নিৰ্বাহ প্ৰশস্ত কৰি তুলিব।

দুখীয়া প্ৰাৰ্থীলৈ গুৰু সকাহ

সম্প্ৰতি, প্ৰাৰ্থীসকলে বহু সংস্থাই অনুষ্ঠিত কৰা ভিন্ন পৰীক্ষাসমূহত অৱতীৰ্ণ হৈ আহিছে। পৰীক্ষাৰ মাচুলৰ ওপৰিও, প্ৰাৰ্থীসকলে যাত্ৰা, থকা-খোৱা আৰু এনে ব্যৱস্থাৰ বাবে অতিৰিক্ত ব্যয় বহন কৰি আহিবলগীয়া হৈছে। সেয়েহে মাত্ৰ এটা পৰীক্ষাই প্ৰাৰ্থীসকলৰ আৰ্থিক বোজা বিস্তৃতভাৱে লাঘৱ কৰি তুলিব।

মহিলা প্ৰাৰ্থীসকল বিশেষভাৱে লাভান্বিত হ’ব

মহিলা প্ৰাৰ্থীসকল বিশেষকৈ গ্ৰামাঞ্চলৰ সকলে পৰিবহণ আৰু বহু দূৰত থকাৰ ব্যৱস্থা কৰিবলগীয়া হোৱা বাবে বহু পৰীক্ষাত অৱতীৰ্ণ হোৱাটো কষ্টসাধ্য হৈ পৰে। পৰীক্ষা কেন্দ্ৰসমূহ বহু দূৰত অৱস্থিত হোৱা বাবে তেওঁলোকে প্ৰায়ে লগত এজন সুবিধাজনক ব্যক্তিৰ সন্ধান কৰে। কিন্তু প্ৰতিখন জিলাত পৰীক্ষা কেন্দ্ৰসমূহ স্থাপনৰ লক্ষ্যই বিশেষকৈ মহিলা প্ৰাৰ্থী আৰু গ্ৰামাঞ্চলৰ প্ৰাৰ্থীসকলক অধিক পৰিমাণে লাভান্বিত কৰিব।

গ্ৰামাঞ্চলৰ প্ৰাৰ্থীৰ কাৰণে সৌভাগ্য

আৰ্থিক আৰু আন সমস্যাৰাজিৰ বাবে, গ্ৰামাঞ্চলৰ পাছপৰা প্ৰাৰ্থীসকলে কোনটো পৰীক্ষাত অৱতীৰ্ণ হ’ব সেয়া বাছনি কৰিবলগীয়া হয়। এনআৰএৰ অধীনত, প্ৰাৰ্থীসকলে মাথো এটা পৰীক্ষাতে অৱতীৰ্ণ হৈ বহু কেইটা পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিব। এনআৰএয়ে আন বহু বাছনিৰ বাবে প্ৰথম পদক্ষেপ ফাৰ্ষ্ট-লেভেল/টায়াৰ I পৰীক্ষা অনুষ্ঠিত কৰিব।

চিইটিৰ স্ক’ৰ তিনি বছৰৰ বাবে বৈধঅৱতীৰ্ণ হোৱাৰ কোনো সীমা নাই

ফলাফল ঘোষণাৰ তাৰিখৰপৰা প্ৰাৰ্থীৰ চিইটিৰ স্ক’ৰ তিনি বছৰৰ কাৰণে বৈধ হ’ব। বৈধ স্ক’ৰসমূহৰ সৰ্বোচ্চটোক প্ৰাৰ্থীজনৰ সাম্প্ৰতিক স্ক’ৰ হিচাপে গণ্য কৰা হ’ব। বয়সৰ উৰ্ধসীমাৰ বাহিৰে এজন প্ৰাৰ্থীয়ে চিইটিত অৱতীৰ্ণ হোৱা সংখ্যাৰ কোনো সীমা নাই। চৰকাৰখনৰ প্ৰচলিত নীতি অনুসৰি এছচি/এছটি/অ’বিচি আৰু আন শ্ৰেণীৰ প্ৰাৰ্থীসকলক বয়সৰ উৰ্ধ সীমাত শিথিলতা আগবঢ়োৱা হ’ব। এই ব্যৱস্থাই প্ৰতিবছৰে এই পৰীক্ষাসমূহ দিয়া আৰু প্ৰস্তুতি চলোৱাৰ বাবদ বহু সময়, ধন আৰু কষ্ট স্বীকাৰ কৰা প্ৰাৰ্থীসকলক সকাহ দিব।

মানক পৰীক্ষা

সম্প্ৰতি ষ্টাফ ছিলেক্সন কমিচন (SSC), ৰেলৱে ৰিক্ৰুইটমেন্ট ব’ৰ্ড (RRB) আৰু ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেক্সন (IBPS)ৰদ্বাৰা নন-টেকনিকেল প’ষ্টসমূহৰ বাবে অনুষ্ঠিত কৰা নিয়োগ প্ৰক্ৰিয়া স্নাতক, উচ্চতৰ মাধ্যমিক (১২ শ শ্ৰেণী উত্তীৰ্ণ) আৰু মেট্ৰিকুলেট (১০ ম শ্ৰেণী উত্তীৰ্ণ) এই তিনিওটা পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ বাবে এনআৰএয়ে পৃথকে চিইটি অনুষ্ঠিত কৰিব। চিইটি স্ক’ৰ লেভেলত সম্পন্ন স্ক্ৰীণিঙৰ ওপৰত ভিত্তি কৰি, সংশ্লিষ্ট নিয়োগ সংস্থাসমূহৰদ্বাৰা পৰীক্ষাসমূহৰ পৃথক বিশেষীকৃত টায়াৰ (II, III ইত্যাদি)ৰ জৰিয়তে নিয়োগৰ অৰ্থে চূড়ান্ত বাছনি সম্পন্ন কৰা হ’ব। এই টেষ্টৰ বাবে পাঠ্যক্ৰম সাধাৰণ কিয়নো ই মানক। ইয়ে প্ৰাৰ্থীসকলৰ বোজা বহু পৰিমাণে লাঘৱ কৰি তুলিব কিয়নো সম্প্ৰতি ভিন্ন পাঠ্যক্ৰম সাপেক্ষে প্ৰতিটো পৰীক্ষাৰ বাবে পৃথককৈ প্ৰস্তুতি চলাবলগীয়া হয়।

টেষ্টৰ পৰিকল্পনা আৰু কেন্দ্ৰ বাছনি

এটা কমন পৰ্টেলত প্ৰাৰ্থীসকলে পঞ্জীয়নৰ সুবিধা লাভ কৰিব আৰু কেন্দ্ৰ বাছনি কৰিব পাৰিব। উপলব্ধতাৰ ভিত্তিত, তেওঁলোকক কেন্দ্ৰ আবন্টন দিয়া হ’ব। মূল লক্ষ্যটো হৈছে প্ৰাৰ্থীসকলে তেওঁলোকৰ নিজা পৰীক্ষাটো তেওঁলোকৰ পছন্দৰ কেন্দ্ৰটোতে দিবলৈ পৰিকল্পনা কৰিব পাৰিব।

এনআৰএৰদ্বাৰা প্ৰচাৰ কাৰ্যসূচী

বহু ভাষা

বহু ভাষাত চিইটি অনুষ্ঠিত হ’ব। এই পদক্ষেপে পৰীক্ষাটোত অৱতীৰ্ণ হ’বলৈ দেশৰ ভিন্ন প্ৰান্তৰ প্ৰাৰ্থীসকলক উদ্বুদ্ধ কৰিব আৰু বাছনি হোৱাৰ সমান সুযোগ লাভ কৰিব।

স্ক’ৰ – একাধিক নিয়োগ সংস্থাতে অভিগমন

প্ৰাৰম্ভতে এই স্ক’ৰ তিনিটা মূল নিয়োগ সংস্থাৰদ্বাৰা ব্যৱহাৰ কৰা হ’ব। তথাপি, এটা নিৰ্দিষ্ট সময়ৰ পাছত ইয়াক কেন্দ্ৰীয় চৰকাৰৰ নিয়োগ সংস্থাসমূহে গ্ৰহণ কৰিব বু্লি আশা কৰা হয়। তদুপৰি, যদি এইসমূহ পছন্দৰ হয় ব্যক্তিগত ডমেইনৰ দৰে ৰাজহুৱা আন সংস্থাসমূহৰ বাবেও ই মুকলি। অৱশ্যে, অৱশেষত, চিইটি স্ক’ৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজহুৱা খণ্ডৰ অধীনস্থ আৰু ব্যক্তিগত খণ্ডৰ আন নিয়োগ সংস্থাসমূহক প্ৰদান কৰিব পৰা হৈ উঠিব। এই ব্যৱস্থাই এনে সংস্থাসমূহক ব্যয় ৰাহি আৰু নিয়োগত খৰচ হোৱা সময়ৰ ৰাহিত সহায় আগবঢ়াব।

নিয়োগ চক্ৰৰ সংক্ষিপ্তকৰণ

এটা মাত্ৰ যোগ্যতা পৰীক্ষাই লক্ষ্যণীয়ভাৱে নিয়োগ চক্ৰ সংকুচিত কৰি তুলিব। কেতবোৰ বিভাগে কোনো দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ ইংগিত প্ৰদান কৰে আৰু চিইটি স্ক’ৰ, শাৰীৰিক পৰীক্ষা আৰু মেডিকেল পৰীক্ষাৰ ভিত্তিত নিয়োগ প্ৰক্ৰিয়া আগবঢ়াই নিয়ে। ইয়ে চক্ৰটো সংকুচিত কৰিব আৰু বহু সংখ্যক যুৱক-যুৱতীকে লাভান্বিত কৰিব।

আৰ্থিক ব্যয়

নেশ্যনেল ৰিক্ৰুইটমেন্ট এজেঞ্চী (এনআৰএ) ৰ অৰ্থে চৰকাৰখনে মুঠ ১৫১৭.৫৭ কোটি টকা অনুমোদন জনাইছে। এই ধনৰাশি তিনি বছৰত ব্যয় কৰা হ’ব। এনআৰএ স্থাপনৰ বাহিৰেও, ১১৭ খন আকাংক্ষিত জিলাৰ পৰীক্ষাৰ আন্তঃগাঁথনিৰ বাবে এই ধন ব্যয় কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Science and the power of jan bhagidari can lead to a TB-free India

Media Coverage

Science and the power of jan bhagidari can lead to a TB-free India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, seeks blessings of Maa Katyayani and shares devotional recital
March 24, 2026

The Prime Minister, Shri Narendra Modi, sought the blessings of Maa Katyayani and said that worship of Maa Jagadambe fills the mind with infinite energy and inner strength, while her divine radiance illuminates the heart with higher consciousness. He prayed that with the blessings of the Goddess, who is the embodiment of divinity and valour, all her devotees are endowed with immense strength and self-confidence.

The Prime Minister shared a Sanskrit verse-

“चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना। कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥”

The Prime Minister also shared a recital in praise of the Goddess.

The Prime Minister wrote on X;

“मां कात्यायनी को वंदन! दिव्यता और पराक्रम की अधिष्ठात्री देवी मां की कृपा से उनके सभी भक्तों में अपार शक्ति और आत्मविश्वास का संचार हो।

चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।

कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥”

“मां जगदम्बे की उपासना से मन अनंत ऊर्जा और आत्मबल से भर जाता है। देवी मां का अलौकिक ओज हृदय को दिव्य चेतना से आलोकित कर देता है।