প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে কেন্দ্ৰীয় খণ্ড/ৰাজ্যিক খণ্ড/ স্বতন্ত্ৰ শক্তি উৎপাদক (আইপিপি)ৰ তাপ বিদ্যুৎ প্ৰকল্পসমূহক নতুনকৈ কয়লা সংলগ্নীকৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। সংশোধিত শক্তি নীতিৰ অধীনত নিম্নলিখিত দুখন উইণ্ডো-ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে:

ক) অধিসূচিত মূল্যত কেন্দ্ৰীয় উত্পাদক-প্ৰতিষ্ঠান/ৰাজ্যসমূহত কয়লাৰ সংলগ্নীকৰণ: উইণ্ডো-১
খ) অধিসূচিত মূল্যতকৈ অধিক কিস্তিত সকলো উত্পাদক-প্ৰতিষ্ঠানৰ সৈতে কয়লাৰ সংলগ্নীকৰণ: উইণ্ডো-২

উইণ্ডো-১ (অধিসূচিত মূল্যত কয়লা):

১. কেন্দ্ৰীয় খণ্ডৰ তাপবিদ্যুৎ প্ৰকল্প (টিপিপি)সমূহত কয়লাৰ সংলগ্নীকৰণৰ বাবে যৌথ উদ্যোগ (জেভি) আৰু তেওঁলোকৰ সহায়ক সংস্থাৰ দৰে বিদ্যমান প্ৰণালী।

২. শক্তি মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ৰাজ্য আৰু ৰাজ্যসমূহৰ গোটৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত সংস্থা একোটাৰ বাবে কয়লাৰ সংযোগ নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্যসমূহক নিৰ্ধাৰিত কয়লাৰ সংযোগ ৰাজ্যসমূহে ইয়াৰ নিজা উত্পাদক-প্ৰতিষ্ঠান, স্বতন্ত্ৰ শক্তি উৎপাদক (আইপিপি)ৰ জৰিয়তে শুল্ক আধাৰিত প্ৰতিযোগিতামূলক নিবিদা (টিবিচিবি) বা বিদ্যুৎ ক্ৰয় চুক্তি (পিপিএ) থকা বিদ্যুৎ আইন, ২০০৩ ৰ ধাৰা ৬২-ৰ অধীনত এটা নতুন সম্প্ৰসাৰণ গোট স্থাপনৰ জৰিয়তে চিনাক্ত কৰিব পাৰি।

উইণ্ডো-২ (অধিসূচিত মূল্যতকৈ অধিক কিস্তি):

ঘৰুৱা কয়লা-আধাৰিত যিকোনো শক্তি উৎপাদকৰ ‘পিপিএ’ বা ‘আনটাইড’ আৰু লগতে আমদানি কৰা কয়লা-আধাৰিত শক্তি প্ৰকল্প (যদি তেওঁলোকক প্ৰয়োজন হয়)সমূহে ১২ মাহ পৰ্যন্ত বা ২৫ বছৰলৈকে, ১২ মাহৰ অধিক সময়ৰ বাবে অধিসূচিত মূল্যতকৈ অধিক কিস্তি পৰিশোধ কৰি আৰু বিদ্যুৎ প্ৰকল্পসমূহক তেওঁলোকৰ পচন্দ অনুসৰি বিদ্যুৎ বিক্ৰী কৰাৰ নমনীয়তা প্ৰদান কৰি নিলামৰ ভিত্তিত কয়লা আহৰণ কৰিব পাৰে।

ৰূপায়ণ ৰণনীতি:

উপৰোক্ত সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে ‘কল ইণ্ডিয়া লিমিটেড’ (চিআইএল)/ ‘চিংগৰেনি কলিয়াৰী কোম্পানী লিমিটেড’ (এছচিচিএল)ক নিৰ্দেশনা জাৰী কৰা হ'ব। ইয়াৰ উপৰিও, সংশ্লিষ্ট মন্ত্ৰালয় আৰু সকলো ৰাজ্যক সংশ্লিষ্ট বিভাগ/ কৰ্তৃপক্ষ আৰু ‘নিয়ামক আয়োগ’সমূহক অধিক প্ৰচাৰৰ বাবে সংশোধিত ‘শক্তি নীতি’ৰ বিষয়ে অৱগত কৰা হ'ব।

নিযুক্তি সৃষ্টিৰ সম্ভাৱনাকে ধৰি গুৰুত্বপূৰ্ণ প্ৰভাৱসমূহ:

১. সংলগ্নকৰণ প্ৰক্ৰিয়াৰ সৰলীকৰণ: সংশোধিত ‘শক্তি নীতি’ প্ৰৱৰ্তনৰ লগতে কয়লা আৱণ্টনৰ বাবে ব্যৱসায় কৰাৰ সহজতাৰ ভাৱনাৰে বিদ্যমান আঠটা ‘পেৰা’ কেৱল দুটা ‘উইণ্ডো’ত অন্তৰ্ভূক্ত কৰা হৈছে। উইণ্ডো-১ (অধিসূচিত মূল্যত কয়লা সংলগ্নীকৰণ) আৰু উইণ্ডো-২ (অধিসূচিত মূল্যতকৈ অধিক কিস্তিত কয়লা সংলগ্নীকৰণ)।

২. শক্তি খণ্ডৰ কয়লাৰ প্ৰয়োজনীয়তা পূৰণ কৰা: সংশোধিত ‘শক্তি নীতি’য়ে শক্তি প্ৰকল্পসমূহক দীৰ্ঘম্যাদী / হ্ৰস্বম্যাদী প্ৰয়োজনীয়তাৰ বাবে তেওঁলোকৰ চাহিদা অনুযায়ী কয়লাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে পৰিকল্পনা কৰিবলৈ সক্ষম কৰিব।

৩. কেন্দ্ৰীয় খণ্ডৰ তাপ বিদ্যুৎ প্ৰকল্প (টিপিপি)সমূহে বিদ্যুৎ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি মনোনয়নৰ ভিত্তিত কয়লা সংলগ্নীকৰণ ব্যৱস্থা অব্যাহত ৰাখিব, আনহাতে, বিদ্যুৎ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি মনোনয়নৰ ভিত্তিত ৰাজ্যসমূহক নিৰ্ধাৰিত সংযোগবোৰ ৰাজ্যিক উৎপাদনকাৰী কোম্পানীসমূহত ৰাজ্যসমূহে ব্যৱহাৰ কৰিব পাৰিব।

৪. উইণ্ডো-২ত ‘পিপিএ’ৰ কোনো প্ৰয়োজন নাথাকিব: উইণ্ডো-২ৰ অধীনত সুৰক্ষিত কয়লাৰে উৎপাদিত বিদ্যুৎ বিক্ৰী কৰাৰ বাবে ‘পিপিএ’ৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰা হৈছে, যাৰ ফলত শক্তি প্ৰকল্পসমূহক তেওঁলোকৰ পচন্দ অনুসৰি বিদ্যুৎ বিক্ৰী কৰাৰ নমনীয়তা প্ৰদান কৰা হৈছে।

৫. তাপবিদ্যুত প্ৰকল্পৰ সামৰ্থ্য বৰ্দ্ধনৰ বাবে ‘স্বতন্ত্ৰ শক্তি উৎপাদক’ (আইপিপি)/ব্যক্তিগত বিকাশকসকলক সক্ষম কৰা: ১২ মাহৰ পৰা ২৫ বছৰ পৰ্যন্ত ম্যাদৰ সৈতে ‘পিপিএ’-ৰ সৈতে বা অবিহনে নতুন সামৰ্থ্য সংযোজনৰ বাবে নমনীয় সংযোগৰ অনুমতি দিলে ‘আইপিপি’-ক নতুন তাপবিদ্যুত্ প্ৰকল্পৰ সামৰ্থ্যবৰ্দ্ধনৰ পৰিকল্পনা কৰিবলৈ উৎসাহিত কৰিব, যি ভৱিষ্যতে তাপবিদ্যুত্ প্ৰকল্পৰ সামৰ্থ্য যোগ কৰাত সহায় কৰিব।

৬. কয়লাৰ আমদানি হ্ৰাস/প্ৰতিস্থাপনক উত্সাহিত কৰা: ‘আমদানিকৃত কয়লা আধাৰিত’ (আইচিবি) প্ৰকল্পসমূহে ‘আইচিবি’ প্ৰকল্পৰ কাৰিকৰী সীমাবদ্ধতা সাপেক্ষে ‘উইণ্ডো-২’-ৰ অধীনত ঘৰুৱা কয়লা আহৰণ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আমদানিকৃত কয়লাৰ নিৰ্ভৰশীলতা হ্ৰাস হয়। আমদানিকৃত কয়লাৰ প্ৰতিস্থাপনৰ বাবে হোৱা লাভালাভবোৰ উপযুক্ত নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিব আৰু বিদ্যুৎ গ্ৰাহক/হিতাধিকাৰীসকলক প্ৰদান কৰিব।

৭. 'পিটহেড' শক্তি প্ৰকল্পত প্ৰাথমিককতা: সংশোধিত শক্তি নীতিয়ে ‘ব্ৰাউনফিল্ড’ সম্প্ৰসাৰণত সহায় কৰাৰ উপৰিও, মুখ্যতঃ ‘পিটহেড’ স্থানত অৰ্থাৎ কয়লা উৎসৰ ওচৰত ‘গ্ৰীণফিল্ড তাপবিদ্যুত্ প্ৰকল্প’ স্থাপনত সহায় কৰিব।

৮. সংযোগ যুক্তিসঙ্গতকৰণ: তাপ বিদ্যুৎ প্ৰকল্পৰ চৌহদত নমোৱা পৰ্যন্ত কয়লাৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে  কয়লাৰ উৎস যৌক্তিকীকৰণৰ দিহা কৰা হ'ব। ই কেৱল ৰে’লৰ আন্তঃগাঁথনিয়েই সহজ নকৰে, বৰঞ্চ বিদ্যুৎ উপভোক্তাসকলৰ বাবেও অৱশেষত শুল্ক হ্ৰাস কৰিব।

৯. ক্ষমতাৰ প্ৰতিনিধিত্ব: – সংশোধিত ‘শক্তি নীতি’ত সংশ্লিষ্ট মন্ত্ৰালয় পৰ্যায়ত, নীতিত সামান্য পৰিৱৰ্তন সক্ষম কৰাৰ বাবে ক্ষমতাৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰা হৈছে। লগতে, কাৰ্যকৰী/ৰূপায়ণৰ বিষয়বোৰৰ মোকাবিলা কৰাৰ বাবে, সচিব (শক্তি), সচিব (কয়লা) আৰু অধ্যক্ষ, চিইএ-ক লৈ এক "ক্ষমতাসম্পন্ন সমিতি"ৰ প্ৰস্তাৱ দিয়া হৈছে।

১০. বিদ্যমান ‘এফএছএ’ ধাৰকসকলৰ বাবে নমনীয়তা: ‘উইণ্ডো-২’-ৰ অধীনত তেওঁলোকৰ ‘বাৰ্ষিক চুক্তিবদ্ধ পৰিমাণ’ (এচিকিউ)ৰ ১০০% তকৈ অধিক বিদ্যমান ‘ইন্ধন যোগান চুক্তি’ (এফএছএ) ধাৰকসকলৰ অংশগ্ৰহণে বিদ্যুৎ উৎপাদকসকলক লাভান্বিত কৰিব। পুৰণি আঁচনিৰ অধীনত সুৰক্ষিত কয়লা সংযোগৰ ম্যাদ উকলি যোৱাৰ পিছত, শক্তি উৎপাদকসকলে [কেন্দ্ৰীয় উত্পাদক-প্ৰতিষ্ঠান, ৰাজ্যিক উত্পাদক-প্ৰতিষ্ঠান আৰু স্বতন্ত্ৰ শক্তি উৎপাদক(আইপিপি)] বৰ্তমানৰ প্ৰস্তাৱিত সংশোধিত নীতিৰ অধীনত আবেদন কৰিব পাৰিব, প্ৰযোজ্য অনুসৰি, নতুন সংযোগ সুৰক্ষিত কৰিবলৈ।

১১. শক্তি বজাৰত অনা-অধিগৃহীত উদ্বৃত্তৰ অনুমতি: ই বিদ্যুৎ বজাৰত সংলগ্নীকৃত কয়লাৰ জৰিয়তে উৎপাদিত শক্তি বিক্ৰী কৰাত সহায় কৰিব। ই কেৱল বিদ্যুৎ বিনিময়ত শক্তিৰ উপলব্ধতা বৃদ্ধি কৰি বিদ্যুৎ বজাৰৰ গুৰুত্বকে প্ৰদান নকৰে, বৰং উৎপাদন কেন্দ্ৰসমূহৰ সৰ্বোত্তম ব্যৱহাৰো নিশ্চিত কৰিব।

অন্তৰ্ভুক্ত ব্যয়: সংশোধিত শক্তি নীতিত কয়লা প্ৰতিষ্ঠানসমূহৰ বাবে কোনো অতিৰিক্ত ব্যয় অন্তৰ্ভুক্ত নহ'ব।

হিতাধিকাৰীৰ সংখ্যা:

তাপ বিদ্যুৎ প্ৰকল্প, ৰে'লৱে, ‘ক’ল ইণ্ডিয়া লিমিটেড’ / ‘চিংগৰেনি কলিয়াৰী কোম্পানী লিমিটেড’, অন্তিম উপভোক্তা আৰু ৰাজ্য চৰকাৰসমূহ উপকৃত হ'ব।

পটভূমি:

‘শক্তি নীতি, ২০১৭’ প্ৰৱৰ্তনৰ সৈতে এক মনোনয়ন-আধাৰিত ব্যৱস্থাৰ পৰা নিলাম / শুল্ক-আধাৰিত নিলামৰ জৰিয়তে কয়লাৰ সংলগ্নীকৰণ আৱণ্টন প্ৰক্ৰিয়া অধিক স্বচ্ছ উপায়লৈ কয়লা আৱণ্টন প্ৰণালীৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন ঘটিছিল। কেৱল কেন্দ্ৰীয় / ৰাজ্যিক খণ্ডৰ শক্তি প্ৰকল্পসমূহৰ বাবে মনোনয়ন আধাৰিত আৱণ্টন অব্যাহত আছিল। মন্ত্ৰীগোটৰ পৰামৰ্শ অনুসৰি ২০১৯ চনত ‘শক্তি নীতি’ সংশোধন কৰা হৈছে। ‘শক্তি নীতি’ ২০২৩ চনত পুনৰবাৰৰ বাবে সংশোধন কৰা হৈছিল। ‘শক্তি নীতি’ত যোগ্যতাৰ চৰ্ত পূৰণ সাপেক্ষে বিভিন্ন শ্ৰেণীৰ শক্তি প্ৰকল্পৰ সৈতে কয়লাৰ সংলগ্নীকৰণ আৱণ্টনৰ বাবে বিভিন্ন পৰ্যায় আছে। সংশোধিত ‘শক্তি নীতি’ প্ৰৱৰ্তনৰ জৰিয়তে ব্যৱসায় কৰাৰ সহজতাৰ ভাৱনাৰে কয়লা আৱণ্টনৰ বাবে ‘শক্তি নীতি’ৰ বিদ্যমান আঠটা ‘পেৰা’ কেৱল দুটা ‘উইণ্ডো’ত অন্তৰ্ভূক্ত কৰা হৈছে, ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi

Media Coverage

PM-KUSUM 2.0 aims to help farmers generate RE alongside crops: Joshi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”