প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ২০২৪ৰ পৰা ২০২৫ চনৰ ৩১ অক্টোবৰলৈ ভাৰত চৰকাৰৰ ইথানল মিশ্ৰিত পেট্ৰ’ল (ইবিপি) কাৰ্যসূচীৰ অধীনত ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ইথানল যোগান বৰ্ষ (ইএছৱাই) ২০২৪-২৫ৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ বাবে ইথানল ক্ৰয়ৰ মূল্য পুনৰীক্ষণত অনুমোদন জনোৱা হৈছে। সেই অনুসৰি ইথানল যোগান বৰ্ষ ২০২৪-২৫ (১ নৱেম্বৰ ২০২৪ৰ পৰা ৩১ অক্টোবৰ ২০২৫লৈ)ৰ বাবে চি হেভি গুৰ (চিএইচএম)ৰ পৰা আহৰণ কৰা ইবিপি কাৰ্যসূচীৰ বাবে ইথানলৰ প্ৰশাসনিক এক্স-মিল মূল্য প্ৰতি লিটাৰত ৫৬.৫৮ টকাৰ পৰা ৫৭.৯৭ টকা নিৰ্ধাৰণ কৰা হৈছে।

এই অনুমোদনে ইথানল যোগানকাৰীৰ বাবে মূল্য সুস্থিৰতা আৰু পাৰিতোষিক মূল্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে অব্যাহত ৰখা নীতিত কেৱল সহায় কৰাই নহয়, বৰঞ্চ খাৰুৱা তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, বৈদেশিক মুদ্ৰাৰ সঞ্চয় আৰু পৰিৱেশলৈ সুবিধা কঢ়িয়াই অনাতো সহায় কৰিব। কুঁহিয়াৰৰ খেতিয়কৰ স্বাৰ্থত পূৰ্বৰ দৰেই জিএছটি আৰু পৰিবহণ মাচুল পৃথকে বহন কৰিব লাগিব। চিএইচএম ইথানলৰ মূল্য ৩% বৃদ্ধি কৰিলে বৰ্ধিত মিশ্ৰণৰ লক্ষ্য পূৰণ কৰিবলৈ ইথানলৰ পৰ্যাপ্ততা নিশ্চিত হ’ব।

চৰকাৰে ইথানল মিশ্ৰিত পেট্ৰ’ল (ইবিপি) কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে য’ত অ’এমচিয়ে ইথানলৰ সৈতে মিহলি কৰা পেট্ৰ’ল ২০% পৰ্যন্ত বিক্ৰী কৰে। এই কাৰ্যসূচী সমগ্ৰ দেশতে বিকল্প আৰু পৰিৱেশ অনুকূল ইন্ধনৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ বাবে ৰূপায়ণ কৰা হৈছে। এই হস্তক্ষেপে শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে কৃষি খণ্ডকো সহায় কৰিব। যোৱা দহ বছৰৰ ভিতৰত (৩১.১২.২০২৪ তাৰিখৰ হিচাপত) ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে (অ’এমচি) পেট্ৰ’লত ইথানল মিহলোৱাৰ ফলত আনুমানিক ১,১৩,০০৭কোটি টকাতকৈ অধিক বিদেশী মুদ্ৰা আৰু প্ৰায় ১৯৩ লাখ মেট্ৰিক টনৰ খাৰুৱা তেলৰ প্ৰতিস্থাপন ৰাহি হৈছে।

ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে (অ’এমচি) ইথানল মিশ্ৰণ ২০১৩-১৪বৰ্ষত (ইএছৱাই– বৰ্তমান ১ নৱেম্বৰৰ পৰা অহা বছৰৰ ৩১ অক্টোবৰলৈকে ইথানল যোগানৰ সময়সীমা) ৩৮ কোটি লিটাৰৰ পৰা ই এছ ৱাইত গড় মিশ্ৰণ ১৪.৬০% বৃদ্ধি পাই ২০২৩-২৪ বৰ্ষত ৭০৭কোটি লিটাৰ লাভ হৈছে।

চৰকাৰে পেট্ৰ’লত ২০% ইথানল মিশ্ৰণৰ লক্ষ্য ২০৩০ চনৰ আৰম্ভণিৰ পৰা ইএছৱাই ২০২৫-২৬ লৈ আগবঢ়াইছে আৰু “ভাৰতত ইথানল মিশ্ৰণৰ বাবে ৰোডমেপ ২০২০-২৫” ৰাজহুৱা কাৰ্যক্ষেত্ৰত ৰখা হৈছে। এই দিশত এটা পদক্ষেপ হিচাপে অ’এমচিসমূহে চলিত ইএছৱাই ২০২৪-২৫ৰ সময়ছোৱাত ১৮% মিশ্ৰণ লাভ কৰাৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ ইথানলৰ ডিষ্টিলেচন ক্ষমতা বছৰি ১৭১৩ কোটি লিটাৰলৈ বৃদ্ধি কৰা; ইথানলৰ ঘাটি থকা ৰাজ্যসমূহত ডেডিকেটেড ইথানল প্লাণ্ট (ডিইপি) স্থাপনৰ বাবে দীৰ্ঘম্যাদী অফ-টেক চুক্তি (এলটিঅ’এ); একক ফীডৰ ডিষ্টিলেৰীসমূহক বহু ফীডলৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰা; ই-১০০ আৰু ই-২০ ইন্ধনৰ উপলব্ধতা; এই সকলোবোৰ পদক্ষেপে ব্যৱসায় কৰাত সহজতা আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাতো অৰিহণা যোগায়।

ইবিপি কাৰ্যসূচীৰ অধীনত চৰকাৰে প্ৰদান কৰা দৃশ্যমানতাৰ বাবে সমগ্ৰ দেশতে নিয়োগৰ সুযোগ আৰু দেশৰ ভিতৰত বিভিন্ন অংশীদাৰৰ মাজত মূল্যৰ ভাগ-বতৰা কৰাৰ উপৰিও গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড ডিষ্টিলেৰী, ষ্ট’ৰেজ আৰু লজিষ্টিক সুবিধাৰ নেটৱৰ্কৰ ৰূপত বিনিয়োগ ঘটিছে। সকলো ডিষ্টিলেৰীয়ে এই আঁচনিৰ সুবিধা ল’ব পাৰিব আৰু ইয়াৰে বৃহৎ সংখ্যক ইবিপি কাৰ্যসূচীৰ বাবে ইথানল যোগান ধৰাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা পৰিমাণীকৰণযোগ্য বৈদেশিক মুদ্ৰা সঞ্চয়, খাৰুৱা তেলৰ প্ৰতিস্থাপন, পৰিৱেশৰ সুবিধা আৰু কুঁহিয়াৰৰ খেতিয়কসকলক আগতীয়াকৈ ধন পৰিশোধ কৰাত সহায়ক হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"