প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে আজি উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ দিল্লী-ফৰিদাবাদ-বল্লাভগড়-সোহনা স্পাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ পৰা জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অধীনত গ্ৰীণফিল্ড সংযোগ নিৰ্মাণৰ বাবে ৩৬৩০.৭৭ কোটি টকাৰ সংশোধিত মুঠ মূলধনী ব্যয়ত অনুমোদন জনায়।

৩১.৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্প কৰিডৰে দক্ষিণ দিল্লী, ফৰিদাবাদ আৰু গুৰুগ্ৰামৰ পৰা জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ প্ৰত্যক্ষ আৰু তীব্ৰবেগী সংযোগ প্ৰদান কৰিব, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ত অৰ্থনৈতিক বৃদ্ধি আৰু লজিষ্টিক দক্ষতা বৃদ্ধি পাব।

 

এই কৰিডৰে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে, যমুনা এক্সপ্ৰেছৱে আৰু ডেডিকেটেড ফ্ৰেইট কৰিডৰ (ডিএফচি)ক স্পৰ্শ কৰি মাল্টিম’ডাল পৰিবহণ সংযোগ সক্ষম কৰি তুলিব। এই এলিভেটেড কৰিডৰটো কেৱল গাঁথনিগত উন্নতিয়েই নহয়, বৰঞ্চ নগৰ ৰূপান্তৰ, আঞ্চলিক সংযোগ আৰু ৰাষ্ট্ৰীয় লজিষ্টিক দক্ষতাৰ পৰিপূৰক এক কৌশলগত সুবিধা। জেৱাৰ বিমানবন্দৰ-দিল্লী-মুম্বাই এক্সপ্ৰেছৱে কৰিডৰৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰি ফৰিদাবাদৰ বহনক্ষম নগৰ উন্নয়ন নিশ্চিত কৰিবলৈ ইয়াৰ নিৰ্মাণ অতি প্ৰয়োজনীয়।

এই প্ৰকল্পৰ প্ৰায় ১১ কিঃমিঃ উচ্চ ঘাইপথ হিচাপে গঢ়ি তোলা হৈছে। ডিএনডি-বল্লাভগড় বাইপাছ আৰু জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত গ্ৰীণফিল্ড সংযোগৰ ই এক গুৰুত্বপূৰ্ণ অংশ, যি ইয়াক দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ সৈতে সংযোগ কৰিব। এই কৰিড’ৰটোৱে ফৰিদাবাদ মাষ্টাৰ প্লেন ২০৩১ৰ অধীনত উচ্চ ঘনত্বৰ নগৰ উন্নয়ন আৰু ভৱিষ্যতৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে চিনাক্ত কৰা এলেকাৰ মাজেৰে পাৰ হৈ যাব। প্ৰস্তাৱিত এলিভেটেড কৰিডৰৰ অতিৰিক্ত খৰচ হ’ব ৬৮৯.২৪ কোটি টকা, ইয়াৰে হাৰিয়ানা চৰকাৰে ৪৫০ কোটি টকা বহন কৰিবলৈ সন্মত হৈছে।

দিল্লী-ফৰিদাবাদ-বল্লাভাগড়-সোহনা স্পাৰৰ পৰা দিল্লী-মুম্বাইৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গ্ৰীণফিল্ড সংযোগী প্ৰকল্প মানচিত্ৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future