প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৈঠকত চিজিয়াম, গ্ৰেফাইট, ৰুবিডিয়াম আৰু জিৰকনিয়ামৰ ৰয়েল্টি হাৰৰ যুক্তিসংগতকৰণ/পুনৰীক্ষণত তলত দিয়া ধৰণে অনুমোদন জনাইছে।

 

খনিজ পদাৰ্থ

ৰয়েল্টি হাৰ

চেজিয়াম

 

উপাদিত আকৰত নিহিত চেজিয়াম ধাতুৰ ওপৰত মাচুলযোগ্য চেজিয়াম ধাতুৰ গড় বিক্ৰী মূল্যৰ (এএছপি) ২শতাংশ কৰা হৈছে

গ্ৰেফাইট

  1. আশী শতাংশ বা তাতকৈ অধিক নিশ্চিত কাৰ্বনৰ সৈতে
  2. আশী শতাংশতকৈও কম নিশ্চিত কাৰ্বনৰ সৈতে

এড ভেল’ৰেম ভিত্তিত এএছপিৰ ২ শতাংশ

 

এড ভেল’ৰেম ভিত্তিত এএছপিৰ ৪ শতাংশ

 

ৰুবিডিয়াম

উৎপাদিত আকৰত থকা ৰুবিডিয়াম ধাতুৰ ওপৰত মাচুলযোগ্য ৰুবিডিয়াম ধাতুৰ এএছপিৰ ২ শতাংশ

জিৰকনিয়াম

 

উৎপাদিত আকৰত থকা জিৰকনিয়াম ধাতুৰ ওপৰত মাচুলযোগ্য জিৰকনিয়াম ধাতুৰ ১%

 

কেবিনেটৰ সিদ্ধান্তই চেজিয়াম, ৰুবিডিয়াম আৰু জিৰকনিয়াম যুক্ত খনিজ ব্লকৰ নিলামৰ প্ৰসাৰ ঘটাব। ইয়াৰ ফলত কেৱল এই খনিজ পদাৰ্থই নহয়, ইয়াৰ সমান্তৰালভাৱে পোৱা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ যেনে লিথিয়াম, টাংষ্টেন, আৰই, নাইঅ’বিয়াম আদিৰ ব্যৱহাৰ সম্ভৱ হ’ব। এই খনিজ পদাৰ্থৰ থলুৱা উৎপাদন বৃদ্ধি কৰিলে আমদানি আৰু যোগান শৃংখলৰ দুৰ্বলতা হ্ৰাস পাব আৰু দেশত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

গ্ৰেফাইট, চেজিয়াম, ৰুবিডিয়াম আৰু জিৰকনিয়াম উচ্চ প্ৰযুক্তিৰ প্ৰয়োগ আৰু শক্তি পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ (এমএমডিআৰ আইন)ত তালিকাভুক্ত ২৪টা গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজ পদাৰ্থৰ ভিতৰত গ্ৰেফাইট আৰু জিৰকনিয়ামও অন্যতম।

ইলেক্ট্ৰিক বাহন (ইভি) বেটাৰীৰ বাবে গ্ৰেফাইট এক গুৰুত্বপূৰ্ণ উপাদান। ই মূলতঃ এনোড পদাৰ্থ হিচাপে কাম কৰে, যাৰ ফলত উচ্চ পৰিবাহীতা আৰু আধান ক্ষমতা সক্ষম হয়। অৱশ্যে ভাৰতে ইয়াৰ প্ৰয়োজনীয় গ্ৰেফাইটৰ ৬০ শতাংশ আমদানি কৰে। বৰ্তমান দেশত ৯টা গ্ৰেফাইট খনি কাৰ্যক্ষম হৈ আছে আৰু ২৭টা ব্লক সফলতাৰে নিলাম কৰা হৈছে। তদুপৰি জিএছআই আৰু এমইচিএলে ২০টাতকৈও অধিক গ্ৰেফাইট ব্লক প্ৰদান কৰিছে, যিবোৰ নিলাম কৰা হ’ব আৰু প্ৰায় ২৬টা ব্লকৰ অন্বেষণ চলাই থকা হৈছে।

জিৰকনিয়াম বহুমুখী ধাতু আৰু ইয়াক পাৰমাণৱিক শক্তি, মহাকাশ, স্বাস্থ্যসেৱা, উৎপাদন আদি বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যতিক্ৰমী জাৰণ প্ৰতিৰোধ ক্ষমতা আৰু উচ্চ উষ্ণতাৰ স্থিৰতাৰ বাবে চেজিয়ামক মূলতঃ উচ্চ প্ৰযুক্তিৰ ইলেক্ট্ৰনিকছত বিশেষকৈ পাৰমাণৱিক ঘড়ী, জিপিএছ ব্যৱস্থা, অন্যান্য উচ্চ নিখুঁত ব্যৱস্থাৰ লগতে কৰ্কট ৰোগৰ চিকিৎসাকে ধৰি চিকিৎসা সঁজুলিত ব্যৱহাৰ কৰা হয়। ৰুবিডিয়ামক ফাইবাৰ অপটিক্স, টেলিকমিউনিকেচন ছিষ্টেম আৰু নাইট ভিজন ডিভাইচত ব্যৱহৃত বিশেষ চশমাত ব্যৱহাৰ কৰা হয়।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ খনিজ ব্লকৰ ষষ্ঠ ৰাউণ্ডৰ নিলামৰ বাবে এন আই টি জাৰি কৰিছে।ইয়াৰ ভিতৰত পাঁচটা ব্লক গ্ৰেফাইট, দুটা ব্লক ৰুবিডিয়াম, আৰু  চেজিয়াম আৰু জিৰকনিয়াম (সবিশেষ সংলগ্ন)ৰ এটাকৈ ব্লক আছে। আজি কেন্দ্ৰীয় কেবিনেটে ৰয়েল্টি হাৰৰ অনুমোদনে নিলামত যুক্তিসংগতভাৱে বিত্তীয় নিবিদা দাখিল কৰাত সহায় কৰিব।

২০১৪ চনৰ ১ ছেপ্টেম্বৰৰ পৰা গ্ৰেফাইটৰ ৰয়েল্টি হাৰ টন ভিত্তিত নিৰ্ধাৰণ কৰা হৈছে।গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজৰ তালিকাত এইটোৱেই একমাত্ৰ খনিজ, যাৰ ৰয়েল্টি হাৰ প্ৰতি টনৰ ভিত্তিত নিৰ্দিষ্ট কৰা হৈছে। তদুপৰি, গ্ৰেফাইটৰ মূল্যৰ তাৰতম্যৰ প্ৰতি লক্ষ্য ৰাখি, বিভিন্ন গ্ৰেডত খনিজৰ মূল্যৰ তাৰতম্যৰ সমানুপাতিকভাৱে ৰয়েল্টি উৎপাদন আনিবলৈ এড ভেল’ৰেম ভিত্তিত ৰয়েল্টি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেহতীয়া বছৰবোৰত বেছিভাগ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ৰয়েল্টি হাৰ দুই শতাংশৰ পৰা চাৰি শতাংশৰ ভিতৰত নিৰ্দিষ্ট কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-VBRY: The Employment Scheme Delivering on India’s Social Security Promise

Media Coverage

PM-VBRY: The Employment Scheme Delivering on India’s Social Security Promise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi