প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় গ্ৰীণ হাইড্রোজেন মিছনক মঞ্জুৰী দিয়ে। মিছনৰ বাবে প্ৰাৰম্ভিক ব্যয় ১৯,৭৪৪ কোটি টকা হ'ব য'ত ছাইট কাৰ্যক্ৰমৰ বাবে ১৭,৪৯০ কোটি টকা, পাইলট পৰিকল্পনাৰ বাবে ১,৪৬৬ কোটি টকা, গৱেষণা আৰু বিকাশৰ বাবে ৪০০ কোটি টকা আৰু অন্য মিছন ঘটকৰ বাবে ৩৮৮ কোটি টকা অন্তৰ্ভুক্ত আছে। নবীন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে (এমএনআৰই) সম্পৰ্কীয় ঘটকৰ ৰূপায়ণৰ বাবে যোজনাৰ দিশনিৰ্দেশ প্ৰস্তুত কৰিব।

মিছনৰ পৰা ২০৩০লৈকে নিম্নলিখিত সম্ভাব্য পৰিণাম প্ৰাপ্ত হ'ব:

  • দেশত প্ৰায় ১২৫টা জিডব্লিউৰ সংবদ্ধ অক্ষয় শক্তি ক্ষমতা বৃদ্ধিৰ লগতে বছৰি কমেও ৫ এমএমটি (মিলিয়ন মেট্ৰিকটন)ৰ সেউজ হাইড্রোজেন উৎপাদন ক্ষমতাৰ বিকাশ,
  • আঠ লাখ কোটি টকাৰ অধিক মুঠ বিনিয়োগ,
  • ছয় লাখৰ অধিক সংস্থাপন সৃষ্টি,
  • মুঠ এক লাখ কোটি টকাৰ অধিক মূল্যৰ জীৱাশ্ম ইন্ধনৰ আমদানি হ্ৰাস,
  • বাৰ্ষিক গ্ৰীণ হাউছ গেছ উৎসৰ্জনত প্ৰায় ৫০ এমএমটি হ্ৰাস।

মিছনৰ পৰা বিভিন্ন প্ৰকাৰৰ লাভ প্ৰাপ্ত হ'ব, যেনে- গ্ৰীণ হাইড্রোজেন আৰু ইয়াৰ সহায়ক সামগ্ৰীৰ বাবে ৰপ্তানিৰ সুযোগ সৃষ্টি; ঔদ্যোগিক, অহাযোৱা আৰু শক্তি ক্ষেত্ৰত কাৰ্বন উৎসৰ্জন হ্ৰাস; আমদানিকৃত জীৱাশ্ম ইন্ধন আৰু ফিডষ্টকৰ ওপৰত নিৰ্ভৰতা হ্ৰাস; স্বদেশী নিৰ্মাণ ক্ষমতাৰ বিকাশ; সংস্থাপনৰ সুযোগ সৃষ্টি; আৰু অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ। ভাৰতৰ গ্ৰীণ হাইড্রোজেন উৎপাদন ক্ষমতা কমেও ৫ এমএমটি বছৰি হোৱাৰ সম্ভাৱনা আছে, য'ত প্ৰায় ১২৫ জিডব্লিউৰ সংবদ্ধ অক্ষয় শক্তি ক্ষমতা অন্তৰ্ভুক্ত আছে। ২০৩০লৈকে ৮ লাখ কোটি টকাৰ বিনিয়োগ হোৱাৰ লক্ষ্য আছে আৰু ৬ লাখৰ অধিক সংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ২০৩০লৈকে কাৰ্বন ডাইঅস্কাইডৰ উৎসৰ্জনত বছৰি প্ৰায় ৫০ এমএমটি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

এই মিছনৰ জৰিয়তে গ্ৰীণ হাইড্রোজেনৰ চাহিদা, উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ সুবিধা প্ৰাপ্ত হ'ব। গ্ৰীণ হাইড্রোজেন ট্ৰাঞ্জিচন প্ৰগ্ৰেম (এছআইজিএইচটি)ৰ বাবে ৰণনীতিগত কাৰ্যকলাপক লৈ মিছনৰ জৰিয়তে দুটা বেলেগ বেলেগ বিত্তীয় উদগণি তন্ত্ৰ- ইলেক্ট্ৰলাইজাৰৰ ঘৰুৱা নিৰ্মাণ আৰু গ্ৰীণ হাইড্রোজেনৰ উৎপাদনক লক্ষ্য কৰি লোৱা হ'ব। মিছনে উঠি অহা অন্তিম ব্যৱহাৰযোগ্য ক্ষেত্ৰ আৰু উৎপাদন মাৰ্গত পাইলট পৰিকল্পনাৰো সমৰ্থন কৰিব। বৃহৎ হাৰত উৎপাদন আৰু/বা হাইড্রোজেনৰ ব্যৱহাৰৰ সমৰ্থন কৰিবলৈ সক্ষম ক্ষেত্ৰ চিনাক্ত কৰা হ'ব আৰু সেয়া গ্ৰীণ হাইড্রোজেন হাবৰ ৰূপত বিকশিত কৰা হ'ব।

গ্ৰীণ হাইড্রোজেন ইকো-ছিষ্টেমৰ স্থাপনক সমৰ্থন কৰিবলৈ এটা সক্ষম নীতিগত কাৰ্যক্ৰম বিকশিত কৰা হ'ব। এটা মজবুত মানক আৰু নিয়মন আন্তঃগাঁথনিও বিকশিত কৰা হ'ব। ইয়াৰ উপৰিও মিছনৰ জৰিয়তে গৱেষণা আৰু বিকাশ (ৰণনীতিগত হাইড্রোজেন নৱাচাৰ অংশগ্ৰহণ-এছএইচআইপি)ৰ বাবে এটা সাৰ্বজনীন-বেচৰকাৰী অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ'ব; গৱেষণা আৰু বিকাশ পৰিকল্পনা লক্ষ্য-উন্মুখ, সময়বদ্ধ আৰু বিশ্ব স্তৰত প্ৰতিযোগিতামূলক প্ৰযুক্তি বিকশিত কৰিবলৈ উপযুক্ত ৰূপত বঢ়োৱা হ'ব। মিছনৰ জৰিয়তে এক সমন্বিত দক্ষতা বিকাশ কাৰ্যক্ৰমো চলোৱা হ'ব।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক সকলো সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ, এজেঞ্চী আৰু সংস্থানে মিছনৰ উদ্দেশ্যৰ সফল প্ৰাপ্তি সুনিশ্চিত কৰিবলৈ কেন্দ্ৰিত আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰিব। মিছনৰ সামগ্ৰিক সমন্বয় আৰু ৰূপায়ণৰ বাবে নবীন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় দায়বদ্ধ হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the virtues of firm resolve, self-control, and wisdom
June 02, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam, observing that firm resolve and self-control are the powers that make even the most difficult paths easy. Shri Modi highlighted that today, our youth are continuously engaged in nation-building with this very resolve.

The Prime Minister posted on X:

"दृढ़ निश्चय और आत्म-संयम वह शक्ति है, जो कठिन से कठिन राह को भी आसान बना देती है। आज हमारे युवा साथी इसी संकल्प के साथ राष्ट्र निर्माण में निरंतर जुटे हुए हैं।

निश्चित्य यः प्रक्रमते
नान्तर्वसति कर्मणः।

अबन्ध्यकालो वश्यात्मा
स वै पण्डित उच्यते॥"

A person who begins a task after careful deliberation and with firm resolve, who never leaves it unfinished, who uses time wisely and who maintains complete control over their senses, such a person alone is truly wise.