এই সিদ্ধান্তই যাত্ৰী আৰু মালবাহী যাতায়তক উপকৃত কৰিব; কচ্চত নতুন ৰে’ল লাইনে কচ্চৰ ৰান, হৰপ্পা ক্ষেত্ৰ ধোলাভিৰা, কোটেশ্বৰ মন্দিৰ, নাৰায়ণ সৰোবৰ আৰু লখপট দুৰ্গৰ সীমান্তৱৰ্তী অঞ্চলক সংযোগ কৰি পৰ্যটন বৃদ্ধি কৰিব
ৰে’লৱেই ইয়াৰ বৰ্তমানৰ নেটৱৰ্কত ৫৬৫ কিলোমিটাৰ পথ সংযোজনে কয়লা, চিমেণ্ট, ক্লিংকাৰ, ফ্লাই এছ, তীখা, কণ্টেইনাৰ, সাৰ, কৃষিজাত সামগ্ৰী আৰু পেট্ৰলিয়াম সামগ্ৰী আদিৰ পৰিবহণে উদগনি লাভ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ১২,৩২৮ কোটি টকা ব্যয়সাপেক্ষ চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। সেই প্ৰকল্পসমূহ হৈছে-

(১) দেশালপাৰ–হাজিপীৰ–লুনা আৰু ভায়োৰ–লখপট নতুন ৰে’ল পথ

(২) ছেকেন্দ্ৰাবাদ (সনাথনগৰ)– ৱাডী তৃতীয় আৰু চতুৰ্থ ৰে’ল পথ

(৩) ভগলপুৰ– জামালপুৰ তৃতীয় ৰে’ল পথ

(৪) ফৰকাটিং– নিউ তিনিচুকীয়া দ্বিতীয় ৰে’ল পথ

সংশ্লিষ্ট প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যাত্ৰী আৰু সামগ্ৰী উভয়ৰে নিৰৱচ্ছিন্ন আৰু দ্ৰুত পৰিবহণ নিশ্চিত কৰা। এই পদক্ষেপসমূহে সংযোগ প্ৰদান আৰু ভ্ৰমণৰ সুবিধা উন্নত কৰাৰ লগতে লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। তদুপৰি এই প্ৰকল্পসমূহে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব, যাৰ ফলত বহনক্ষম আৰু কাৰ্যক্ষম ৰে’ল পৰিচালনাৰ প্ৰসাৰ ঘটিব। এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ২৫১ লাখ মানৱ দিন প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।

প্ৰস্তাৱিত নতুন ৰে’ল পথে কচ্চৰ দুৰ্গম অঞ্চলসমূহৰ সৈতে সংযোগ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা গুজৰাটৰ বৰ্তমানৰ ৰে’লৱে নেটৱৰ্কৰ ১৪৫ ৰুট কিলোমিটাৰ পথ আৰু ১৬৪ ট্ৰেক কিলোমিটাৰ যোগ কৰিব আৰু ইয়াৰ আনুমানিক খৰচ হ’ব ২,৫২৬ কোটি টকা। প্ৰকল্পটোৰ সম্পূৰ্ণ হোৱাৰ সময়সীমা ৩ বছৰ। গুজৰাটত পৰ্যটনক প্ৰসাৰিত কৰাৰ উপৰি এই নতুন ৰে’ল পথে নিমখ, চিমেণ্ট, কয়লা, ক্লিংকাৰ আৰু বেনটনাইটৰ পৰিবহণতো সহায় কৰিব। এই প্ৰকল্পৰ কৌশলগত গুৰুত্ব হ’ল ই কচ্চ ৰাণৰ সৈতে সংযোগ প্ৰদান কৰিব। হৰপ্পা ক্ষেত্ৰ ধোলাভিৰা, কোটেশ্বৰ মন্দিৰ, নাৰায়ণ সৰোবৰ আৰু লখপট দুৰ্গও ৰে’ল নেটৱৰ্কে সামৰি ল’ব কাৰণ ১৩টা নতুন ৰে’ল ষ্টেচন সংযোজন কৰা হ’ব যাৰ ফলত ৮৬৬খন গাঁও আৰু প্ৰায় ১৬ লাখ জনসংখ্যা উপকৃত হ’ব।

বৃহৎ পৰিসৰত সংযোগ বৃদ্ধিৰ বাবে অনুমোদিত মাল্টি ট্ৰেকিং প্ৰকল্পসমূহে প্ৰায় ৩,১০৮খন গাঁও আৰু প্ৰায় ৪৭.৩৪ লাখ জনসংখ্যা আৰু এখন আকাংক্ষিত জিলা (কালাবুৰ্গী)ৰ সংযোগ প্ৰদান কৰিব, যাৰ ফলত কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসমৰ দৰে ৰাজ্যসমূহ উপকৃত হ’ব। কৰ্ণাটক আৰু তেলেংগানাত বিস্তৃত ১৭৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছেকেন্দ্ৰবাদ (সনাথনগৰ)-ৱাডী তৃতীয় আৰু চতুৰ্থ লাইনৰ কাম সম্পূৰ্ণ হোৱাৰ সময় পাঁচ বছৰ আৰু ইয়াৰ বাবে ব্যয় ৫,০১২ কোটি টকা ধাৰ্য কৰা হৈছে, আনহাতে বিহাৰৰ ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভগলপুৰ-জামালপুৰ তৃতীয় লাইনৰ নিৰ্মাণৰ সময় তিনি বছৰৰ আৰু ইয়াৰ বাবে ১,১৫৬ কোটি টকা ধাৰ্য কৰা হৈছে। ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফৰকাটিং-নিউ তিনিচুকীয়া দ্বৈত পথ প্ৰকল্পৰ বাবে নিৰ্মাণৰ সময় চাৰি বছৰ নিৰ্ধাৰণ কৰি ৩,৬৩৪ কোটি টকা ধাৰ্য কৰা হৈছে।

বৰ্ধিত লাইন ক্ষমতাই গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব, যাৰ ফলত ভাৰতীয় ৰে’লৱেৰ কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত হ’ব। এই মাল্টি-ট্ৰেকিং প্ৰকল্পসমূহে কাৰ্য্যকলাপ সুশৃংখলিত কৰা আৰু যাত্ৰীৰ ভিৰ হ্ৰাস কৰাটো নিশ্চিত। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, যিয়ে অঞ্চলটোৰ জনসাধাৰণক সৰ্বাংগীন উন্নয়নৰ জৰিয়তে "আত্মনিৰ্ভৰ" কৰি তুলিব যাৰ ফলত তেওঁলোকৰ কৰ্মসংস্থাপন/স্বনিয়োজনৰ সুযোগ বৃদ্ধি পাব।

এই প্ৰকল্পসমূহ পিএম-গতি শক্তি নেচনেল মাষ্টাৰ প্লেনৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে, যাৰ লক্ষ্য হৈছে সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে বহু-আৰ্হিৰ সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধি কৰা। গুজৰাট, কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসমৰ ১৩খন জিলাক সামৰি লোৱা এই চাৰিটা প্ৰকল্পই ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্কত প্ৰায় ৫৬৫ কিলোমিটাৰ দৈৰ্ঘ্য যোগ কৰিব।

কয়লা, চিমেণ্ট, ক্লিংকাৰ, ফ্লাইছ, তীখা, কণ্টেইনাৰ, সাৰ, কৃষিজাত সামগ্ৰী আৰু পেট্ৰলিয়াম সামগ্ৰী আদি সামগ্ৰী পৰিবহণৰ বাবে এইবোৰ অপৰিহাৰ্য পথ। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ৬৮ এমটিপিএ (বছৰি মিলিয়ন টন) অতিৰিক্ত মালবাহী যাতায়ত হ’ব। ৰে’লৱে পৰিৱেশ অনুকূল আৰু শক্তি-দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ বাবে জলবায়ুৰ লক্ষ্যত উপনীত হোৱাত আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস, তেল আমদানি হ্ৰাস (৫৬ কোটি লিটাৰ) আৰু কাৰ্বন নিৰ্গমন (৩৬০ কোটি কিলোগ্ৰাম) হ্ৰাস কৰাত সহায় কৰিব, যিটো ১৪ কোটি গছ ৰোপণৰ সমতুল্য।

প্ৰস্তাৱিত প্ৰকল্পসমূহৰ লক্ষ্য হৈছে কয়লা, কণ্টেইনাৰ, চিমেণ্ট, কৃষি সামগ্ৰী, অটোম’বাইল, পি অ’ এল, লোহা আৰু তীখা আৰু অন্যান্য সামগ্ৰী পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ পথসমূহত লাইন ক্ষমতা বৃদ্ধি কৰি লজিষ্টিক দক্ষতা বৃদ্ধি কৰা। এই পদক্ষেপে যোগান শৃংখলসমূহক অনুকূল কৰি তোলাত আৰু অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi