প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে ২০৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১০১.৩০০ কিলোমিটাৰ (খোৱাই) ৰপৰা ২৩৬.২১৩ কিলোমিটাৰ (হাৰিনা)লৈকে পথৰ পকী কিনাৰযুক্ত দুটা লেনলৈ উন্নয়ন আৰু বহলীকৰণৰ বাবে অনুমোদন জনাইছে। এই ৰাষ্ট্ৰীয় ঘাইপথৰ ত্ৰিপুৰাত মুঠ দৈৰ্ঘ্য ১৩৪.৯১৩ কিলোমিটাৰ।

এই প্ৰকল্পত ২,৪৮৬.৭৮ কোটি টকা বিনিয়োগ কৰা হ’ব। ১,৫১১.৭০ কোটি টকা (২৩,১২৯ নিযুত জেপিৱাই) ঋণৰ উপাদান অন্তৰ্ভুক্ত কৰা হৈছে। অফিচিয়েল ডেভেলপমেন্ট এচিষ্টেন্স (ODA) আঁচনিৰ অধীনত জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা (JICA) ৰপৰা এই ঋণ সহায়তা লাভ কৰা হ’ব। এই প্ৰকল্পৰ জৰিয়তে ত্ৰিপুৰাৰ ভিন্ন প্ৰান্তৰ মাজত উন্নত পথ সংযোগ সুচল হোৱাৰ লগতে বৰ্তমানৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও ত্ৰিপুৰাৰপৰা অসম আৰু মেঘালয়লৈ বিকল্প পথৰ সুবিধা প্ৰশস্ত হৈ পৰিব।

লাভা-লাভসমূহঃ

অঞ্চলটোৰ আৰ্থ-সামাজিক প্ৰয়োজনীয়তাৰ বিবেচনাৰে সুচল আৰু মটৰচালিত পথৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এই প্ৰকল্পটো বাছনি কৰা হৈছে। ২০৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প অংশৰ উন্নয়নে ২০৮এ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিয়তে অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সংযোগৰ অগ্ৰগতি সাধনেই নহয়, বৰঞ্চ ট্ৰেনজিটৰ সময়ো হ্ৰাসৰ লগতে যাত্ৰীসকললৈ সুৰক্ষিত যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। এই প্ৰকল্প অংশটো বাংলাদেশ সীমান্তৰ অতি ওচৰেদি পাৰ হৈ গৈছে আৰু ইয়াৰ ফলত কৈলাশাহাৰ, কমলপুৰ আৰু খোৱাই সীমান্ত চেক প’ষ্টৰ জৰিয়তে বাংলাদেশৰ সৈতে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব। প্ৰকল্প অংশৰ উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ পথ নেটৱৰ্কৰ উন্নতিৰ লগে-লগে স্থল সীমান্তৰ বাণিজ্যৰো বৰ্ধন ঘটিব।

নিৰ্বাচিত অংশই ৰাজ্যখনৰ বিকাশ আৰু আয়ৰ ক্ষেত্ৰত পিছপৰা কৃষি বেল্ট, পৰ্যটনস্থলী, ধৰ্মীয় স্থান আৰু জনজাতীয় লোকৰ বসতিপ্ৰধান জিলাসমূহৰ সৈতে উন্নত যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ফলশ্ৰুতিত ৰাজ্যখনলৈ অধিক ৰাজহ আহৰণৰ লগতে স্থানীয় জনসাধাৰণৰ বাবে আয়ৰ সৃষ্টিত সহায়ক হ’ব।

এই প্ৰকল্প অংশৰ নিৰ্মাণ দুবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। এই ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে ৫ বছৰ (নমনীয় পদপথৰ ক্ষেত্ৰত)/নিৰ্মাণ সম্পূৰ্ণৰ পিছত ১০ বছৰ (কঠিন পদপথৰ ক্ষেত্ৰত) অন্তৰ্ভুক্ত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India