‘চেনী ঋতু ২০২৫-২৬’ৰ বাবে কুঁহিয়াৰ খেতিয়কসকলক চেনী কলসমূহে পৰিশোধ কৰিব লগা কুঁহিয়াৰৰ ‘উচিত আৰু লাভকাৰী মূল্য’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে
কুঁহিয়াৰ খেতিয়কসকলৰ বাবে ৩৫৫টকা/কুইণ্টল হিচাপত ‘উচিত আৰু লাভকাৰী মূল্য’ অনুমোদিত হৈছে
এই সিদ্ধান্তই ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলক লাভান্বিত কৰিব, লগতে চেনী কল আৰু আনুষঙ্গিক কাৰ্যকলাপত নিয়োজিত ৫ লাখ শ্ৰমিক উপকৃত হ'ব

কুঁহিয়াৰ খেতিয়ক (গন্না কিষান)সকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটি’য়ে ২০২৫-২৬ বৰ্ষৰ ‘চেনী ঋতু’(অক্টোবৰ-ছেপ্টেম্বৰ)ৰ বাবে ১০.২৫% ‘বেছিক ৰিক’ভাৰী ৰেট’(বুনিয়াদী পুনৰুদ্ধাৰ দৰ)ৰ বাবে ৩৫৫টকা/কুইণ্টল হিচাপত কুঁহিয়াৰৰ ‘উচিত আৰু লাভকাৰী মূল্য’ (এফআৰপি) নিৰ্দ্ধাৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। এই অনুমোদনত ১০.২৫% তকৈ অধিক পুনৰুদ্ধাৰ দৰৰ প্ৰতিটো ০.১% বৃদ্ধিৰ বাবে ৩.৪৬টকা/কুইণ্টল টকাৰ ‘প্ৰিমিয়াম’ প্ৰদান কৰাৰ লগতে ‘বেছিক ৰিক’ভাৰী ৰেট’ৰ প্ৰতি ০.১% হ্ৰাসৰ বাবে ‘এফআৰপি’-ত ৩.৪৬টকা/কুইণ্টল হ্ৰাসক সামৰি লোৱা হৈছে।

অৱশ্যে, কুঁহিয়াৰ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে পুনৰুদ্ধাৰৰ দৰ ৯.৫%-ৰ তলত থকা চেনী কলসমূহৰ ক্ষেত্ৰত কোনো কৰ্তন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। এইসকল কৃষকে ২০২৫-২৬ বৰ্ষত কুঁহিয়াৰৰ বাবে ৩২৯.০৫টকা/কুইণ্টল দৰ লাভ কৰিব।

২০২৫-২৬ বৰ্ষৰ ‘চেনী ঋতু’ৰ বাবে কুঁহিয়াৰৰ উৎপাদন ব্যয় (এ2 +এফএল) হৈছে ১৭৩টকা/কুইণ্টল। ১০.২৫% পুনৰুদ্ধাৰ হাৰত ৩৫৫টকা/কুইণ্টলৰ এই ‘এফআৰপি’ উৎপাদন ব্যয়তকৈ ১০৫.২%ৰে অধিক। চেনী ঋতু ২০২৫-২৬’-ৰ বাবে ‘এফআৰপি’ চলিত ‘চেনী ঋতু ২০২৪-২৫’তকৈ ৪.৪১%ৰে অধিক।

অনুমোদিত ‘এফআৰপি’ চেনী কলসমূহে ‘চেনী ঋতু ২০২৫-২৬’ (১ অক্টোবৰ, ২০২৫ তাৰিখৰ পৰা আৰম্ভ)ত কৃষকসকলৰ পৰা কুঁহিয়াৰ ক্ৰয় কৰাৰ বাবে প্ৰযোজ্য হ'ব। চেনী খণ্ড হৈছে এক গুৰুত্বপূৰ্ণ কৃষি-আধাৰিত খণ্ড যি প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু কৃষি শ্ৰমিক আৰু পৰিবহনকে ধৰি বিভিন্ন আনুষঙ্গিক কাৰ্যকলাপত নিয়োজিত সকলৰ উপৰিও তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰায় ৫ লাখ শ্ৰমিকৰ জীৱিকা প্ৰভাৱিত কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001OLOX.png

পটভূমি:
‘কৃষি ব্যয় আৰু মূল্য আয়োগ’ (চিএচিপি)ৰ পৰামৰ্শক আধাৰ কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ পৰামৰ্শৰ পিছত এফআৰপি নিৰ্ধাৰণ কৰা হৈছে।।

২৮-০৪-২০২৫ তাৰিখ পৰ্যন্ত কৃষকসকলক আগৰটো ‘চেনী ঋতু ২০২৩-২৪’ৰ ১,১১,৭৮২ কোটি টকাৰ কুঁহিয়াৰৰ বকেয়াৰ প্ৰায় ১,১১,৭০৩ কোটি টকা পৰিশোধ কৰা হৈছে; সেয়েহে, ৯৯.৯২% কুঁহিয়াৰৰ বকেয়া আদায় দিয়া হৈছে। চলিত চেনী ঋতু ২০২৪-২৫ত, ২৮-০৪-২০২৫ তাৰিখ পৰ্যন্ত কৃষকসকলক ৯৭,২৭০ কোটি টকাৰ কুঁহিয়াৰৰ বকেয়াৰ প্ৰায় ৮৫,০৯৪ কোটি টকা পৰিশোধ কৰা হৈছে; সেয়েহে, ৮৭% কুঁহিয়াৰৰ পাওনা আদায় দিয়া হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India, Australia clinched Uranium deal

Media Coverage

How India, Australia clinched Uranium deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”