প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ বহনক্ষম উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনালৈকেএনবিএছ ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত (MT)৩,৫০০ টকাৰ বাহিৰেও ডাই-এমোনিয়াম ফছফেট (DAP)ৰ এক-কালীন বিশেষ পেকেজ সম্প্ৰসাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে সম্ভাৱ্য বাজেটৰ প্ৰয়োজনীয়তা প্ৰায় ৩,৮৫০ কোটি টকাপৰ্য্যন্ত হ’ব পাৰে।

পটভূমিঃ

কৃষকসকললে২৮ গ্ৰেডৰ পিএণ্ডকে সাৰ সাৰ উৎপাদনকাৰী/আমদানিকাৰীৰ জৰিয়তে ৰাজসাহায্যযুক্ত মূল্যত লাভ কৰিব।কৃষকসকলে ২০১০ৰ ১ এপ্ৰিলৰপৰা কাৰ্য্যকৰী হোৱাএনবিএছ আঁচনিৰ জৰিয়তেপিএণ্ডকে সাৰৰ ওপৰত ৰাজসাহায্য লাভ কৰি আহিছে। কৃষকৰ কল্যাণ সাধনত দৃঢ় মনোযোগ অক্ষুণ্ণৰে তেওঁলোকক শীৰ্ষ সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্য অব্যাহত ৰাখি ভাৰত চৰকাৰে ডাই-এমোনিয়াম ফছফেট (DAP) সাৰৰ মূল্য অপৰিৱৰ্তিত ৰাখি কৃষকসকলক ব্যাপক সকাহ প্ৰদান কৰিছে। ভূ-ৰাজনৈতিক বাধা আৰু বিশ্বৰ অস্থিৰ বজাৰ পৰিস্থিতিৰ মাজতো চৰকাৰে ২০২৪-২৫ খাৰিফ আৰু ৰবিৰ বাবে সুলভ মূল্যত কৃষকসকললৈ ডিএপিৰ উপলব্ধতা নিশ্চিতকৰণেৰে কৃষক অনুকূল পদ্ধতিৰ প্ৰতি ইয়াৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখিছে। কেবিনেটে ২০২৪ৰ জুলাইত ২০২৪ৰ ১ এপ্ৰিলৰপৰা ৩১ ডিচেম্বৰলৈ এনবিএছ ৰাজসাহায্য প্ৰতি মেট্ৰিক টনত৩,৫০০ টকাৰ বাহিৰেও ডিএপিৰ ওপৰত এক-কালীন বিশেষ পেকেজত অনুমোদন জনাইছিল আৰু ইয়াৰ আনুমানিক বাজেট আছিল ২,৬২৫ কোটি টকা। আজি (১-১-২০২৫) অনুষ্ঠিত কেবিনেট বৈঠকে আনুমানিক ৩৮৫০ কোটি টকাৰবাজেট পৰ্য্যন্ত ডিএপিৰ বিশেষ পেকেজ সম্প্ৰসাৰিত কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ লগে-লগে ২০২৪ৰ এপ্ৰিলৰপৰা ডিএপিৰ বাবে অনুমোদিত বিশেষ পেকেজৰ মুঠ পৰিমাণ ৬,৪৭৫ কোটি টকাৰো অধিক হ’ব। এই পদক্ষেপে কৃষকসকললৈ সুলভ মূল্যত ডিএপিৰ উপলব্ধতা নিশ্চিত কৰিব।

লাভা-লাভঃকৃষকসকললৈ ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসংগত মূল্যত ডিএপিৰ উপলব্ধতা নিশ্চিত হ’ব।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যঃ২০২৫ৰ ১ জানুৱাৰীৰপৰা পৰৱৰ্তী নিৰ্দেশনা লাভনকৰালৈকেকৃষকসকললৈ সুলভ মূল্যত ডিএপি সাৰৰ সুচল উপলব্ধতা নিশ্চিতকৰণৰ অৰ্থে অনুমোদিত এনবিএছ ৰাজসাহায্যইডিএপিতপ্ৰতি মেট্ৰিক টনত৩,৫০০ টকাৰ বিশেষ পেকেজ আগবঢ়াব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi