৬,৫০০ৰো অধিক শিক্ষাৰ্থীক অধ্যয়নৰ সুবিধা প্ৰদানৰ বাবে এই প্ৰধান প্ৰতিষ্ঠানসমূহ সম্প্ৰসাৰণ
উদ্যোগ-শিক্ষা ক্ষেত্ৰত সংযোগ শক্তিশালী কৰিবলৈ পাঁচখন নতুন অত্যাধুনিক গৱেষণা উদ্যানো স্থাপন কৰা হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ (আই আই টি তিৰুপতি), কেৰালা (আই আই টি পালাক্কাড়), ছত্তীশগড় (আই আই টি ভিলাই), জম্মু-কাশ্মীৰ (আই আই টি জম্মু) আৰু কৰ্ণাটক (আই আই টি ধাৰৱাড়)ত স্থাপন কৰা পাঁচখন নতুন আই আই টিৰ শৈক্ষিক আৰু আন্তঃগাঁথনি ক্ষমতা (পৰ্যায়-'বি' নিৰ্মাণ) সম্প্ৰসাৰণত অনুমোদন জনাইছে।

২০২৫-২৬ৰ পৰা ২০২৮-২৯ লৈ এই চাৰি বছৰত ইয়াৰ বাবে মুঠ ব্যয় হ’ব ৩ কোটি টকা।

মন্ত্ৰীসভাই এই আই আই টিসমূহত ১৩০ টা অধ্যাপকৰ পদ (অধ্যাপকৰ স্তৰ অৰ্থাৎ ১৪ পৰ্যায় আৰু তাৰ ওপৰৰ পৰ্যায়ৰ) সৃষ্টি কৰাৰ বাবেও অনুমোদন জনাইছে।

উদ্যোগ-শিক্ষা ক্ষেত্ৰৰ সংযোগ শক্তিশালী কৰিবলৈ পাঁচখন নতুন অত্যাধুনিক গৱেষণা উদ্যানো স্থাপন কৰা হ’ব।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্যসমূহ:

প্ৰথম বৰ্ষত ১,৩৬৪ গৰাকী, দ্বিতীয় বৰ্ষত ১,৭৩৮ গৰাকী, তৃতীয় বৰ্ষত ১,৭৬৭ গৰাকী আৰু চতুৰ্থ বৰ্ষত ১,৭০৭ গৰাকী আণ্ডাৰ গ্ৰেজুৱেট (ইউজি), পোষ্ট গ্ৰেজুৱেট (পিজি) আৰু পিএইচডি পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী বৃদ্ধিৰ সৈতে অহা চাৰি বছৰত এই আই আই টিসমূহত শিক্ষাৰ্থীৰ সংখ্যা ৬,৫০০তকৈ অধিক বৃদ্ধি পাব।

হিতাধিকাৰীসকল:

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই পাঁচখন আই আই টিয়ে বৰ্তমানৰ ৭,১১১ গৰাকী শিক্ষাৰ্থীৰ সংখ্যাৰ বিপৰীতে, অৰ্থাৎ ৬,৫৭৬ গৰাকী শিক্ষাৰ্থীৰ বৃদ্ধিৰ বিপৰীতে ১৩,৬৮৭ গৰাকী শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব। মুঠ আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে অতিৰিক্ত ৬,৫০০ৰো অধিক শিক্ষাৰ্থীয়ে এতিয়া দেশৰ আটাইতকৈ সন্মানীয় আৰু আকাংক্ষিত শিক্ষা প্ৰতিষ্ঠানসমূহত অধ্যয়ন কৰাৰ তেওঁলোকৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব। ই দক্ষ কৰ্মশক্তি সৃষ্টি কৰি, উদ্ভাৱনক চালনা কৰি আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰি ৰাষ্ট্ৰ নিৰ্মাণক উৎসাহিত কৰিব। ই সামাজিক গতিশীলতা বৃদ্ধি কৰে, শৈক্ষিক বৈষম্য হ্ৰাস কৰে আৰু ভাৰতৰ বৈশ্বিক স্থিতি শক্তিশালী কৰে।

নিয়োগ সৃষ্টি:

শিক্ষাৰ্থীৰ সংখ্যাৰ লগতে বৰ্ধিত সুবিধাসমূহ পৰিচালনা কৰিবলৈ শিক্ষক, প্ৰশাসনিক কৰ্মচাৰী, গৱেষক আৰু সহায়ক কৰ্মচাৰী নিযুক্তিৰ জৰিয়তে প্ৰত্যক্ষ নিযুক্তি সৃষ্টি কৰা হ’ব। লগতে আই আই টি চৌহদৰ সম্প্ৰসাৰণে আবাস, পৰিবহণ আৰু সেৱাৰ চাহিদা সৃষ্টি কৰি স্থানীয় অৰ্থনীতিক উৎসাহিত কৰে। আই আই টিৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত উদ্ভাৱন আৰু ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰ অধিক শক্তিশালী হৈ পৰিছে, যিয়ে বিভিন্ন খণ্ডত নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

ৰাজ্য আৰু জিলাসমূহ:

এই পাঁচখন আই আই টি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ (আই আই টি তিৰুপতি), কেৰালা (আই আই টি পালাক্কাড়), ছত্তীশগড় (আই আই টি ভিলাই), জম্মু আৰু কাশ্মীৰ (আই আই টি জম্মু) আৰু কৰ্ণাটক (আই আই টি ধাৰৱাড়) অৱস্থিত। অৱশ্যে আই আই টিত নামভৰ্তি সমগ্ৰ ভাৰতৰ ভিত্তিত হয় আৰু সেয়েহে এই সম্প্ৰসাৰণে সমগ্ৰ দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক উপকৃত কৰিব।

২০২৫-২৬ৰ বাজেটত ঘোষণা কৰা হৈছে:

‘যোৱা ১০ বছৰত ২৩ খন আই আই টিত মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৬৫,০০০ৰ পৰা ১.৩৫ লাখলৈ ১০০ শতাংশ বৃদ্ধি পাইছে। ২০১৪ চনৰ পাছত আৰম্ভ হোৱা পাঁচখন আই আই টিত অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰা হ’ব যাতে আৰু ৬,৫০০ গৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সুবিধা হয়।’

পটভূমি:

এই পাঁচখন নতুন আই আই টি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল অন্ধ্ৰপ্ৰদেশ (আই আই টি তিৰুপতি), কেৰালা (আই আই টি পালাক্কাড়), ছত্তীশগড় (আই আই টি ভিলাই), জম্মু-কাশ্মীৰ (আই আই টি জম্মু) আৰু কৰ্ণাটক (আই আই টি ধাৰৱাড়)ত স্থাপন কৰা হৈছিল। পালাক্কাড় আৰু তিৰুপতিত আই আই টিৰ শৈক্ষিক অধিৱেশন ২০১৫-১৬ত আৰম্ভ হৈছিল আৰু বাকী তিনিখনৰ অস্থায়ী চৌহদৰ পৰা ২০১৬-১৭ত আৰম্ভ হৈছিল। এই আই আই টিসমূহে বৰ্তমান স্থায়ী চৌহদৰ পৰা নিজৰ কাম-কাজ চলাই আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over the mishap at the Visakhapatnam Steel Plant
June 08, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed sadness over the mishap at the Visakhapatnam Steel Plant. The Prime Minister extended his condolences to those who have lost their loved ones and prayed that the injured recover at the earliest. He noted that the local authorities are providing all possible assistance to those affected.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The Prime Minister added that the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"Saddened by the mishap at the Visakhapatnam Steel Plant. Condolences to those who have lost their loved ones. Praying that the injured recover at the earliest. The local authorities are providing all possible assistance to those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"