প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে যুৱ বিকাশ আৰু যুৱকেন্দ্ৰিক উন্নয়নৰ বাবে প্ৰযুক্তিচালিত এক ব্যাপক সক্ষম ব্যৱস্থা হিচাপে কাম কৰিবলৈ আৰু যুৱক-যুৱতীসকলক সমান সুবিধা প্ৰদান কৰি তেওঁলোকৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰা আৰু চৰকাৰৰ সমগ্ৰ ব্যৱস্থাত বিকশিত ভাৰত গঢ়ি তুলিব পৰাকৈ মেৰা যুৱ ভাৰত (MY Bharat) শীৰ্ষক এক স্বতন্ত্ৰ সংস্থা স্থাপনত অনুমোদন জনাইছে৷

প্ৰভাৱঃ

মেৰা যুৱ ভাৰত (MY Bharat)ৰ প্ৰাথমিক উদ্দেশ্য হৈছে ইয়াক যুৱ বিকাশৰ বাবে চৰকাৰৰ এক সমগ্ৰ মঞ্চ হিচাপে গঢ়ি তোলা৷ নতুন ব্যৱস্থাৰ অধীনত সম্পদৰ সুবিধা আৰু সুযোগৰ সৈতে সংযোগ স্থাপন কৰি যুৱক-যুৱতীসকল  পৰিৱৰ্তনৰ এজেণ্ট তথা ৰাষ্ট্ৰ নিৰ্মাতা হৈ পৰিব আৰু যাৰ ফলত তেওঁলোকে চৰকাৰ আৰু নাগৰিকৰ মাজত যুৱ সেতু হিচাপে কাম কৰিব।  অপৰিসীম যুৱ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাটো চৰকাৰৰ লক্ষ্য।

সবিশেষঃ

স্বতন্ত্ৰ সংস্থা, মেৰা যুৱ ভাৰত (MY Bharat) এ ৰাষ্ট্ৰীয় যুৱ নীতিত ‘যুৱক’ৰ সংজ্ঞা অনুসৰি ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব। বিশেষভাৱে কিশোৰ-কিশোৰীসকলৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচীৰ ক্ষেত্ৰত হিতাধিকাৰীসকল ১০-১৯ বছৰৰ বয়সৰ হ’ব।

মেৰা যুৱ ভাৰত (MY Bharat) গঠনৰ ফলতঃ-

ক৷ যুৱক-যুৱতীৰ মাজত নেতৃত্বৰ গুণ বিকশিত হ’বঃ

  1. অভিজ্ঞতাভিত্তিক শিক্ষণৰ জৰিয়তে নেতৃত্ব বহনৰ দক্ষতা উন্নত কৰা।
  2. যুৱক-যুৱতীসকলক সামাজিক উদ্ভাৱক, সমূদায়ৰ নেতা হিচাপে গঢ়ি তুলিবলৈ অধিক বিনিয়োগ কৰা।
  3. যুৱক-যুৱতীকেন্দ্ৰিক উন্নয়নৰ ওপৰত চৰকাৰে মনোনিৱেশ কৰা আৰু যুৱক-যুৱতীসকলক কেৱল “নিষ্ক্ৰিয় গ্ৰাহক” হিচাপে নলৈ, উন্নয়নৰ “সক্ৰিয় চালক” কৰি তোলা।

 

খ৷ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু সমুদায়ৰ প্ৰয়োজনীয়তাৰ মাজত উপযুক্ত সমন্বয় ৰক্ষা কৰা।

গ৷ বৰ্তমানৰ কাৰ্যসূচীসমূহৰ সৈতে সংগতি ৰাখি দক্ষতা বৃদ্ধি কৰা।

ঘ৷ যুৱক-যুৱতী আৰু মন্ত্ৰালয়ৰ বাবে ৱান ষ্টপ শ্বপ হিচাপে কাম কৰা।

ঙ৷ এক কেন্দ্ৰীভূত যুৱ ডাটা বেছ গঢ়ি তোলা৷

চ৷ চৰকাৰৰ যুৱকেন্দ্ৰিক পদক্ষেপ আৰু যুৱক-যুৱতীসকলৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলৰ কাৰ্য্যকলাপক সংযোগ কৰিবলৈ উভয় পক্ষৰ যোগাযোগ উন্নত কৰা।

ছ৷ সুগম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাটো নিশ্চিত কৰা।

পটভূমিঃ

‘সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী’ৰ নীতিৰ দ্বাৰা পৰিচালিত যুৱক-যুৱতী আৰু তেওঁলোকৰ সবলীকৰণক জড়িত কৰাৰ লক্ষ্যৰে ক্ষিপ্ৰ যোগাযোগ, ছ’চিয়েল মিডিয়া, নতুন ডিজিটেল সুযোগ আৰু নতুন প্ৰযুক্তিৰ পৰিৱেশ থকা দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্বত সামগ্ৰিক সক্ষম ব্যৱস্থা স্থাপনৰ বাবে চৰকাৰে মেৰা যুৱ ভাৰত (MY Bharat)ৰ শীৰ্ষক নতুন স্বতন্ত্ৰ সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 ফেব্ৰুৱাৰী 2026
February 06, 2026

4.5 Crore Hearts Connected – PM Modi’s Masterclass in Exam & Life Wisdom #ParikshaPeCharcha2026

PM Modi’s Reforms Shine: 10x Railway Boost, Global Deals & Indigenous Strength Fuel Viksit Bharat