প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে উত্তৰাখণ্ডত গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহাব জীলৈ (১২.৪ কিলোমিটাৰ) ৰ’পৱে উন্নয়ন প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে ব্যয় হ’ব ২,৭৩০.১৩ কোটি টকা।

বৰ্তমান গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহাবলৈ ২১ কিলোমিটাৰ যাত্ৰা খোজকাঢ়ি অথবা ঘোঁৰা আৰু পালঙ্কুইনেৰে ঢাকিব লগা হৈছে। হেমকুণ্ড চাহাবৰ তীৰ্থযাত্ৰী আৰু যাত্ৰীসকলৰ সুবিধাৰ্থে এই ৰ’পৱেৰ পৰিকল্পনা কৰা হৈছে।

ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে এই ৰ’পৱে’টো গোবিন্দঘাটৰ পৰা ঘাংগৰিয়ালৈ (১০.৫৫ কিলোমিটাৰ)লৈ মনোকেবল ডিটাচেবল গণ্ডোলা (এমডিজি)ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব, যিটো ঘাংগৰিয়াৰ পৰা হেমকুণ্ড চাহিব জী (১.৮৫ কিলোমিটাৰ)লৈকে আটাইতকৈ উন্নত ট্ৰাইকেবল ডিটাচেবল গণ্ডোলা (৩এছ) প্ৰযুক্তিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত কৰা হ’ব। ইয়াৰ জৰিয়তে প্ৰতি ঘণ্টাত ১১০০ যাত্ৰী কঢ়িয়াই নিব পাৰিব। ইয়াৰ দৈনিক ১১,০০০ যাত্ৰী বহনক্ষমত আছে।

এই ৰ’পৱে প্ৰকল্পৰ নিৰ্মাণ আৰু পৰিচালনাই আতিথ্য, ভ্ৰমণ, খাদ্য আৰু পানীয় (এফএণ্ডবি) আৰু পৰ্যটনৰ দৰে খণ্ডত বছৰজুৰি উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

ৰ’পৱে প্ৰকল্পৰ উন্নয়ন সুষম আৰ্থ-সামাজিক উন্নয়নক লাভান্বিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ইয়াৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ সংযোগ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশ সাধন নিশ্চিত কৰিব।

হেমকুণ্ড চাহাব উত্তৰাখণ্ডৰ চামোলী জিলাৰ ১৫ হাজাৰ ফুট উচ্চতাত অৱস্থিত। পবিত্ৰ স্থানত প্ৰতিষ্ঠিত এই গুৰুদ্বাৰাটো প্ৰতি বছৰে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ৫ মাহ খোলা থাকে। প্ৰতি বছৰে ইয়ালৈ ১.৫ৰ পৰা ২ লাখ তীৰ্থযাত্ৰী আহে। গাৰৱাল হিমালয়াত অৱস্থিত বিখ্যাত ফুলৰ উপত্যকাৰ প্ৰৱেশদ্বাৰ হেমকুণ্ড চাহাবক ইউনেস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও স্বীকৃতি দিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional