প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱনাৰ জৰিয়তে সমগ্ৰ দেশত আৰু বিশ্বৰ শিখ ধৰ্মৰ সংস্থাপক গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী অনাগত বৰ্ষত ধুমধামেৰে পালন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ৰাজ্য চৰকাৰ আৰু বিদেশত ভাৰতীয় দূতাবাসৰ সৈতে এই সমাৰোহ পালন কৰা হ’ব৷ গুৰু নানক দেৱজীৰ প্ৰেম, শান্তি, সমতা আৰু ভ্ৰাতৃত্ববোধৰ শিক্ষাসমূহৰ শ্বাস্বত মূল্য আছে৷

কেবিনেটে লোৱা সিদ্ধান্তসমূহৰ বৈশিষ্টসমূহ নিম্নোল্লিখিত ৰূপত প্ৰদান কৰা হ’ল-

কৰতাৰপুৰ সাহিব কৰিডৰৰ বিকাশঃ

এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় কেবিনেটে গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানকৰ পৰা আন্তৰ্জাতিক সীমালৈ কৰতাৰপুৰ কৰিডৰৰ নিৰ্মাণ আৰু বিকাশৰ অনুমোদন প্ৰদান কৰিছে যাতে ভাৰতৰ পৰা তীৰ্থযাত্ৰীসকলে সহজে পাকিস্তানৰ ৰাবী নদীৰ তীৰত অৱস্থিত গুৰুদ্বাৰা দৰবাৰ চাহিব কৰতাৰপুৰলৈ যাব পাৰে য’ত গুৰু নানক দেৱজীয়ে তেওঁৰ জীৱনৰ ১৮টা বৰ্ষ অতিবাহিত কৰিছিল৷ ইয়াৰ দ্বাৰা তীৰ্থযাত্ৰীসকলে গোটেই বৰ্ষতে পবিত্ৰ গুৰুদ্বাৰলৈ ভ্ৰমণ কৰিব পাৰিব৷

কৰতাৰপুৰ কৰিডৰৰ কাৰ্য চৰকাৰৰ সাহাৰ্যত এক সংযুক্ত বিকাশ পৰিযোজনাৰ ৰূপত কৰা হ’ব যাতে সকলো আধুনিক সুবিধা এই পথেৰে অহা-যোৱা কৰা তীৰ্থযাত্ৰীসকলে লাভ কৰিব পাৰে৷ চৰকাৰে তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে উপযুক্ত ব্যৱস্থা প্ৰদান কৰিব৷ এই সন্দৰ্ভত পাকিস্তান চৰকাৰৰ পৰা আগ্ৰহ কৰা হৈছে যে তেওঁলোকে যাতে শিখ সম্প্ৰদায়ৰ ভাৱনা অনুধাৱন কৰিব পাৰে আৰু উচিত সুবিধাৰ সৈতে নিজৰ অঞ্চলতো যাতে এই কৰিডৰ বিকশিত কৰে৷

চুলতানপুৰ লোধীৰ বিকাশঃ

কেন্দ্ৰীয় কেবিনেটে এয়াও সিদ্ধান্ত লৈছে যে গুৰু নানক দেৱজীৰ জীৱনৰ সৈতে জড়িত ঐতিহাসিক চহৰ চুলতানপুৰ লোধীকো শক্তি দক্ষতাৰ সৈতে স্মাৰ্ট চিটীৰ সমান ব্যৱস্থাৰে এক ধৰোহৰ চহৰ হিচাপে বিকশিত কৰা হ’ব যাৰ দ্বাৰা এয়া অনুধাৱন কৰিব পৰা হ’ব যে গুৰু নানক দেৱজী সদায়েই প্ৰকৃতিৰ নিৰন্তৰতা আৰু প্ৰকৃতিক প্ৰেম কৰাত গুৰুত্ব প্ৰদান কৰিছিল৷ তীৰ্থ যাত্ৰী আৰু পৰ্যটকৰ বাবে এক মুখ্য আকৰ্ষণৰ ৰূপত চুলতানপুৰ লোধীত এক ধৰোহৰ পৰিসৰ ‘‘পিণ্ড বাবে নানক দা’’ৰ স্থাপন কৰা হ’ব য’ত তেওঁৰ জীৱনাৱলী প্ৰদৰ্শিত কৰা হ’ব৷ চুলতানপুৰ লোধী ৰে’লৱে ষ্টেচনৰ আধুনিকীকৰণ কৰা হ’ব আৰু ষ্টেচনটো সকলো সুবিধাৰে সজ্জিত কৰা হ’ব৷

আন্তঃ সম্প্ৰদায় অধ্যয়ন কেন্দ্ৰ তথা বিদেশী বিশ্ববিদ্যালয়সমূহত আসনঃ

গুৰু নানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰত আন্তঃমত অধ্যয়নৰ এক কেন্দ্ৰ স্থাপিত কৰা হ’ব৷ ব্ৰিটেইন আৰু কানাডাৰ বিশ্ববিদ্যালয়সমূহত গুৰু নানক দেৱজীৰ এখন আসন প্ৰতিষ্ঠা কৰা হ’ব৷ তেওঁৰ জীৱন আৰু শিক্ষাসমূহৰ ওপৰত নতুন দিল্লীত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰা হ’ব৷

দেশবিদেশত সমাৰোহঃ

ৰাজ্য/সংঘ শাসিত প্ৰদেশৰ পৰা আগ্ৰহ কৰা হ’ব যে তেওঁলোকে যাতে গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী ধুমধামেৰে পালন কৰে৷ বিদেশত ভাৰতীয় দূতাবাসে এই উপলক্ষে বিশেষ কাৰ্যক্ৰম আয়োজিত কৰিব৷

স্মাৰক মূদ্ৰা আৰু ডাক টিকটঃ

চৰকাৰে এই স্মৰণযোগ্য ক্ষণত স্মাৰক মূদ্ৰা আৰু ডাক টিকট মুকলি কৰিব৷

ধাৰ্মিক কাৰ্যক্ৰম আৰু প্ৰকাশনঃ

সমগ্ৰ দেশতে ধাৰ্মিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব৷ দূৰদৰ্শনত গুৰু নানক দেৱজীৰ কাৰ্যসূচী আৰু গুৰুবাণী প্ৰচাৰ কৰা হ’ব৷ নেচনেল বুক ট্ৰাষ্টে বিভিন্ন ভাৰতীয় ভাষাত গুৰুবাণীৰ প্ৰকাশ কৰিব৷ ইউনেস্ক’ক অনুৰোধ কৰা হ’ব যে তেওঁলোকে যাতে বিশ্বৰ বিভিন্ন ভাষাত গুৰু নানক দেৱজীৰ ৰচনাসমূহ প্ৰকাশ কৰে৷

তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ ৰে’লঃ

ৰে’ল মন্ত্ৰালয়ে তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে এক বিশেষ ৰে’লৰ ব্যৱস্থা কৰিব যি গুৰু নানক দেৱজীৰ সৈতে জড়িত বিভিন্ন ধাৰ্মিকস্থলসমূহৰ মাজেৰে অতিক্ৰম কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi