মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে চিটি ইনভেষ্টমেন্টছ টু ইনভেটইন্টিগ্ৰেট এণ্ড ছাষ্টেইন ২.০ (CITIIS 2.0)ত অনুমোদন জনালে। ‘চিটিজ ২.০’ (CITIIS 2.0)হৈছে ফ্ৰান্স উন্নয়ন সংস্থা (AFD), ক্ৰেডিটানষ্টাল্ট ফৰ উইডেৰাউফবাউ (KfW), ইউৰোপিয়ানইউনিয়ন (EU)আৰু নেচনেল ইনষ্টিটিউট অৱ আৰবান এফেয়াৰ্ছ (NIUA)ৰ সৈতে অংশীদাৰিত্বৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে (MoHUA) পৰিকল্পনা কৰা এক কাৰ্য্যক্ৰম। এই কাৰ্য্যসূচী চাৰি বছৰ অৰ্থাৎ ২০২৩ ৰপৰা ২০২৭ লৈ ৰূপায়ণ কৰা হ’ব।

এই কাৰ্য্যসূচীয়ে চহৰ পৰ্য্যায়ত সংহত আৱৰ্জনা ব্যৱস্থাপনা, ৰাজ্যিক পৰ্য্যায়ত জলবায়ু-অনুকূল সংস্কাৰ ব্যৱস্থাআৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিষ্ঠানিক সুদৃঢ়কৰণ আৰু জ্ঞানৰ প্ৰচাৰত গুৰুত্ব আৰোপেৰে বৃত্তাকাৰ অৰ্থনীতিক প্ৰোৎসাহিত কৰা প্ৰতিযোগিতামূলকভাৱে নিৰ্বাচিত প্ৰকল্পসমূহক সমৰ্থনৰ পৰিকল্পনা কৰিছে।

‘চিটিজ ২.০’লৈ পুঁজি যোগানৰ উৎস হৈছে এএফডি আৰু কেএফডব্লিউৰপৰা ১৭৬০ কোটি টকা (২০০ নিযুত ইউৰো)ৰ ঋণ (প্ৰত্যেকে ১০০নিযুত ইউৰোকৈ) আৰু ইউৰোপিয়ান ইউনিয়নৰপৰা ১০৬ কোটি টকাৰ (১২ নিযুত ইউৰো) কাৰিকৰী সাহায্য অনুদান।

‘চিটিজ ২.০’ৰ লক্ষ্য হৈছে চিটিজ ১.০ৰ অভিজ্ঞতা আৰু সফলতাক প্ৰয়োগ আৰু ইয়াৰ বৰ্ধন ঘটোৱা। ২০১৮ত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (MoHUA), এএফডি, ইইউআৰু এনআইইউএয়ে যৌথভাৱে চিটিজ ১.০ৰশুভাৰম্ভ কৰিছিল।ইয়াৰ মুঠ ব্যয় আছিল ₹৯৩৩কোটি (১০৬নিযুত ইউৰো)।চিটিজ১.০ৰতিনিটা উপাংশ আছিলঃ

উপাংশ১: এটি প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াৰে ১২ চহৰ-পৰ্য্যায়ৰ প্ৰকল্প বাছনি।

উপাংশ২:ওড়িশাত সামৰ্থ্য-বিকাশৰ কাৰ্য্যকলাপ।

উপাংশ৩:এনআইইউএয়ে গ্ৰহণ কৰা কাৰ্য্যকলাপৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ত সংহত নগৰ ব্যৱস্থাপনাক প্ৰোৎসাহিতকৰণ।যি চিটিজ ১.০ৰ বাবে কাৰ্য্যক্ৰম ব্যৱস্থাপনা ইউনিট (PMU) আছিল

এই কাৰ্য্যসূচীৰ অধীনত ঘৰুৱা বিশেষজ্ঞ, আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞআৰু ট্ৰেন্সভাৰ্ছল বিশেষজ্ঞৰ জৰিয়তে তিনিওটা পৰ্য্যায়তে কাৰিকৰী সহায় উপলব্ধ কৰা হৈছিল। ই প্ৰতিযোগিতামূলক আৰু সমবায় মৈত্ৰীতন্ত্ৰৰ নীতিৰ ওপৰত ভিত্তি কৰি এক অনন্য প্ৰত্যাহ্বান-চালিত বিত্তীয় আৰ্হিৰ জৰিয়তে উদ্ভাৱনীমূলক, সংহত আৰু বহনক্ষম নগৰ উন্নয়ন পদ্ধতিসমূহক মূলসুঁতিলৈ আনে।

চিটিজ১.০ৰআৰ্হি অনুসৰণেৰে, ‘চিটিজ ২.০’ৰ তিনিটা প্ৰধান উপাংশনিৰ্ধাৰণ কৰা হৈছেঃ

উপাংশ১:সংহত আৱৰ্জনা ব্যৱস্থাপনাত গুৰুত্ব আৰোপেৰে বৃত্তাকাৰ অৰ্থনীতিক প্ৰোৎসাহিত কৰা প্ৰতিযোগিতামূলকভাৱে নিৰ্বাচিত প্ৰকল্পৰাজিবাছনিৰ জৰিয়তে ১৮ স্মাৰ্ট চিটিলৈ জলবায়ুৰ স্থিতিস্থাপকতাব্যৱস্থা গঢ় দিয়া, অভিযোজন আৰু প্ৰশমন ব্যৱস্থাত গুৰুত্ব আৰোপকাৰী প্ৰকল্পসমূহৰ বিকাশৰ বাবে আৰ্থিক আৰু কাৰিকৰী সহায়।

উপাংশ২:সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চাহিদাৰ ভিত্তিত সহায় লাভৰ বাবে যোগ্য হ’ব। ৰাজ্যসমূহক (ক) বৰ্তমানৰ ৰাজ্যিক জলবায়ু কেন্দ্ৰসমূহ/ জলবায়ু কোষসমূহ/ সমতুল্য ব্যৱস্থাসমূহ স্থাপন/শক্তিশালী কৰিবলৈ (খ) ৰাজ্য আৰু চহৰ পৰ্য্যায়ৰ জলবায়ু তথ্য পর্য্যবেক্ষণাগাৰগঢ়ি তুলিবলৈ (গ) জলবায়ু-তথ্য চালিত পৰিকল্পনাৰ সুবিধা প্ৰশস্তকৰণ, জলবায়ু কাৰ্য্য পৰিকল্পনা যুগুত আৰু (ঘ) পৌৰসভাৰ ব্যৱস্থাসমূহৰ সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হ’ব। এই লক্ষ্যসমূহত উপনীত হ’বলৈ এনআইইউএত পিএমইউয়ে ৰাজ্য চৰকাৰসমূহলৈ কাৰিকৰী সহায় আৰু কৌশলগত সহায়ৰ বাবে সমন্বয় সাধন কৰিব।

উপাংশ৩:তিনিওটা স্তৰ যথাকেন্দ্ৰ, ৰাজ্য আৰু চহৰত হস্তক্ষেপৰে প্ৰতিষ্ঠানিক সুদৃঢ়কৰণ, জ্ঞানৰ প্ৰসাৰ, অংশীদাৰিত্ব, সামৰ্থ্য গঢ়ি তোলা, গৱেষণা আৰু উন্নয়নৰ জৰিয়তে ভাৰতৰ নগৰাঞ্চলত জলবায়ু শাসনক অধিক আগুৱাই নিয়াৰ অৰ্থে সকলো ৰাজ্য আৰু চহৰতে ইয়াৰ বৰ্ধনত সহায় আগবঢ়োৱা হ’ব।

‘চিটিজ ২.০’য়ে ভাৰত চৰকাৰৰ জলবায়ু কাৰ্য্যসমূহৰ পৰিপূৰক হিচাপে ইয়াৰ অব্যাহত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমসমূহৰ জৰিয়তে (ৰাষ্ট্ৰীয় বহনক্ষম বাসস্থান অভিযান, অমৰুট ২.০, স্বচ্ছ ভাৰত অভিযান ২.০ আৰু স্মাৰ্ট চিটি মিছন)ৰলগতে ভাৰতৰ উদ্দেশ্যপ্ৰণোদিত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (INDC) আৰু কনফাৰেন্স অৱ পাৰ্টিজৰ (COP26)ৰ অংগীকাৰসমূহলৈ ইতিবাচক অৰিহণা যোগাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI will augment, create new jobs in India: World Bank

Media Coverage

AI will augment, create new jobs in India: World Bank
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi to visit Israel
February 24, 2026

At the invitation of the Prime Minister of Israel, H.E. Mr. Benjamin Netanyahu, Prime Minister Shri Narendra Modi will pay a State visit to Israel on February 25-26, 2026. This will be the second visit of Prime Minister to Israel.

During the visit, Prime Minister will meet Prime Minister of Israel, H.E. Mr. Benjamin Netanyahu. The two leaders will review the significant progress made in India - Israel Strategic Partnership, and discuss further opportunities in various areas of cooperation, including science and technology, innovation, defence and security, agriculture, water management, trade and economy, and people to people exchanges. The leaders are also expected to exchange perspectives on regional and global issues of mutual interest.

The Prime Minister will also call on H.E. Mr. Isaac Herzog, the President of Israel.

This visit will reaffirm the deep and long-standing strategic partnership between the two countries and will present an opportunity to review the common challenges as well as realign efforts towards achieving their shared vision for a robust partnership between two resilient democracies.