প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি জৈৱ প্ৰযুক্তি বিভাগৰ ‘উচ্চ কাৰ্যক্ষম জৈৱ নিৰ্মাণক প্ৰসাৰিত কৰিবলৈ বায়’ই৩ (অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগ)ৰ বাবে জৈৱ প্ৰযুক্তি নীতি’ৰ প্ৰস্তাৱত অনুমোদন জনায়।

বায়’ই৩ নীতিৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে - বিষয়ভিত্তিক ক্ষেত্ৰত গৱেষণা আৰু বিকাশ তথা উদ্যোগীকৰণৰ উদ্ভাৱন-চালিত সমৰ্থন। ই জৈৱ নিৰ্মাণ আৰু বায়’-এআই হাব আৰু বায়’ফাউণ্ড্ৰি স্থাপন কৰি প্ৰযুক্তি বিকাশ আৰু বাণিজ্যিকীকৰণ ত্বৰান্বিত কৰিব। সেউজ বৃদ্ধিৰ পুনৰুৎপাদনশীল জৈৱ অৰ্থনীতিৰ আৰ্হিক অগ্ৰাধিকাৰ দিয়াৰ সমান্তৰালকৈ এই নীতিয়ে ভাৰতৰ দক্ষ কৰ্মশক্তিৰ সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰিব আৰু নিয়োগ সৃষ্টি বৃদ্ধি কৰিব।

সামগ্ৰিকভাৱে এই নীতিয়ে চৰকাৰৰ ‘নেট জিৰ’ কাৰ্বন অৰ্থনীতি আৰু ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ৰ দৰে পদক্ষেপক আৰু অধিক শক্তিশালী কৰিব আৰু ‘বৃত্তাকাৰ জৈৱ অৰ্থনীতি’ক প্ৰসাৰিত কৰি ভাৰতক ‘সেউজ বৃদ্ধি’ৰ পথত আগবঢ়াটো ত্বৰান্বিত কৰিব। বায়’ই৩ নীতিয়ে ভৱিষ্যতক প্ৰসাৰিত কৰিব আৰু আগুৱাই নিব, যিটো বিশ্বজনীন প্ৰত্যাহ্বানৰ প্ৰতি অধিক দীৰ্ঘস্থায়ী, উদ্ভাৱনীমূলক আৰু সঁহাৰিজনক প্ৰতিক্ৰিয়াৰ সৈতে সম্পৰ্কযুক্ত। এই নীতিয়ে এখন উন্নত ভাৰতৰ বাবে জৈৱ-দৃষ্টিভংগী দাঙি ধৰে।

আমাৰ বৰ্তমানৰ যুগটো জীৱবিজ্ঞানৰ ঔদ্যোগীকৰণত বিনিয়োগ কৰাৰ এক সুযোগ্য সময় যাতে জলবায়ু পৰিৱৰ্তন প্ৰশমন, খাদ্য সুৰক্ষা আৰু মানৱ স্বাস্থ্যৰ দৰে কিছুমান জটিল সামাজিক সমস্যাৰ সমাধানৰ বাবে দীৰ্ঘস্থায়ী আৰু বৃত্তাকাৰ পদ্ধতিক প্ৰসাৰিত কৰিব পাৰি। জৈৱ-ভিত্তিক সামগ্ৰীৰ বিকাশৰ ক্ষেত্ৰত অত্যাধুনিক উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ আমাৰ দেশত এক শক্তিশালী জৈৱ-নিৰ্মাণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ।

উচ্চ কাৰ্যক্ষম জৈৱ নিৰ্মাণে ঔষধৰ পৰা আৰম্ভ কৰি সামগ্ৰীলৈকে সকলো উৎপাদন কৰা, কৃষি আৰু খাদ্যৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা, আৰু উন্নত জৈৱ প্ৰযুক্তিগত প্ৰক্ৰিয়াৰ সংহতিৰ জৰিয়তে জৈৱ-ভিত্তিক সামগ্ৰীৰ নিৰ্মাণক আগুৱাই নিয়াৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি, বায়’ই৩ নীতিয়ে তলত উল্লেখ কৰা কৌশলগত/বিষয়গত ক্ষেত্ৰসমূহত ব্যাপকভাৱে গুৰুত্ব দিব: উচ্চ মূল্যৰ জৈৱ-ভিত্তিক ৰাসায়নিক পদাৰ্থ, বায়’পলিমাৰ আৰু এনজাইম; স্মাৰ্ট প্ৰটিন আৰু কাৰ্যকৰী খাদ্য; নিখুঁত জৈৱ চিকিৎসা; জলবায়ু স্থিতিস্থাপক কৃষি; কাৰ্বন হ্ৰাস আৰু ইয়াৰ ব্যৱহাৰ; সাগৰীয় আৰু মহাকাশ গৱেষণা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nagaland gets its first natural gas supply via National Gas Grid

Media Coverage

Nagaland gets its first natural gas supply via National Gas Grid
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 আগষ্ট 2026
August 19, 2026

Defence to Diamonds: How PM Modi’s Vision Turned India into a Global Capability Hub