ৰে’ল কৰ্মচাৰীৰ অসাধাৰণ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১১,১৭২,২৪০ জন ৰে’ল কৰ্মচাৰীৰ বাবে ২০২৮.৫৭ কোটি টকাৰ ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি)লৈ অনুমোদন জনাইছে।

ট্ৰেক মেইণ্টেনাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেন, মিনিষ্ট্ৰিয়েল ষ্টাফ, আৰু গ্ৰুপ চিৰ অন্যান্য কৰ্মচাৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰে’লৱে কৰ্মচাৰীৰ মাজত এই ধনৰাশি বিতৰণ কৰা হ’ব। পিএলবিৰ পেমেণ্টে ৰে’লৱেৰ কৰ্মচাৰীসকলক ৰে’লৱেৰ সামগ্ৰিক প্ৰদৰ্শন বৃদ্ধিৰ বাবে প্ৰেৰণা যোগোৱাৰ বাবে এক উদগনি হিচাপে কাম কৰিব।

উল্লেখ্য যে প্ৰতি বছৰে দুৰ্গা পূজা/দুছেহৰা বন্ধৰ পূৰ্বে যোগ্য ৰে’ল কৰ্মচাৰীক প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি) প্ৰদান কৰা হয়। এই বছৰ প্ৰায় ১.১৭ লাখ চনদবিহীন বা নন-গেজেটেড ৰে’ল কৰ্মচাৰীক ৭৮ দিনৰ মজুৰিৰ সমতুল্য পিএলবি ধনৰাশি বিতৰণ কৰা হৈছে।

প্ৰতিজন যোগ্য ৰেল কৰ্মচাৰীক ৭৮ দিনৰ বাবে প্ৰদান কৰিবলগীয়া সৰ্বোচ্চ ধনৰাশি ১৭,৯৫১ টকা। এই ধনৰাশি ৰেলৱেৰ বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীৰ মাজত বিতৰণ কৰা হ’ব, য’ত ট্ৰেক মেইণ্টাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেন, মিনিষ্ট্ৰিয়েল ষ্টাফ, আৰু অন্যান্য গ্ৰুপ চি কৰ্মচাৰী আদি অন্তৰ্ভুক্ত কৰা হ’ব।

২০২৩-২০২৪ চনত ৰে’লৱেৰ প্ৰদৰ্শন অসাধাৰণ আছিল, য’ত ১৫৮৮ মিলিয়ন টন কাৰ্গো লোড আৰু প্ৰায় ৬.৭ বিলিয়ন যাত্ৰীৰ পৰিবহণৰ অভিলেখ সৃষ্টি হৈছিল।

এই অভিলেখ সৃষ্টি কৰাত কেইবাটাও কাৰকে অৰিহণা যোগাইছিল, য’ত ৰে’লৱেত চৰকাৰৰ অভিলেখ সৃষ্টিকাৰী মূলধনী ব্যয়ৰ ফলত আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি, কাৰ্য্যকৰী দক্ষতা বৃদ্ধি, আৰু উন্নত প্ৰযুক্তি গ্ৰহণ আদি আছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros

Media Coverage

Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 জুলাই 2026
July 02, 2026

Appreciation for India’s Inclusive Growth and Growing Global Footprint with the Modi Government