প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি, এখন নতুন কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি- পিএম শ্ৰী স্কুলছ (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া)ত অনুমোদন জনায়। ই হ'ব সমগ্ৰ দেশত ১৪৫০০ৰো অধিক বিদ্যালয়ৰ বিকাশৰ বাবে এখন নতুন আঁচনি, যিহেতু পিএম শ্ৰী স্কুলছে কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য/কেন্দ্ৰ শাসিত চৰকাৰ/স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত নিৰ্বাচিত বিদ্যালয়সমূহক শক্তিশালী কৰিব। পিএম শ্ৰী স্কুলছে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সকলো উপাদান প্ৰদৰ্শন কৰিব, আদৰ্শ বিদ্যালয় হিচাপে কাম কৰিব আৰু লগতে অন্য বিদ্যালয়সমূহক সিবিলাকৰ সমীপৱৰ্তী নেতৃত্বও প্ৰদান কৰিব। পিএম শ্ৰী স্কুলছে ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত বিকাশৰ বাবে মান সম্পন্ন শিক্ষা প্ৰদান কৰিব আৰু ২১শ শতিকাৰ প্ৰধান দক্ষতাৰে সুসজ্জিত সামগ্ৰিক আৰু সু-সংবদ্ধ ব্যক্তি সৃষ্টি আৰু প্ৰতিপালন কৰিবলৈ চেষ্টা চলাব।
পিএম শ্ৰী স্কুলছ আঁচনি (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া) এখন কেন্দ্ৰীয় পৃষ্ঠপোষকতা সম্পন্ন আঁচনি হিচাপে ৰূপায়িত হ'ব যাৰ মুঠ প্ৰকল্প ব্যয় ২৭৩৬০ কোটি টকা ধাৰ্য কৰা হৈছে, য'ত ২০২২-২৩ বৰ্ষৰ পৰা ২০২৬-২৭লৈ ১৮১২৮ কোটি টকাৰ এটা কেন্দ্ৰীয় অংশ থাকিব।
প্ৰধান বিশেষত্ব
- পিএম শ্ৰীয়ে এক সমতাপূৰ্ণ, সমাৱেশী আৰু আনন্দপূৰ্ণ স্কুলীয়া বাতাবৰণত উচ্চ মানৰ শিক্ষা প্ৰদান কৰিব যি বিভিন্ন পটভূমিৰ পৰা অহা, বিভিন্ন ভাষাৰ আৰু পৃথক শৈক্ষিক সামৰ্থ্য থকা শিশুসকলৰ যতন ল'ব আৰু এনইপি ২০২০ৰ দৃষ্টিভংগী অনুসৰি তেওঁলোকক তেওঁলোকৰ নিজা শিক্ষন প্ৰক্ৰিয়াৰ সক্ৰিয় অংশগ্ৰহণকাৰী কৰি তুলিব।
- পিএম শ্ৰী স্কুলছে মেণ্টৰশ্বিপ প্ৰদান কৰি অন্য বিদ্যালয়সমূহক তেওঁলোকৰ সংশ্লিষ্ট অঞ্চলত নেতৃত্ব দিব।
- পিএম শ্ৰী স্কুলছক গ্ৰীণ (সেউজ) স্কুল হিচাপে বিকশাই তোলা হ'ব, য'ত সৌৰ পেনেল আৰু এলইডি লাইট, প্ৰাকৃতিক খেতিৰে পুষ্টি বাগিচা, বৰ্জ ব্যৱস্থাপনা, প্লাষ্টিক মুক্ত, পানী সংৰক্ষণ আৰু ফচল সংগ্ৰহ, পৰিৱেশ ৰক্ষাৰ সৈতে সম্পৃক্ত পৰম্পৰা/কাৰ্যকলাপৰ অধ্যয়ন, জলবায়ু সম্পৰ্কীয় হেকাথন আৰু দীৰ্ঘস্থায়ী জীৱন শৈলী গ্ৰহণৰ বাবে সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰিব।
- এই বিদ্যালয়সমূহত আহৰণ কৰা বিদ্যা হ'ব অধিক অভিজ্ঞতা সম্পন্ন, সামগ্ৰিক, সমন্বিত, খেলা/পুতলা-ভিত্তিক (বিশেষকৈ প্ৰতিষ্ঠাৰ বছৰত) অনুসন্ধান-চালিত, আৱিস্কাৰ-কেন্দ্ৰিক, শিকাৰু-কেন্দ্ৰিক, আলোচনা-ভিত্তিক, স্থিতিস্থাপক আৰু উপভোগ্য।
- প্ৰতিটো শ্ৰেণীত প্ৰতিজন শিশুৰ শিক্ষণ ফলাফলৰ ওপৰত আলোকপাত কৰা হ'ব। প্ৰতিটো স্তৰত উপলব্ধিৰ ধাৰণাৰ ভিত্তিত মূল্যায়ন কৰা হ'ব আৰু প্ৰকৃত জীৱনৰ পৰিস্থিতিত জ্ঞানৰ প্ৰয়োগ নিৰূপণ কৰা হ'ব।
- পৰ্যাপ্ত সম্পদ অনুসৰি আৰু সিবিলাকৰ পৰ্যাপ্ততাৰ ভিত্তিত কাৰ্যকাৰিতা, যথাৰ্থতা, যথোপযুক্ততা, আৰু প্ৰতিটোৰে ব্যৱহাৰ তথা তেওঁলোকৰ প্ৰধান কাৰ্য সংকেতৰাজিৰ লগতে এই ক্ষেত্ৰত হোৱা ব্যৱধান প্ৰণালীবদ্ধ আৰু পৰিকল্পিত পদ্ধতিত পূৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব।
- নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ আৰু উন্নত সংস্থাপন উলিয়াবলৈ ছেক্টৰ স্কিল কাউঞ্চিল আৰু স্থানীয় উদ্যোগৰ সৈতে সম্পৰ্ক স্থাপন কৰা হ'ব।
- এটা স্কুল কোৱালিটি এছেছমেণ্ট ফ্ৰেমৱৰ্ক (এছকিউএএফ) বিকাশ কৰি থকা হৈছে, যাতে ফলাফলৰ জোখ ল'বলৈ প্ৰধান কাৰ্য সংকেতবোৰ নিৰ্দিষ্ট কৰিব পাৰি। নিয়মীয়াকৈ এই বিদ্যালয়সমূহৰ গুণাগুণ বিচাৰ কৰি আশা কৰা মান লাভ নিশ্চিত কৰা হ'ব।
পিএম শ্ৰী স্কুলছ (পিএম স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া)ৰ প্ৰধান বিশেষত্বসমূহ:
(ক) মানদণ্ড আৰু নৱোন্মেষণ (শিক্ষা-প্ৰাপ্তিক উন্নত কৰাৰ পৰিকল্পনা, সমগ্ৰ প্ৰগতি কাৰ্ড, অভিনৱ শিক্ষা শাস্ত্ৰ, ইনভেটিভ অধ্যাপনা, স্কুলবেগ বিহীন দিন, স্থানীয় কাৰিকৰৰ সৈতে ইন্টাৰ্ণশ্বিপ, ক্ষমতা নিৰ্মাণ আদি)
(খ) আৰটিই অধিনিয়মৰ জৰিয়তে লাভাৰ্থী উন্মুখ পাত্ৰ। এশ শতাংশ পিএম শ্ৰী স্কুলে বিজ্ঞান আৰু গণিতৰ কিট পাব।
(গ) বাৰ্ষিক স্কুল অনুদান (সামগ্ৰিক স্কুল অনুদান, গ্ৰন্থাগাৰ অনুদান, খেল অনুদান)
(ঘ) বাল্বটিকা আৰু মূল সাক্ষৰতা আৰু সংখ্যা জ্ঞানসহ প্ৰাৰম্ভিক বাল্যকালৰ যতন আৰু শিক্ষা
(ঙ) ছোৱালী আৰু চিডব্লিউএছএনৰ বাবে সুৰক্ষিত আৰু উপযুক্ত বুনিয়াদী আন্তঃগাঁথনিৰ ব্যৱস্থাসহ সমানতা আৰু সমাৱেশ।
(চ) ছাত্ৰৰ বাবে প্ৰস্তাৱিত বিষয়ৰ বাছনিত স্থিতিস্থাপকতাক উৎসাহিত কৰা।
(ছ) শিক্ষক আৰু ছাত্ৰৰ মাজত ভাষাৰ বাধা আঁতৰোৱাত টেকনিকেল হস্তক্ষেপৰ ব্যৱহাৰ কৰি মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে উৎসাহিত কৰা।
(জ) ডিজিটেল শিক্ষা শাস্ত্ৰৰ ব্যৱহাৰ কৰিবলৈ আইচিটি, স্মাৰ্ট ক্লাছৰুম আৰু ডিজিটেল লাইব্ৰেৰী। পিএম শ্ৰীৰ জৰিয়তে ১০০% স্কুলক আইচিটি, স্মাৰ্ট ক্লাছৰুম আৰু ডিজিটেল পদক্ষেপৰ জৰিয়তে কভাৰ কৰা হ'ব।
(ঝ) বৰ্তমানৰ আন্তঃগাঁথনিক শক্তিশালী কৰা।
(ঞ) ব্যাৱসায়িক হস্তক্ষেপ আৰু বিশেষকৈ স্থানীয় উদ্যোগৰ সৈতে ইন্টাৰ্ণশ্বিপ/উদ্যমিতাৰ সুযোগ বঢ়োৱা। বিকাশ পৰিকল্পনা/আশপাশৰ উদ্যোগৰ সৈতে দক্ষতাৰ জোখ আৰু সেই মতে পাঠ্যক্ৰম/পাঠচক্ৰ বিকশিত কৰা।
(ট) এই বিদ্যালয়সমূহক সকলো আধুনিক সুবিধাৰে বিকশিত কৰিবলৈ পৰিপূৰ্ণতা আধাৰিত দৃষ্টিভংগী প্ৰয়োগ কৰা হ'ব। সকলো বিদ্যালয়ক বিজ্ঞান গৱেষণাগাৰ, গ্ৰন্থাগাৰ, আইচিটি সুবিধা আৰু ভকেচনেল লেব আদি উপলব্ধ কৰোৱা হ'ব।
গ্ৰীণ স্কুল পদক্ষেপ
ইয়াৰ উপৰিও, এই যোজনাত স্কুলৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু সুবিধাৱলী নিৰ্মাণৰ বাবে বৰ্তমানৰ যোজনা/পঞ্চায়তীৰাজ সংস্থা/নগৰ স্থানীয় নিকায় আৰু সমুদায়িক অংশগ্ৰহণৰ সৈতে সমন্বয়ৰ পৰিকল্পনা কৰা হৈছে।
ৰূপায়ণৰ ৰণনীতি
পিএম শ্ৰী স্কুলক সমগ্ৰ শিক্ষা, কেভিএছ আৰু এনভিএছৰ বাবে উপলব্ধ বৰ্তমানৰ প্ৰশাসনিক আন্তঃগাঁথনিৰ মাধ্যমত বলৱৎ কৰা হ'ব। অন্য স্বায়ত্ব নিকায়ক আৱশ্যকতা অনুসৰি বিশেষ পৰিকল্পনাৰ আধাৰত অন্তৰ্ভুক্ত কৰা হ'ব।
এই স্কুলসমূহৰ প্ৰগতিৰ জোখমাখ কৰা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণত অহা প্ৰত্যাহ্বান বুজিবলৈ ইয়াক সবলভাৱে পৰ্যবেক্ষণ কৰা হ'ব।
বাছনিৰ প্ৰক্ৰিয়া:
পিএম শ্ৰী স্কুলৰ বাছনি চেলেঞ্জ মোডৰ মাধ্যমত কৰা হ'ব, য'ত বিভিন্ন স্কুলে অনুকৰণীয় স্কুল হ'বলৈ সাহায্য প্ৰাপ্ত কৰিবলৈ প্ৰতিযোগিতা কৰিব। স্কুলসমূহে অনলাইন পৰ্টেলত নিজে আবেদন কৰিব লাগিব। এই যোজনাৰ প্ৰথম দুবছৰত, এই পৰ্টেলক বছৰত চাৰিবাৰ, অৰ্থাৎ প্ৰতি তিনিমাহত এবাৰ খোলা হ'ব।
এনেকুৱা প্ৰাথমিক বিদ্যালয় (শ্ৰেণী ১-৫/১-৮) আৰু মাধ্যমিক/উচ্চ মাধ্যমিক বিদ্যালয় (শ্ৰেণী ১-১০/১-১২/৬-১০/৬-১২) যাৰ পৰিচালনা কেন্দ্ৰ/ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ চৰকাৰ/ইউডিআইএছই+ কোডযুক্ত স্থানীয় স্ব-চৰকাৰৰ দ্বাৰা কৰা হয় সিবিলাকৰ বাছনিৰ বাবে এই যোজনাৰ অধীনত বিচাৰ কৰা হ'ব। এই বাছনি নিশ্চিত সময়সীমাৰ ভিতৰত তিনিটা পৰ্যায়যুক্ত প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ'ব, যিবোৰ এনেকুৱা:-
পৰ্যায়-১: ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে সন্মতি প্ৰদানৰ ওপৰত হস্তাক্ষৰ কৰিব য'ত তেওঁলোকে এনইপিক সম্পূৰ্ণ ৰূপে বলৱৎ কৰাত সন্মতি দিব আৰু কেন্দ্ৰই এই স্কুলসমূহক সমৰ্থন দিবলৈ সংকল্প নিৰ্ধাৰণ কৰিব যাতে পিএম শ্ৰী স্কুলৰ ৰূপত নিৰ্দিষ্ট মানদণ্ডৰ ভৰষা পোৱা যায়।
পৰ্যায়-২: এই পৰ্যায়ত ইউডিআইএছই+ ডেটাৰ মাধ্যমত নিৰ্ধাৰিত ন্যূনতম বেঞ্চমাৰ্কৰ আধাৰত সেই স্কুলসমূহৰ সমষ্টি চিনাক্ত কৰা হ'ব যি পিএম শ্ৰী স্কুল হিচাপে বাছনিভুক্ত হোৱাৰ যোগ্য।
পৰ্যায়-৩: এই পৰ্যায় কিছুমান মানদণ্ড পূৰণ কৰিবলৈ প্ৰত্যাহ্বানৰ পদ্ধতিত আধাৰিত। ইয়াত স্কুলসমূহৰ ওপৰোক্ত পাত্ৰ সমষ্টিৰ পৰাই বিদ্যালয়ে প্ৰত্যাহ্বানৰ চৰ্ত সম্পূৰ্ণ কৰিবলৈ প্ৰতিদ্বন্দিতা কৰিব। এই চৰ্তৰ পূৰণক ৰাজ্য/কেভিএছ/জেএনভিৰ দ্বাৰা ভৌতিক নিৰিক্ষণৰ জৰিয়তে প্ৰমাণিত কৰা হ'ব।
স্কুলসমূহৰ দাবীৰ সত্যাপন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ/কেভিএছ/জেএনভিয়ে কৰিব আৰু স্কুলৰ তালিকা মন্ত্ৰালয়ক দিব।
সমগ্ৰ ভাৰতত মুঠ স্কুলৰ সংখ্যাৰ ওপৰৰ সীমাৰে প্ৰতিটো ব্লক/ইউএলবি অধিকতম দুখন স্কুল (এখন প্ৰাথমিক আৰু এখন মাধ্যমিক/উচ্চ মাধ্যমিক)ৰ বাছনি কৰা হ'ব। পিএম শ্ৰী স্কুলৰ বাছনি আৰু তত্বাৱধানৰ বাবে স্কুলৰ জিঅ'-টেগিং কৰা হ'ব। জিঅ'-টেগিং আৰু অন্য সম্বন্ধিত কাৰ্যৰ বাবে ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় অন্তৰীক্ষ অনুপ্ৰয়োগ আৰু ভূ-সূচনা বিজ্ঞান সংস্থা (বিআইএছএজি-এন)ৰ সেৱা লোৱা হ'ব। স্কুলৰ অন্তিম বাছনিৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হ'ব।
পিএম শ্ৰী স্কুলছৰ মানদণ্ডৰ আশ্বাস
১৷ এনইপি ২০২০ৰ প্ৰদৰ্শন
২৷ প্ৰত্যেক শিশুৰ বাবে শিক্ষা প্ৰাপ্তিৰ পৰিণামত বৃদ্ধি
৩৷ মধ্যম শ্ৰেণীৰ প্ৰত্যেক ছাত্ৰই অত্যাধুনিক আৰু ২১শ শতিকাৰ দক্ষতাৰে অৱগত/উন্মুখ
৪৷ মাধ্যমিক শ্ৰেণীৰ প্ৰত্যেক ছাত্ৰ কমেও এটা দক্ষতাৰে উত্তীৰ্ণ হয়
৫৷ প্ৰত্যেক শিশুৰ বাবে খেল, কলা, আইচিটি
৬৷ দীৰ্ঘস্থায়ী আৰু সেউজ বিদ্যালয়
৭৷ সহায় আৰু মাৰ্গদৰ্শনৰ বাবে প্ৰত্যেক বিদ্যালয়ে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰে সংযুক্ত
৮৷ প্ৰত্যেক বিদ্যালয় স্থানীয় উদ্যমশীল ইকো-ছিষ্টেমৰ সৈতে সংযুক্ত
৯৷ প্ৰত্যেক শিশুক মনোবৈজ্ঞানিক কল্যাণ আৰু কেৰিয়াৰৰ বাবে পৰামৰ্শ দিয়া হয়
১০৷ ছাত্ৰ ভাৰতৰ জ্ঞান আৰু ঐতিহ্যৰ সৈতে সংযুক্ত থাকিব; সভ্যতাৰ লোকাচাৰ আৰু ভাৰতৰ প্ৰমূল্যৰ ওপৰত গৌৰৱ কৰিব; বিশ্বত ভাৰতৰ যোগদানৰ বিষয়ে সজাগ হ'ব; সমাজ, জীৱ আৰু প্ৰকৃতিৰ প্ৰতি কৰ্তব্যৰ বাবে সজাগ থাকিব; কিছুমান ভাৰতীয় ভাষাত সংবাদ কৰাত সক্ষম হ'ব; সমাৱেশিতা, সমানতা আৰু অনৈক্যৰ মাজত ঐক্যৰ সন্মান কৰিব; আনৰ সেৱা কৰাৰ প্ৰেৰণা হ'ব আৰু 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ বাবে কাম কৰিবলৈ ইচ্ছুক হ'ব।
১১৷ চৰিত্ৰ গঠন, নাগৰিকতা প্ৰমূল্য, ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি মৌলিক কৰ্তব্য আৰু উত্তৰ দায়িত্ব
১২৷ এই স্কুলসমূহক শিশুৰ সৰ্বাংগীন বিকাশৰ ওপৰত মনোযোগ দি জীৱন্ত স্কুল হিচাপে বিকশিত কৰা হ'ব।
এই স্কুলসমূহক শিশুৰ সৰ্বাংগীন বিকাশৰ ওপৰত মনোযোগ দি জীৱন্ত স্কুল হিচাপে বিকশিত কৰা হ'ব।
লাভাৰ্থী:
যোজনাৰ জৰিয়তে ১৮ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ লাভ হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও পিএম শ্ৰী স্কুলৰ আশপাশৰ স্কুলসমূহতো পৰামৰ্শ আৰু সহযোগৰ মাধ্যমত প্ৰভাৱ পৰিব।


