৭৬,২০০ কোটি টকা ব্যয়সাপেক্ষ এই বন্দৰ সম্পূৰ্ণ গৈ উঠাৰ পিছত ই বিশ্বৰ শীৰ্ষ ১২ টা বন্দৰৰ ভিতৰত অন্যতম হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মহাৰাষ্ট্ৰৰ দাহানুৰ সমীপৰ ৱাধৱনত এক বৃহৎ তথা গুৰুত্বপূৰ্ণ বন্দৰ স্থাপনত অনুমোদন জনোৱা হৈছে। এই বন্দৰ নিৰ্মাণ প্ৰকল্পটো জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষ (জেএনপিএ) আৰু মহাৰাষ্ট্ৰ সামুদ্ৰিক ব’ৰ্ড (এমএমবি)ৰ দ্বাৰা সৃষ্টি কৰা এক এছপিভিৰ দ্বাৰা সম্পন্ন কৰা হ’ব, ইয়াত দুয়োটা কৰ্তৃপক্ষৰ অংশীদাৰীত্ব থাকিব ক্ৰমে ৭৪% আৰু ২৬%। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত বতৰ-অনুকূল গ্ৰীণফিল্ড ডীপ-ড্ৰাফ্ট মেজৰ বন্দৰ হিচাপে নিৰ্মাণ কৰা হ’ব এই বাধৱন বন্দৰ।

ভূমি অধিগ্ৰহণকে ধৰি এই প্ৰকল্পটোৰ মুঠ ব্যয় ৭৬,২২০ কোটি হ’ব বুলি ঠাৱৰ কৰা হৈছে। এই পৰিমাণে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি)ৰ জৰিয়তে মূল আন্তঃগাঁথনি, টাৰ্মিনেল, আৰু অন্যান্য বাণিজ্যিক আন্তঃগাঁথনিৰ বিকাশ সামৰি ল’ব। ইয়াৰ উপৰিও, কেবিনেটে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে স্থাপন কৰিবলগীয়া বন্দৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পথ সংযোগ, আৰু ৰে’ল নেটৱৰ্কৰ সৈতে ৰে’ল সংযোগ আৰু ৰে’লৱে মন্ত্ৰালয়ৰ আগন্তুক নিৰ্দিষ্ট মালবাহী ৰে’ল ক’ৰিডৰৰ বাবেও অনুমোদন জনায়।

এই বন্দৰটোত ১০০০ মিটাৰকৈ দৈৰ্ঘ্যৰ নটা কণ্টেইনাৰ টাৰ্মিনেল থাকিব, লগতে থাকিব এটা উপকূলীয় বাৰ্থকে ধৰি চাৰিটা বহুমুখী বাৰ্থ, চাৰিটা তৰল কাৰ্গো বাৰ্থ, এটা ৰো-ৰো বাৰ্থ, আৰু এটা ক’ষ্ট গাৰ্ড বাৰ্থো থাকিব। এই প্ৰকল্পত ১,৪৪৮ হেক্টৰ সাগৰীয় অঞ্চল পুনৰ উদ্ধাৰ কৰা, ১০.১৪ কিলোমিটাৰ দূৰত ব্ৰেকৱাটাৰ নিৰ্মাণ কৰা, আৰু কণ্টেইনাৰ আৰু কাৰ্গো ষ্ট’ৰেজ এলেকা বিকশিত কৰা কামো জড়িত হৈ আছে। উল্লেখ্য যে ইয়াৰ দ্বাৰা বছৰি ২৯৮ মিলিয়ন মেট্ৰিক টন (এমএমটি) ক্ষমতা সৃষ্টি কৰা হ’ব, য’ত প্ৰায় ২৩.২ মিলিয়ন টিইইউ (বিশ ফুটৰ সমতুল্য ইউনিট) কণ্টেইনাৰ হেণ্ডলিং ক্ষমতাকো সামৰি লোৱা হ’ব।

এই নতুন সামৰ্থ্যবোৰে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপৰ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি) আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (আইএনএছটিচি)ৰ জৰিয়তে আমদানি-ৰপ্তানি বাণিজ্য প্ৰবাহ (এক্সিম ট্ৰেড ফ্ল’)ক সমৰ্থন কৰিব। বিশ্বমানৰ সামুদ্ৰিক টাৰ্মিনেলৰ সুবিধাসমূহে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) লাভ কৰিব আৰু অত্যাধুনিক টাৰ্মিনেল স্থাপনৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব, যিটো প্ৰাচ্যৰ অন্তিম প্ৰান্ত, ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকা, আৰু আমেৰিকাৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহন পথসমূহত চলি থকা প্ৰধান প্ৰধান জাহাজসমূহক বাৰ্থৰ সুবিধা প্ৰদান কৰিব। তদুপৰি এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত বিশ্বজুৰি শীৰ্ষ দহটা বন্দৰৰ ভিতৰত অন্যতম হৈ পৰিব এই ৱাধৱন বন্দৰ।

পিএম গতি শক্তি কাৰ্যসূচীৰ মূল উদ্দেশ্যৰ সৈতে মিল থকা এই প্ৰকল্পটোৱে অধিক অৰ্থনৈতিক কাৰ্যকলাপ সংযোজন কৰিব আৰু লগতে প্ৰায় ১২ লাখ ব্যক্তিৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব, যাৰ ফলত স্থানীয় অৰ্থনীতিয়ে উদগনি লাভ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog
May 02, 2026

Prime Minister Shri Narendra Modi has congratulated Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog.

The Prime Minister noted that their rich experience and deep understanding of various issues will greatly strengthen policymaking. Shri Modi expressed confidence that their contributions will help drive innovation and growth across sectors. He also wished them a very productive and impactful tenure ahead.

The Prime Minister posted on X:

"Congratulations to Dr. R. Balasubramaniam Ji and Dr. Joram Aniya Ji on being appointed as Full-time Members of NITI Aayog. Their rich experience and deep understanding of various issues will greatly strengthen policy making. I am confident their contributions will help drive innovation and growth across sectors. Wishing them a very productive and impactful tenure ahead."