PM Modi to launch road, housing, water supply projects in Maharashtra’s Solapur
Major impetus to housing: PM Modi to lay foundation Stone of 30,000 houses under Pradhan Mantri Awas Yojana in Maharashtra

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মহাৰাষ্ট্ৰৰ ছোলাপুৰ ভ্ৰমণ কৰিব৷ তাত তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি কৰাৰ লগতে বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব৷

পথ যোগাযোগ আৰু সংযোগক প্ৰাধান্য দি প্ৰধানমন্ত্ৰীয়ে কাইলৈ ৰাষ্ট্ৰীয় ঘাইপথ-২১১ৰ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ-৫২) ছোলাপুৰ- তুলজাপুৰ- ওচমানবাদৰ চাৰিলেনযুক্ত অংশটো ৰাষ্ট্ৰলৈ উচৰ্গা কৰিব৷ ছোলাপুৰ-ওচমানবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেন অংশটোৱে ছোলাপুৰৰ সংযোগ ব্যৱস্থা উন্নীত কৰাৰ লগতে মহাৰাষ্ট্ৰৰ মাৰাথাৱাড়া অঞ্চলকো উপকৃত কৰিব৷

ছোলাপুৰ– তুলজাপুৰ– ওচমানবাদৰ চাৰিলেনযুক্ত অংশৰ পথৰ নক্সা

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩০,০০০টা ঘৰৰ আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ দ্বাৰা দৰিদ্ৰ গৃহহীন লোকসকল যেনে কাপোৰ বেচোঁতা, ৰিক্সাচালক, বয়ন কৰ্মী, বিড়ি কৰ্মী ইত্যাদি লোকসকল উপকৃত হ’ব৷ এই প্ৰকল্পৰ মুঠ ব্যয় হৈছে ১৮১১.৩৩ কোটি টকা৷ ইয়াৰে ৭৫০ কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সাহায্য হিচাপে প্ৰদান কৰিব৷

স্বচ্ছ ভাৰতৰ মহত্বক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছোলাপুৰত ভূগৰ্ভস্থ নৰ্দমা ব্যৱস্থা আৰু নৰ্দমা ব্যৱস্থাকৰণ কাৰখানা ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিব৷ ইয়াৰ দ্বাৰা চহৰখনত নৰ্দমাৰ ব্যৱস্থা উন্নীতকৰণ হোৱাৰ লগতে অনাময় ব্যৱস্থাৰো উন্নীতকৰণ হ’ব৷ ই বিদ্যমান ব্যৱস্থাক পুনঃপ্ৰতিষ্ঠাপিত কৰি অমৰুত অভিযানৰ অধীনত ট্ৰাংক ছিৱাৰ ব্যৱস্থাকো সংযোজিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে পানী যোগান আৰু নৰ্দমা ব্যৱস্থা উন্নীতকৰণ কৰাৰ বাবে ছোলাপুৰ স্মাৰ্ট চিটীৰ ক্ষেত্ৰভিত্তিক বিকাশ, উজনি বান্ধৰ পৰা ছোলাপুৰ চহৰলৈ খোৱা পানী যোগান বৃদ্ধি আৰু অমৰুত অভিযানৰ অধীনত ভূগৰ্ভস্থ নদৰ্মা ব্যৱস্থা কাৰ্যসূচীৰ অংশ হিচাপে যুটীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ স্মাৰ্ট চিটী অভিযানৰ অধীনত এই প্ৰকল্পৰ বাবে অনুমোদিত ব্যয় হৈছে ২৪৪ কোটি টকা৷ এই প্ৰকল্পৰ দ্বাৰা সেৱা যোগানৰ উত্তৰণ তথা প্ৰযুক্তি সম্বলিত ৰাজহুৱা স্বাস্থ্য সেৱাৰ উত্তৰণৰ জৰিয়তে নাগৰিকসকলৰ বাবে আধুনিক ফলাফল সৃষ্টি হ’ব বুলি আশা কৰা হৈছে৷

ইয়াৰোপৰি তেওঁ চহৰখনৰ উপস্থিত জনতাক সম্বোধি ভাষণ প্ৰদান কৰিব৷ চহৰখনলৈ প্ৰধানমন্ত্ৰীৰ এয়া দ্বিতীয়টো ভ্ৰমণ৷ ২০১৪ চনৰ ১৬ আগষ্টত তেওঁৰ প্ৰথমটো ভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপছৰ ৯ৰ অংশ ছোলাপুৰ-মহাৰাষ্ট্ৰ/কৰ্ণাটক সীমান্তৰ চাৰিলেনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৭৬৫ কেভি ছোলাপুৰ-ৰাইচুৰ শক্তি সংবহন লাইন ৰাষ্ট্ৰলৈ উচৰ্গা কৰিছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."