আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেষ্ঠ উদ্যোগপতি আৰু ব্যৱসায়িক নেতাৰে গঠিত ভাৰতমাৰ্কিন কূটনৈতিক সহযোগিতা ফৰামৰ বৰ্ড সদস্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

দিনটোৰ আৰম্ভণিতে অনুষ্ঠিত ইণ্ডিয়া লীডাৰশ্বিপ সন্মিলনৰ ফলাফলসমূহ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে৷ যোৱা চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা বিত্তীয় সংস্কাৰসমূহক ব্যৱসায়িক নেতাসকলে প্ৰশংসা কৰে৷ দ্ৰুত বিকশিত ভাৰতীয় অৰ্থনীতিত সৃষ্টি হোৱা সুযোগ ব্যৱহাৰ কৰিবলৈ ভাৰতৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰিব বুলি তেওঁলোকে আগ্ৰহ ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দুয়োখন ৰাষ্ট্ৰই অৰ্থনৈতিক সম্পৰ্কৰ জৰিয়তে অভূতপূৰ্বভাৱে লাভান্বিত হ’ব৷ ষ্টাৰ্ট–আপ, শক্তিখণ্ড, স্বাস্থ্যসেৱা আৰু ডিজিটেল প্ৰযুক্তিৰ দৰে নতুন ক্ষেত্ৰত সৃষ্টি হোৱা ব্যৱসায়িক সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ মাৰ্কিন কোম্পানীসমূহক উৎসাহিত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond