প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পহিলা নৱেম্বৰত গ্লাছগোত চিঅ'পি ২৬ বিশ্ব নেতৃবৃন্দৰ শীর্ষ সন্মিলনৰ কাষৰীয়াকৈ বৃটিছ প্রধানমন্ত্রী মিঃ বৰিছ জনছনৰ সৈতে বৈঠক কৰিছে।

 

জলবায়ু পৰিৱর্তনৰ প্রভাববিলাক হ্ৰাস কৰা আৰু তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ উদ্দেশ্যে সফলভাৱে চিঅ'পি২৬ আয়োজনত মিঃ জনছনে নেতৃত্ব দিয়া বাবে প্রধানমন্ত্রীয়ে তেওঁক অভিনন্দন জনাইছে। জলবায়ু পৰিৱর্তন প্রতিৰোধত আর্থিক সাহায্যৰ ব্যৱস্থাপনা, প্রযুক্তি উদ্ভাৱন, পৰিবেশবান্ধব হাইড্রোজেনৰ ব্যৱহাৰ, আন্তর্জাতিক সৌৰ জোঁট আৰু চিডিআৰআইৰ দৰে যৌথ উদ্যোগত পুনর্নবীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰৰ দৰে বিষয়ত বৃটেইনৰ সৈতে একেলগে কাম কৰাৰ বিষয়ে ভাৰতৰ অঙ্গীকাৰৰ কথা তেওঁ পুনর্ব্যক্ত কৰে।  

 

ব্যৱসায় বাণিজ্য, অর্থনীতি, মানুহৰ মাজত যোগাযোগ, স্বাস্থ্য, প্রতিৰক্ষা আৰু নিৰাপত্তাৰ দৰে বিভিন্ন বিষয়ত ২০৩০ চনৰ ভিতৰত যি ৰোডমেপ বাস্তবায়িত কৰাৰ পৰিকল্পনা কৰা হৈছিল, দুয়োজন নেতাই তাৰ পর্যালোচনা কৰে। মুক্ত বাণিজ্য চুক্তিক লৈ আলোচনা আৰম্ভ কৰাৰ বাবে যিবোৰ উদ্যোগ লোৱা হৈছে তাৰ বাবে বর্ধিত বাণিজ্যিক অংশিদাৰিত্বৰ বিষয়ে তেওঁলোকে সন্তোষ প্রকাশ কৰে। 

 

উভয় নেতাই আফগানিস্তান, সন্ত্রাসবাদ মোকাবিলা, ভাৰত-প্রশান্ত মহাসাগৰ অঞ্চল, সৰবৰাহ শৃঙ্খল শক্তিশালী কৰা আৰু কোভিড পৰৱর্তী সময়ত আন্তর্জাতিক অর্থনীতিৰ পুনৰুদ্ধাৰসহ আঞ্চলিক আৰু আন্তর্জাতিক নানা সমস্যাক লৈ আলোচনা কৰিছে।

 

শ্রী মোদীয়ে জনায় যে তেওঁ মিঃ জনছনক ভাৰতত স্বাগতম জনাবলৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi