India-ASEAN partnership may be just 25 years old. But, India’s ties with Southeast Asia stretch back more than two millennia: PM
India's free trade agreements in ASEAN region are its oldest and among the most ambitious anywhere, says the PM
Over six-million-strong Indian diaspora in ASEAN- rooted in diversity & steeped in dynamism - constitutes an extraordinary human bond: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল। 

এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যত

 নৰেন্দ্ৰ মোদী

আজি ১.২৫ কোটি ভাৰতীয়ই ১০ জন বিশেষ অতিথি – এচিয়ান দেশসমূহৰ নেতৃবৃন্দক ভাৰতৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত আমাৰ ৰাজধানী চহৰ নতুন দিল্লীত আদৰাৰ সন্মান লাভ কৰিব।

বৃহস্পতিবাৰে মোৰ এচিয়ান-ভাৰত অংশীদাৰিত্বৰ ২৫ বছৰ পূৰ্তি উপলক্ষে আয়োজিত সন্মিলনত এচিয়ান দেশসমূহৰ নেতাসকলক আদৰাৰ সৌভাগ্য হৈছিল।তেওঁলোকৰ উপস্থিতিয়ে এচিয়ান দেশসমূহৰ বাবে এক দৃষ্টান্তমূলক শুভবাৰ্তা বহন কৰিছে।তাৰ প্ৰতি সন্মান জনাই ভাৰতে এই শীতৰ ৰাতিপুৱা তেওঁলোকক বন্ধুত্বৰ উষ্ম আদৰণি জনাইছে।

এয়া কোনো সাধাৰণ অনুষ্ঠান নহয়। ই এচিয়ান দেশসমূহৰ ১.৬ বিলিয়ন মানুহ যি বিশ্বৰ মানৱ সম্প্ৰদায়ৰ চাৰিভাগৰ একাংশক প্ৰতিনিধিত্ব কৰে, তেওঁলোকৰ বাবে সহযোগিতা তথা বন্ধুত্বক গাঢ় কৰা এক ঐতিহাসিক অনুষ্ঠান।

এচিয়ান-ভাৰত অংশীদাৰিত্ব কোৱল ২৫ বছৰ পুৰণি হ’লেও দক্ষিণ-পূৱ এচিয়াৰ লগত ভাৰতৰ সম্পৰ্ক হাজাৰ বছৰ পুৰণি। ভাৰত আৰু দক্ষিণ-পূৱ এচিয়াৰ মাজত থকা বন্ধুত্ব, ধৰ্ম-সংস্কৃতি, বাণিজ্য, ভাষা-সাহিত্য আদি ক্ষেত্ৰত থকা বৈচিত্ৰ তথা সাদৃশ্যই আৰু ইয়াৰ সাধাৰণ জনতাৰ মাজত চিনাকি আপোন ভাৱে এই কথাকে সূচায়।  

আজিৰপৰা ৪০ বছৰৰ আগতে ভাৰতে নিজকে সমগ্ৰ বিশ্বৰ বাবে মুকলি কৰি দিছিল।আৰু শতিকাযুৰি থকা আপোন ভাৱৰ বাবে স্বাভাৱিকতে পূৱ প্ৰান্তত থকা দেশসমূহৰ লগত ভাৰতৰ বন্ধুত্ব গঢ়ি উঠিল।ভাৰত আৰু পূৱৰ দেশসমূহৰ মাজত এক নতুন সহযাত্ৰাৰ আৰম্ভ হ’ল। ভাৰতৰ প্ৰধান সহযোগী আৰু বজাৰসমূহ হ’ল এচিয়ান আৰু পূৱ এচিয়াৰ পৰা উত্তৰ আমেৰিকালৈকে দেশসমূহ।আৰু দক্ষিণ-পূৱ এচিয়া আৰু এচিয়ানৰ ভূমি তথা সাগৰীয় পথেৰে আমাৰ চুবুৰীয়া দেশসমূহ ‘পূৱলৈ চোৱা নীতি’ তথা যোৱা তিনি বছৰত আমাৰ ‘এক্ট ইষ্ট পলিচি’ৰ প্ৰধান আকৰ্ষণ হৈ পৰিছে।

ইতিমধ্যে ভাৰত আৰু এচিয়ান কূটনৈতিক সহযোগীত পৰিণত হৈছে। আমি ৩০ টা প্ৰক্ৰিয়াৰে এই সম্পৰ্কক আগবঢ়াই নিবলৈ যত্ন কৰিছো। প্ৰতিখন এচিয়ান দেশৰ লগত আমি ৰাজনৈতিক, অৰ্থনৈতিক আৰু সুৰক্ষা ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিছো।আমাৰ বাণিজ্য আৰু বিনিয়োগৰ মাত্ৰা কেইবাগুণো বৃদ্ধি পাইছে।এচিয়ান ভাৰতৰ চতুৰ্থ বৃহৎ বাণিজ্য সহযোগী।ভাৰতৰ ২০% বৰ্হি-বিনিয়োগ এচিয়ানত হয়।ভাৰতৰ মুক্ত বাণিজ্য চূক্তি এই অঞ্চলত আটাইতকৈ পুৰণি তথা উচ্চাকাংক্ষী।

বিমান পথসমূহৰ ক্ষীপ্ৰতাৰে বিকাশ সাধন কৰা হৈছে আৰু দক্ষিণ-পূৱ এচিয়াৰ লগত ঘাইপথেৰে সংযোগ কৰাৰ কাম অগ্ৰাধিকাৰ ভিত্তিত কৰি থকা হৈছে। ইয়াৰ ফলত দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহৰ ভিতৰতে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনৰো দ্ৰুতবিকাশ সম্ভৱ হৈছে আৰু আমাৰ মাজত মানৱীয় বান্ধোন দৃঢ় হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিখন এচিয়ান দেশৰ বিষয়ে তলত দিয়াধৰণে মতামত ব্যক্ত কৰেঃ 

থাইলেণ্ড

এচিয়ানৰ দেশসমূহৰ ভিতৰত থাইলেণ্ড ভাৰতৰ অন্যতম বাণিজ্যিক সহযোগী তথা গুৰুত্বপূৰ্ণ বিনিয়োগকাৰী। যোৱা দশকত ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সহযোগিতা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। যোৱা কেইবাবছৰ ধৰি ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সম্পৰ্কই বিকাশ লাভ কৰিছে।আমি দক্ষিণ আৰু দক্ষিণ-পূৱ এচিয়াৰ মাজত সম্পৰ্ক ৰাক্ষাকাৰী গুৰুত্বপূৰ্ণ আঞ্চলিক সহযোগী। আমি এচিয়ান, ইষ্ট এচিয়া ছামিট আৰু বিমষ্টেক, মেকং-গঙ্গা সহযোগিতা, এচিয়া কোপাৰেশ্যন ডায়লগ, আৰু ভাৰত মহাসাগৰ ৰিম সহযোগিতাৰ যোগেদিও জড়িত হৈ আছো।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনত কৰা ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক স্থাৱৰ কৰিলে। 

থাইলেণ্ডৰ মহান আৰু জনপ্ৰিয় ৰজা ভূমিবল আদুল্যাডেজৰ মৃত্যুত থাই ভাতৃ-ভগ্নীসকলৰ লগতে সমগ্ৰ ভাৰতেও শোক প্ৰকাশ কৰিছিল।থাইলেণ্ডৰ বৰ্তমানৰ ৰজা মাননীয় মহা বাজিৰালঙ্কৰ্ণ বোডিন্দ্ৰদেৱায়াৱৰঙ্কুনৰ শাসনকালত দেশখনত শান্তি আৰু প্ৰগতি বাহাল থকাৰ বাবে থাই ভাতৃ-ভগ্নীসকলৰ লগতে সমগ্ৰ ভাৰতেও প্ৰাৰ্থনা জনাইছে।  

ভিয়েটনাম

বিদেশী শাসনৰ পৰা নিজকে মুক্ত কৰিবলৈ কৰা স্বাধীনতা আন্দোলনকে ধৰি বিভিন্ন ঐতিহাসিক ক্ষেত্ৰত ভাৰত আৰু ভিয়েটনামৰ পুৰণি সম্পৰ্ক আছে। মহাত্মা গান্ধী আৰু হু চি মিনৰ দৰে নেতাই আমাক ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধ যুঁজিবলৈ শিকাইছিল।২০০৭ চনত প্ৰধানমন্ত্ৰী নাগুয়েন টান ডুঙৰ ভাৰত ভ্ৰমণৰ সময়ত আমি সহযোগিতাৰ চূক্তিত স্বাক্ষৰ কৰিছিলো। ২০১৬ চনত মোৰ ভিয়েটনাম ভ্ৰমণৰ সময়ত সেই সহযোগিতাৰ চূক্তি সংহত সহযোগিতাৰ চূক্তিলৈ ৰূপান্তৰিত হৈছে।

ভাৰত আৰু ভিয়েটনামৰ সম্পৰ্ক অৰ্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰত বৃদ্ধি পাইছে। যোৱা দহ বছৰৰ ভিতৰত ভাৰত আৰু ভিয়েটনামৰ দ্বিপাক্ষিক সম্পৰ্ক দহ গুণ বৃদ্ধি পাইছে। সুৰক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহযোগিতা স্থাপন হৈছে।

ম্যানমাৰ

ভাৰত আৰু ম্যানমাৰ প্ৰায় ১৬০০ কিলোমিটাৰ জুৰি ভূমিৰে আৰু সাগৰীয় সীমাৰে লগ লাগি আছে। আমাৰ দুয়োখন দেশৰ ধাৰ্মিক আৰু সাংস্কৃতিক পৰম্পৰা প্ৰায় একে আৰু দুয়োখন দেশৰ মাজত এক ঐতিহাসিক বৌদ্ধিক ঐতিহ্যই আত্মীয়তা বৃদ্ধি কৰিছে।স্বেডাগণ পগোডাই ইয়াৰ ঐতিহ্য বহন কৰিছে। ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগৰ সহযোগত বাগানত থকা আনন্দ মন্দিৰৰ পুনঃনিৰ্মাণে দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক বন্ধুত্বৰ কথাই সূচায়।

বৃটিছৰ শাসনকালত আমাৰ নেতাসকলে বন্ধুত্ব স্থাপন কৰিছিল। গান্ধীজীয়ে কেইবাবাৰো ম্যানমাৰ ভ্ৰমণ কৰিছিল।বাল গঙ্গাধৰ তিলকে কেইবাবছৰ ধৰি য়ঙ্গুনত আছিল।নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতৰ স্বাধীনতাৰ বাবে কৰা আহ্বানে ম্যানমাৰৰ বহুজনকে কঁপাই তুলিবলৈ সক্ষম হৈছিল।

আমাৰ দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক যোৱা দহ বছৰত দুগুণতকৈও অধিক হৈছে। বিনিয়োগ বৃদ্ধি পাইছে। ভাৰত আৰু ম্যানমাৰৰ মাজত ১.৭৩ বিলিয়ন ডলাৰৰ উন্নয়নমূলক চূক্তি স্বাক্ষৰিত হৈছে।ভাৰত আৰু ম্যানমাৰৰ মাজত স্বচ্ছ উন্নয়নমূলক চূক্তিৰ ফলত ম্যানমাৰৰ দেশীয় আঁচনি আৰু এচিয়ানৰ লগত যোগাযোগৰ ক্ষেত্ৰত মূল আঁচনিৰ মাজত এক সামঞ্জস্য ৰক্ষা হৈছে।

ছিংগাপুৰ

অঞ্চলটোৰ লগত ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত ছিংগাপুৰ এখন ঐতিহাসিক খিৰিকীস্বৰূপ যাৰ জৰিয়তে বৰ্তমানৰ প্ৰগতি আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা লক্ষ্য কৰিব পৰা যায়।ভাৰত আৰু এচিয়ানৰ মাজত ছিংগাপুৰে এখন সাঁকোৰ দৰে কাম কৰি আছে।

আজি ছিংগাপুৰ আমাৰ বাবে পূবৰ দুৱাৰ, আমাৰ নেতৃস্থানীয় অৰ্থনৈতিক সহযোগী আৰু বহুকেইটা বিশ্বমানৰ মঞ্চত আমাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক সহযোগী।

আমাৰ ৰাজনৈতিক সম্পৰ্ক সদ্ভাৱ, আদৰ আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।সুৰক্ষা ক্ষেত্ৰত আমাৰ সহযোগিতাই দুয়োখন দেশকে শক্তিশালী কৰিছে।

আমাৰ অৰ্থনৈতিক সম্পৰ্কই দুয়োখন দেশৰ পাৰস্পৰিক আগ্ৰহক অগ্ৰাধিকাৰ দি আহিছে।ছিংগাপুৰ ভাৰতৰ বাবে বিনিয়োগৰ উৎস।

হাজাৰ হাজাৰ ভাৰতীয় কোম্পানী ছিংগাপুৰত পঞ্জীয়নভূক্ত হৈ আছে।

১৬ খন ভাৰতীয় চহৰৰ পৰা প্ৰত্যেক সপ্তাহত ছিংগাপুৰলৈ ২৪০ খনতকৈও অধিক বিমান চলাচল কৰে।ছিংগাপুৰৰ পৰ্যটকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত তৃতীয় স্থানত আছে।

ফিলিপাইন

প্ৰায় দুমাহৰ আগতে মই অতি সন্তুষ্টিৰে ফিলিপাইন ভ্ৰমণ কৰিলো।এচিয়ান-ভাৰত, ইষ্ট এচিয়ান আদি ছামিটসমূহত উপস্থিত থকাৰ উপৰিও মই ৰাষ্ট্ৰপতি ডুটেৰ্টেক লগ কৰাৰ সুবিধা পালো আৰু আমি দুয়োখন দেশৰ মাজত সমস্যাবিহীন এক উষ্ম সম্পৰ্কক আগুৱাই লৈ যোৱাৰ বিষয়ে বিশদ আলোচনা কৰিছিলো। আমৰ বাণিজ্যিক সহযোগিতাই সুন্দৰ ভৱিষ্যতৰ প্ৰতিশ্ৰুতি বহন কৰিছে।   

মই ৰাষ্ট্ৰপতি ডুটেৰ্টেৰ লগত দুৰ্নীতিৰ বিৰুদ্ধে একেলগে যুঁজ দি সংহত উন্নয়ন সম্ভৱ কৰি তোলাৰ বিষয়েও কথা পাতিছিলো। সাৰ্বজনীন পৰিচয় পত্ৰ, সকলোৰে বাবে বেংকিঙৰ সুবিধা উপলব্ধ কৰা, পোনপটীয়াকৈ ধন হস্তান্তৰৰ সুবিধা, নগদবিহীন লেন-দেন প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতাৰ বিষয়েও কথা পাতিছিলো।ফিলিপাইনৰ চৰকাৰে সুলভ দৰত ঔষধ উপলব্ধ কৰাত মনোযোগ দিছে আৰু আমি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আগ্ৰহী।মুম্বাইতে হওক বা মাৰাৱীতে হওক, সন্ত্ৰাসবাদৰ কোনো সীমা নাই। আমি উমৈহতীয়া প্ৰত্যাহ্বানসমূহ একেলগ হৈ নিৰ্মূল কৰাৰ পক্ষপাতী।  

মালায়েচিয়া

যোৱা কেইবাবছৰ ধৰি ভাৰত আৰু মালায়েচিয়াৰ মাজৰ সম্পৰ্কই বহু ক্ষেত্ৰত বিকাশ লাভ কৰিছে। ভাৰত আৰু মালায়েচিয়াই বহুপাক্ষিক আৰু আঞ্চলিক ক্ষেত্ৰত ৰাজনৈতিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। ২০১৭ চনত মালায়েচিয়াৰ প্ৰধানমন্ত্ৰীয়ে কৰা ভাৰত ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক প্ৰভাৱিত কৰিছে।

এচিয়ান দেশসমূহৰ ভিতৰত মালায়েচিয়া ভাৰতৰ বাবে তৃতীয় বৃহৎ বাণিজ্যিক সহযোগীত পৰিণত হৈছে। আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক যোৱা দহ বছৰত দুগুণতকৈও অধিক হৈছে। ২০১১ চনৰ পৰাই ভাৰত আৰু মালায়েচিয়াৰ মাজত সংহত অৰ্থনৈতিক সহযোগিতা চূক্তি কাৰ্যকৰী হৈ আছে।

ব্ৰুনেই

ভাৰত আৰু ব্ৰুনেইৰ মাজত যোৱা দশকত দ্বিপাক্ষিক সহযোগিতা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ভাৰত আৰু ব্ৰুনেই একেসময়তে ৰাষ্ট্ৰসংঘ, নাম, কমনৱেল্থ, এ আৰ এফ আদিৰ সহযোগী সদস্য আৰু উন্নয়নশীল দেশ হিচাপে দুয়োখন দেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উমৈহতীয়া আগ্ৰহ জড়িত শক্তিশালী সাংস্কৃতিক সম্পৰ্ক আছে।ব্ৰুনেইৰ চুলতানে ২০০৮ চনৰ মে’ মাহত কৰা ভাৰত ভ্ৰমণে ভাৰত আৰু ব্ৰুনেইৰ মাজৰ সম্পৰ্কৰ আধাৰ সৃষ্টি কৰিছিল। ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে ২০১৬ চনৰ ফেব্ৰুৱাৰীত ব্ৰুনেই ভ্ৰমণ কৰিছিল।

লাও পি ডি আৰ

যোৱা কেইবাবছৰ ধৰি ভাৰত আৰু লাও পি ডি আৰৰ মাজৰ সম্পৰ্কই বহু ক্ষেত্ৰত বিকাশ লাভ কৰিছে।লাও পি ডি আৰৰ কৃষি আৰু শক্তি পৰিৱহণৰ ক্ষেত্ৰত ভাৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। আজি ভাৰত আৰু লাও পি ডি আৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কেইবাটাও কেইবাপক্ষীয় সম্পৰ্কৰে সম্পৰ্কিত।

ভাৰত আৰু লাও পি ডি আৰৰ মাজত বাণিজ্যিক সম্পৰ্ক বৰ বেছি শক্তিশালী নহলেও ভাৰতে লাও পি ডি আৰৰ পৰা বস্তু ভাৰতলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত কৰবিহীন ব্যৱস্থা স্থাপন কৰিছে। আমি বাণিজ্য সেৱা ক্ষেত্ৰত বহুখিনি সুবিধা আগবাঢ়াব পাৰো যিয়ে লাও পি ডি আৰৰ অৰ্থনীতি সবল কৰাত অৰিহণা যোগাব। এচিয়ান-ভাৰত সেৱা আৰু বিনিয়োগ চূক্তি ৰূপায়িত হলে আমাৰ বাণিজ্য সেৱা উপলব্ধ কৰিব পৰা যাব। 

ইণ্ডোনেচিয়া

৯০ মাইল ধৰি ভাৰত মহাসাগৰে নিলগত ৰাখিলেও ভাৰত আৰু ইণ্ডোনচিয়াৰ সভ্যতাই দুহেজাৰ বছৰতকৈও অধিক কাল ধৰি এক সম্পৰ্ক ৰক্ষা কৰি আহিছে।

উৰিষ্যাত অনুষ্ঠিত হোৱা বাৰ্ষিক বালিযাত্ৰাই হওক বা ৰামায়ণ বা মহাভাৰতৰ কিংবদন্তীসমূহৰদ্বাৰাই হওক, এচিয়াৰ দুখন বৃহৎ গণতন্ত্ৰৰ মাজত এক বিশেষ চুবুৰীয়া বান্ধোন সদায়ে বিৰাজমান। 

বৈচিত্ৰৰ মাজত ঐক্য দুয়োখন দেশৰে উমৈহতীয়া বৈশিষ্ট্য। আজি ৰাজনৈতিক বন্ধু হিচাপেও আমাৰ সম্পৰ্ক কেইবাটাও ক্ষেত্ৰধৰি বিস্তৃত। এচিয়ান দেশসমূহৰ ভিতৰত ইণ্ডোনচিয়া আমাৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ আহিছে।ভাৰত আৰু ইণ্ডোনচিয়াৰ মাজত যোৱা দহ বছৰত দ্বিপাক্ষিক সম্পৰ্ক ২.৫ গুণ বৃদ্ধি পাইছে।

ভাৰতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ২০১৬ চনত দীৰ্ঘম্যাদী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

কম্বোদিয়া

ভাৰত আৰু কম্বোদিয়াৰ পৰম্পৰাগত আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বহু পুৰণি। আংকোৰ ৱাট মন্দিৰৰ গঠনে আমাৰ দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক, ধাৰ্মিক আৰু সাংস্কৃতিক সম্পৰ্ককেই প্ৰতিনিধিত্ব কৰে।১৯৮৬-১৯৯৩ ৰ জটিল সময়ছোৱাত ভাৰতে আংকোৰ ৱাট মন্দিৰৰ পুনঃনিৰ্মাণৰ কাম কৰিবলৈ পাই গৌৰৱান্বিত। বৰ্তমানে চলি থকা টা-প্ৰহম মন্দিৰৰ পুনঃনিৰ্মাণৰ কামৰদ্বাৰা ভাৰতে সহযোগিতা অবিৰত ৰাখিছে।  

খামেৰ ৰাগৰ শাসনৰ পতনৰ পিছত ভাৰতেই প্ৰথম ১৯৮১ চনত নতুন চৰকাৰক স্বীকৃতি দিছিল।ভাৰত ১৯৯১ চনত চূড়ান্ত হোৱা পেৰিছ শান্তি চূক্তিৰো সহযোগী আছিল। এই সাংস্কৃতিক বন্ধুত্বই আমাৰ মাজত নিয়মিত উচ্চ-পৰ্যায়ৰ ভ্ৰমণৰ যোগেদি সম্পৰ্কক আধিক শক্তিশালী কৰাত সহায় কৰিছে।আমি আমাৰ সহযোগিতা আনুষ্ঠানিক সামৰ্থৰ বিকাশ, মানৱ সম্পদৰ উন্নয়ন, সামাজিক প্ৰকল্পৰ উন্নয়ন, সাংস্কৃতিক বিনিময়, সুৰক্ষা, ব্যক্তিগত যোগাযোগ, পৰ্যটন আদি বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিছো।

এচিয়ানৰ প্ৰসঙ্গত আৰু আন বহুকেইটা বিশ্বমানৰ মঞ্চত কম্বোদিয়া ভাৰতৰ সহযোগী অংশীদাৰ। ভাৰতে কম্বোদিয়াৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সহযোগী হৈ থাকিবলৈ দৃঢ়প্ৰতিজ্ঞ।   

আৰু, এচিয়ান আৰু ভাৰতে বহুখিনি কৰিছে। ইষ্ট-এচিয়া ছামিট, এ ডি এম এম প্লাছ, এ আৰ এফ আদি এচিয়ান নেতৃত্বাধীন প্ৰতিষ্ঠানে আমাৰ ইয়াত শান্তি আৰু স্থিৰতা বৃদ্ধিত সহায় কৰিছে। মুঠ ১৬ টা অংশীদাৰীৰ দৰেই সংহত, সামঞ্জস্যপূৰ্ণ আৰু সঠিক চূক্তিৰ আশাত ভাৰতেও আঞ্চলিক সংহত অৰ্থনৈতিক সহযোগিতাৰ চূক্তিত আগ্ৰহেৰে অংশ গ্ৰহণ কৰিছে।

সহযোগিতাৰ শক্তি কেৱল সংখ্যাৰে বুজাব নোৱাৰি, এচিয়ান-ভাৰত সহযোগিতা সকলোধৰণৰ প্ৰতিযোগিতা আৰু দাৱীৰ পৰা মুক্ত। ভৱিষ্যতৰ বাবে আমাৰ সপোন একে। আকাৰ আকৃতি নিৰ্বিশেষে আমি সকলো দেশৰ সমান প্ৰগতি, সংহত উন্নয়ন কামনা কৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত পৰস্পৰৰ প্ৰতি সহায় সহযোগ আগবঢ়োৱাত আগ্ৰহী।

এচিয়ান-ভাৰত সহযোগিতা আগুৱাই গৈ থাকিব। জনসংখ্যা, গতিশীলতা, চাহিদা আৰু দ্ৰুতগতিত বুজন হৈ উঠা অৰ্থনীতিৰ বাবে এচিয়ান আৰু ভাৰতৰ সহযোগিতা অধিক শক্তিশালী হ’ব। যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ ফলত বাণিজ্যৰ বিকাশ হ’ব। ভাৰতত সহযোগিতা আৰু প্ৰতিযোগিতাৰ পৰিৱেশ বৃদ্ধি হোৱাৰ ফলত আমাৰ দেশে দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহৰ লগত উৎপাদনক্ষম সহযোগিতা বৃ্দ্ধিত অধিক মনোযোগ দিবই লাগিব। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল হৈ দক্ষিণ-পূৱ এচিয়াৰ লগত যোগাযোগ ব্যৱস্থা উন্নত কৰিলে সকলো দেশৰেই প্ৰগতিৰ গতি ক্ষীপ্ৰতৰ হ’ব।ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলে এচিয়ান-ভাৰত সহযোগিতাৰ ক্ষেত্ৰত এখন দলঙৰ কাম কৰিব।    

প্ৰধানমন্ত্ৰী হিচাপে মই চাৰিখন বাৰ্ষিক এচিয়ান-ভাৰত সন্মিলন আৰু পূৱ-এচিয় সন্মিলনত উপস্থিত আছো। ইয়াৰ ফলত এচিয়ান একতা, কেন্দ্ৰীয়তা তথা নেতৃত্ব সম্পৰ্কে মোৰ বিশ্বাস অধিক দৃঢ় হৈছে।

এই বছৰটো আমাৰ বাবে মাইলৰ খুঁটিস্বৰূপ। যোৱা বছৰ ভাৰতে ৭০ বছৰত ভৰি দিলে। এচিয়ানে ৫০ বছৰীয়া সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে।আমি আত্মবিশ্বাসেৰে আৰু যোগাত্মক দৃষ্টিভংগীৰে আমাৰ সহযোগিতাৰ ভৱিষ্যত আশা কৰিব পাৰো। 

৭০ বছৰত ভৰি দি ভাৰতে ইয়াৰ যুৱ প্ৰজন্মৰ উৎসাহ, উদ্যোগী মনোভাৱ আৰু শক্তিৰ পৰিচয় দিছে। বিশ্বৰ ভিতৰতে ক্ষীপ্ৰতম গতিৰে আগবঢ়া অৰ্থনীতি ভাৰতে বিশ্ব অৰ্থনীতিৰ বাবে সুবিধাৰ দুৱাৰ মুকলি কৰি দিছে।প্ৰতিদিনে ইয়াত ব্যৱসায় কৰা সহজ হৈ আহি আছে। মই আশাবাদী যে আমাৰ বন্ধু হিচাপে এচিয়ান দেশসমূহে পৰিৱৰ্তিত এই নতুন ভাৰতৰ অংশীদাৰ হ’ব।

আমি এচিয়ানৰ প্ৰগতিক সন্মান জানাওঁ। দক্ষিণ-পূৱ এচিয়া যেতিয়া এখন যুদ্ধক্ষেত্ৰত পৰিণত হৈছিল আৰু অঞ্চলটোত সকলো দিশৰ পৰাই অনিশ্চয়তাই দেখা দিছিল, সেই সময়ত জন্ম লৈ এচিয়ানে ১০ খন দেশ একেলগ কৰি উমৈহতীয়া লক্ষ্যৰে ভৱিষ্যত গঢ়িবলৈ আগবাঢ়ি আহিল। আমাৰ উচ্চাকাংক্ষা পুহি ৰাখি আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি নগৰীকৰণলৈকে, বহনক্ষম কৃষিৰ পৰা স্বাস্থ্যকৰ পৃথিৱী গঢ়ি তোলালৈকে সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষমতা আছে। আমি ডিজিটেল প্ৰযুক্তি, উদ্ভাৱন তথা যোগাযোগৰ শক্তি ব্যৱহাৰ কৰি দৃষ্টান্তমূলক গতিৰে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰো।

আশাৰ ভৱিষ্যত গঢ়িবলৈ শান্তিৰ ভেটি এটাৰ অতি প্ৰয়োজন। এয়া পৰিৱৰ্তনৰ সময়।এচিয়ান আৰু ভাৰতত অপাৰ সম্ভাৱনীয়তা লুকাই আছে – অস্থিৰতা আৰু অনিশ্চয়তা আঁতৰাই ভাৱিষ্যতৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে বহুখিনি দায়িত্ব আছে।

ভাৰতীয়সকলে সূৰ্যোদয় তথা সুবিধাসমূহৰ আলোকপান কৰিবলৈ সদায়ে পূৱলৈ চাই আহিছে। এতিয়াও আগৰদৰেই পূৱদিশে, অথবা ভাৰত-প্ৰশান্ত সাগৰীয় অঞ্চলেই ভাৰতৰ ভৱিষ্যত অথবা আমাৰ সকলোৰে ভাগ্য নিয়ন্ত্ৰণ কৰি আছে।এচিয়ান-ভাৰত সহযোগিতাই দুয়োক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।আৰু দিল্লীত এচিয়ান আৰু ভাৰতে সহযাত্ৰাৰ শপত বাক্যক পুনৰ দোহাৰিলে। 

প্ৰধানমন্ত্ৰীৰ প্ৰৱন্ধটোৰ সম্পূৰ্ণ লিখিত ৰূপ তলৰ লিংকসমূহত উপলব্ধ আছেঃ

https://www.bangkokpost.com/opinion/opinion/1402226/asean-india-shared-values-and-a-common-destiny

 

https://vietnamnews.vn/opinion/421836/asean-india-shared-values-common-destiny.html#31stC7owkGF6dvfw.97

 

https://www.businesstimes.com.sg/opinion/asean-india-shared-values-common-destiny

 

https://www.globalnewlightofmyanmar.com/asean-india-shared-values-common-destiny/

 

https://www.thejakartapost.com/news/2018/01/26/69th-republic-day-india-asean-india-shared-values-common-destiny.html

 

https://www.mizzima.com/news-opinion/asean-india-shared-values-common-destiny

 

https://www.straitstimes.com/opinion/shared-values-common-destiny

 

https://news.mb.com.ph/2018/01/26/asean-india-shared-values-common-destiny/

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India jumps to a joint second place as a preferred investment destination for global CEOs: PwC Global CEO survey

Media Coverage

India jumps to a joint second place as a preferred investment destination for global CEOs: PwC Global CEO survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves equity support to Small Industries Development Bank of India
January 21, 2026
Flow of credit to MSMEs will increase as SIDBI will be able to generate additional resources at competitive rates
Approximately 25.74 lakh new MSME beneficiaries will be added

The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi has approved the equity support of Rs.5,000 crore to Small Industries Development Bank of India (SIDBI).

The equity capital of Rs.5000 crore shall be infused into SIDBI by the Department of Financial Services (DFS) in three tranches of Rs.3,000 crore in Financial year 2025-26 at the book value of Rs.568.65/- as on 31.03.2025 and Rs.1,000 crore each in Financial Year 2026-27 and Financial year 2027-28 at the book value as on 31st March of the respective previous financial year.

Impact:

Post equity capital infusion of Rs.5000 crore, number of MSMEs to be provided financial assistance is expected to increase from 76.26 lakh at the end of Financial Year 2025 to 102 lakhs (approximately 25.74 lakh new MSME beneficiaries will be added) by the end of Financial Year 2028. As per latest data (as on 30.09.2025) available from official website of M/o MSME, 30.16 crore employment is generated by 6.90 crore MSMEs (i.e. employment generation of 4.37 persons per MSME). Considering this average, employment generation is estimated to be 1.12 crore with the expected addition of 25.74 lakh new MSME beneficiaries by the end of Financial Year 2027-28.

Background:

With a focus on directed credit and anticipated growth in that portfolio over the next five years, the risk-weighted assets on SIDBI’s balance sheet are expected to rise significantly. This increase will necessitate higher capital to sustain the same level of Capital to Risk-weighted Assets Ratio (CRAR). The digital and digitally-enabled collateral-free credit products being developed by SIDBI, aimed at boosting credit flow, along with the venture debt being offered to start-ups, will further escalate the risk-weighted assets, requiring even more capital to meet healthy CRAR.

A healthy CRAR, well above the mandated level, is a key to protect credit rating. SIDBI will benefit from an infusion of additional share capital by maintaining a healthy CRAR. This infusion of additional capital would enable SIDBI to generate resources at fair interest rates, thereby increasing the flow of credit to Micro, Small & Medium Enterprises (MSMEs) at competitive cost. The proposed equity infusion in staggered or phased manner will enable SIDBI to maintain CRAR above 10.50% under high stress scenario and above 14.50% under Pillar 1 and Pillar 2 over next three years.