বাপু আৰু মুক্তি যুঁজাৰুসকলৰ প্ৰতি ‘ভকেল ফৰ লোকেল’ এটি অত্যুত্তম শ্ৰদ্ধাঞ্জলি বুলি প্ৰধানমন্ত্ৰীয়ে কয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ‘পদযাত্ৰা’ (মুক্তি সমদল)ৰ ফ্লেগ অফ কৰে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজিৰ অমৃত মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে সবৰমতী আশ্ৰমৰপৰা, যি স্থানৰপৰাই দাণ্ডী যাত্ৰাও আৰম্ভ হৈছিল। ভাৰতৰ জনসাধাৰণৰ মাজত গৌৰৱ আৰু আত্মনিৰ্ভৰতাৰ উদ্দীপনা গভীৰতৰ কৰাত এই যাত্ৰাৰ এটা মূল ভূমিকা আছে। বাপু আৰু আমাৰ মহান মুক্তি যুঁজাৰুসকলৰ প্ৰতি ‘ভকেল ফৰ লোকেল’ এটি অত্যুত্তম শ্ৰদ্ধাঞ্জলি হ’ব।

যিকোনো থলুৱা পণ্য ক্ৰয় কৰক আৰু ‘ভকেল ফৰ লোকেল’ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এখন আলোকচিত্ৰ প’ষ্ট কৰক। সবৰমতী আশ্ৰমৰ মগন নিবাসৰ সমীপত এটি যঁতৰ সংস্থাপিত কৰা হ’ব। ই আত্মনিৰ্ভৰতাৰ সৈতে সম্পৰ্কীয় প্ৰতিটো টুইটৰে সম্পূৰ্ণ এপাক ঘূৰিব। ইয়ো হ’ব জনতাৰ আন্দোলনৰ বাবে এটা অনুঘটক।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance