৫০০ বছৰৰ পাছত এই পবিত্ৰ মুহূৰ্তটো আহিছে ৰামভক্তৰ অগণন আৰু নিৰন্তৰ ত্যাগ আৰু তপস্যাৰ অন্ততঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাবাসী আৰু সমগ্ৰ দেশবাসীলৈ ভব্য আৰু ঐশ্বৰিক দীপোৎসৱ উদযাপন উপলক্ষে উষ্ম অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে ভগৱান শ্ৰীৰামৰ পবিত্ৰ জন্মস্থান অযোধ্যাত অনুষ্ঠিত অনুষ্ঠিত এই আলোক উৎসৱক লৈ আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰি কয়, “আচৰিত, অতুলনীয় আৰু কল্পনাতীত!

অযোধ্যাবাসীলৈ ভব্য আৰু ঐশ্বৰিক দীপোৎসৱৰ বাবে অশেষ অভিনন্দন জনালোঁ! লাখ লাখ বন্তিয়ে আলোকিত ৰাম লালাৰ পৱিত্ৰ জন্মস্থানত এই জ্যোতিপর্বই সকলোকে আৱেগিক কৰি তুলিব৷ অযোধ্যা ধামৰ পৰা নিৰ্গত এই পোহৰৰ ৰশ্মিয়ে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক নতুন উৎসাহ আৰু নতুন শক্তিৰে ভৰাই তুলিব। ভগৱান শ্ৰী ৰামে সকলো দেশবাসীক সুখ, সমৃদ্ধি আৰু সফল জীৱনৰ আশীৰ্বাদ কৰক।

জয় শ্ৰী ৰাম!”

 

 

এই দীপাৱলীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ লগতে কয়

“দিব্য অযোধ্যা!

মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰী ৰামক তেওঁৰ ভব্য মন্দিৰত অভিষেক কৰাৰ পিছত এয়া প্ৰথম দীপাৱলী। অযোধ্যাৰ শ্ৰী ৰামলালাৰ মন্দিৰৰ এই অনন্য সৌন্দৰ্য্যই সকলোকে আপ্লুত কৰিব। ৫০০ বছৰৰ পাছত এই পবিত্ৰ মুহূৰ্তটো অগণন ত্যাগ আৰু ৰামভক্তৰ নিৰন্তৰ ত্যাগ আৰু তপস্যাৰ অন্তত আহিছে। আমাৰ সৌভাগ্য যে আমি সকলোৱে এই ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈছো। মই বিশ্বাস কৰোঁ যে ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ আদৰ্শ দেশবাসীৰ বাবে উন্নত ভাৰতৰ সংকল্প সাধনৰ প্ৰেৰণা হৈ থাকিব।

জয় ছিয়া ৰাম!”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership